Logo
image

কিড্‌নী ষ্ট’নত এইবোৰ ফলৰ ৰস উপকাৰী

কিডনী ষ্ট’ন এক গুৰুতৰ ৰোগ৷ বহু মানুহৰ শৰীৰত এই ৰোগে দেখা দিয়ে৷ অপাৰেছন কৰাৰ আগতে থলুৱাভাৱে উৎপাদিত পাঁচবিধ ফলৰ দ্বাৰা তৈয়াৰ কৰা চৰ্বতেই কিড্‌নীৰ সমস্যা নাইকিয়া কৰিব বুলি পুষ্টিবিদসকলে জনাইছে৷ বহুক্ষেত্ৰত দেখা যায় সাধাৰণ মানুহৰ এই ৰোগত আক্ৰান্ত হ’লে কি কৰিব কি নকৰিব তাৰ একো উৱাদিহ নাপায়৷ পাত্থৰ যদি সৰু হৈ থাকে তেন্তে ডায়েটৰ মাধ্যমেৰে এই সমস্যা সহজে সমাধান কৰিব পাৰি৷ ডায়েটৰ মাধ্যমেৰে কিদৰে কিড্‌নীৰ পাত্থৰ নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে ডায়েটিছিয়ান ঈশানী গাংগুলীয়ে সমিধান দিছে৷ উল্লেখ্য আমাৰ শৰীৰত কিড্‌নীয়ে চেকনিৰ দৰে কাম কৰে৷ প্ৰস্ৰাৱৰ মাধ্যমেৰে শৰীৰৰ অপকাৰী পদাৰ্থ বাহিৰ হৈ যায়৷ দেখা গৈছে অনেক সময়ত নানান কাৰণত কিডনীত কিছু খনিজ পদাৰ্থ জমা হয়৷ প্ৰথমে ই ক্ষুদ্ৰ আকাৰে থাকে৷ ক্ৰমশঃ এই আকাৰ বৃদ্ধি পায়৷ তাৰ পৰাই সৃষ্টি হয় কিড্‌নী পাত্থৰ বা ষ্টোন৷ টেঙাজাতীয় ফল কিড্‌নী ৰোগৰ কাৰণে বিশেষ উপকাৰী৷ দেখা গৈছে এই ফলৰ দ্বাৰা তৈয়াৰ কৰা চৰ্বতত ছাইট্ৰিক এচিড থাকে৷ যি কিড্‌নীত খনিজ পদাৰ্থ জমা হোৱাত বাধা দিয়ে৷ সেইদৰে এনেধৰণৰ পাঁচবিধ ফলৰ দ্বাৰা তৈয়াৰী পানীয়ই কিড্‌নীৰ ষ্টোনক দূৰতে বিদূৰ কৰে৷ 



[১] মধুৰী: ডায়েটিছিয়ান ঈশানী গাংগুলীয়ে সদৰি কৰিছে যে মধুৰীৰ চৰ্বতৰ দ্বাৰা খুব সহজেই কিড্‌নীৰ পাত্থৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ মধুৰীত  বহু পৰিমাণে ভিটামিন চি থাকে৷ এই ভিটামিনে কিড্‌নী ষ্টোন হোৱাত বিশেষভাৱে বাধা দিয়ে৷ তদুপৰি মধুৰীত এণ্টি অক্সিডেণ্ট পোৱা যায়৷ 

[২] বিলাহী : বিলাহীত অনেক পৰিমাণে বিটা কেৰ’টিন পোৱা যায়৷ তদুপৰি এইবিধ  খাদ্য সামগ্ৰীত থাকে ভিটামিন চি৷ এই সকলো মিলি কিড্‌নীত ষ্টোন হোৱাত বাধা জন্মায়৷

[৩] মৌচুমী : ৰসাল ফল হিচাপে গোটেই বছৰটোতে মৌচুমী পোৱা যায়৷ মৌচুমীত থাকে ভিটামিন চিকে ধৰি বহুধৰণৰ ভিটামিন, পটাছিয়াম আৰু নানানবিধ শৰীৰৰ বাবে উপকাৰী খনিজ পদাৰ্থ৷ এই ভিটামিনে শৰীৰত পাত্থৰ সৃষ্টি হোৱাত বিশেষভাৱে বাধা দিয়ে৷

[৪] কমলা : শীতকালৰ ফল কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ ভিটামিন চিৰ উপৰিও এণ্টি অক্সিডেণ্ট উপলব্ধ হোৱাৰ বাবে কিডনী ষ্টোনৰ সমস্যা নাইকীয়া কৰে৷ 

[৫] নেমু : সাধাৰণতে থলুৱাভাৱে উৎপাদিত কাজিনেমু, গোলনেমুত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে৷ এই ভিটামিনে কিড্‌নীত ক্ষতি কৰিব পৰা খনিজ পদাৰ্থ জমা হোৱাত বিশেষভাৱে বাধা দিয়ে৷