Logo
image

মুখ্যমন্ত্ৰীৰ দাবী,অসমত সোমাব পৰা নাই এজনো বাংলাদেশী

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ আগষ্ট : বাংলাদেশৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি হাজাৰ হাজাৰ লোকে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বাংলাদেশৰ সংখ্যালঘু নাগৰিকক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ লগতে সংবাদ মাধ্যমৰ আগতো বাংলাদেশৰ শেহতীয়া ঘটনা ৰাজিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে৷ অসমৰ সীমাৰ ভিতৰত এজনো বাংলাদেশীক সোমাবলৈ নিদিও বুলি মন্তব্য কৰি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘অসমৰ সীমা সুৰক্ষিত হৈ আছে৷ সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই৷ অনুমতিও দিয়া হোৱা নাই৷ বাংলাদেশতে যাতে হিন্দু লোকসকলক নিৰাপদে থাকে তাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় কাম কৰিব৷  ভাৰত-বাংলাদেশ সীমান্ত আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে৷ আজিৰ দিনত যদি কাৰোবাৰ হাতত ভাৰতৰ পাছপ’ৰ্ট নাথাকে তেন্তে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে৷ সেইবাবে আমাৰ সূতাৰকান্দি নাইবা মানকাচৰেই হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছো৷ অসমৰ পৰা পঢ়িবলৈ যোৱা এজন-দুজন শিক্ষাৰ্থী উভতি আহিছে৷ পাছপ’ৰ্ট আৰু অফিচিয়েল ভিছা দেখুৱাব পৰা এজন-দুজন অসমলৈ আহিছে৷ তাৰ বাহিৰে কোনো লোকক অসম বা ভাৰতলৈ আহিব দিব লাগে বুলি ভাৰত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই৷ বৰং ভাৰত চৰকাৰে সীমাক সম্পূৰ্ণৰূপে চীল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে৷ বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনে লোৱাৰ বাবে ভাৰত চৰকাৰে ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব৷ যাতে বাংলাদেশত সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰা নহয়৷ বাংলাদেশৰ ২০-৩০জন লোকক ভাৰতত ৰখাটো সমাধান নহয়৷

সমাধান হ’ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দিয়া৷ এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে৷ যিধৰণে যেনেকৈ প্ৰয়োজন সেইধৰণে ভাৰত চৰকাৰে ইয়াৰ সমাধান কৰিব৷ এই বিষয়টো মিডিয়াত বহুত বেছি চৰ্চা কৰি লাভ নাই৷ কাৰণ, আমি ইয়াত যিমান কথা পাতিম তাৰ এটা নেতিবাচক প্ৰভাৱ বাংদেশত পৰিব আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ’ব৷ গতিকে ভাৰত চৰকাৰে আমাক নিৰ্দেশ দিছে যে এইখিনি সময়ত খুব কম কথা ক’ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব৷’ ইফালে বুধবাৰে নিশাও ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ প্ৰসংগত কয়–‘বাংলাদেশৰ ঘটনাই মোৰ বাৰে বাৰে মনত পেলাইছে যে, অসমৰ ১২খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো৷ আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে৷ সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো৷ সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অ-বৈজ্ঞানিক যুঁজ আমি কৰিবও নিবিচাৰো৷ সংখ্যালঘু হোৱা মানেই কি আমি আমাৰ ধৰ্মৰ পবিত্ৰতাকো এৰিব লাগিব নেকি? বাংলাদেশৰ ঘটনাই মনটো ব্যথিত কৰি ৰাখিছে৷ সীমান্ত যাতে সুৰক্ষিত হৈ থাকে আৰু কোনো যাতে অসমলৈ আহিব নোৱাৰে, তাৰ বাবে অসম আৰক্ষী আৰু বি এছ এফে নিৰন্তৰ পহৰা দি আছে৷ অৱশ্যে বাংলাদেশত থকা অসমৰ শিক্ষাৰ্থীসকলক ওভতাই অনা হৈছে৷ সীমান্ত সুৰক্ষিত কৰাটো মোৰ সাংবিধানিক দায়িত্ব৷ কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ কথা৷ ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত দেখা পাই আছো৷ বাংলাদেশৰ হিন্দু লোকসকলক ৰচীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে অত্যাচাৰ হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে৷ ধৰ্ম নিৰপেৰক্ষতাকে জীৱনৰ ব্ৰত হিচাপে লোৱা বাংলাদেশ কমিউনিষ্ট পাৰ্টীৰ এজন হিন্দু নেতাকো হত্যা কৰা হৈছে৷ অৱশ্যে কথাবোৰ কিমান সঁচা আৰু কিমান মিছা মই নাজানো৷ সকলো কথাই যাতে মিছা হয়, তাৰেই কামনা কৰো৷

যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে, ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান, তেতিয়াই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়৷ ঋকবেদে কৈছিল, সত্য এটাই কিন্তু সেই পথত যোৱা ৰাস্তা বহুতো৷ বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে, সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে৷ বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিম৷ সীমা আমি সুৰক্ষিত ৰাখিম৷ সীমাৰ ভিতৰলৈ আমি কাকো আহিবলৈ নিদিও৷ কাৰণ সেইটো সাংবিধানিক দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰিম৷’