Logo
image

টিকট দিলে বিজেপিয়ে, কিন্তু প্ৰতিদ্বন্দ্বিতা নকৰে দুই প্ৰাৰ্থীয়ে

'আমাৰ অসম’ ২০ মাৰ্চঃ বংগৰ পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম পৰ্যায়ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শনিবাৰে ১৪৮জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ এই প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে ঠায়ে ঠায়ে প্ৰতিবাদ আৰম্ভ হয়৷ বহু প্ৰাৰ্থীয়ে মনে নিবিচৰা সমষ্টিত টিকট লাভ কৰে৷ কিন্তু বিজেপিয়ে টিকট দিয়া দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰাত দলটো বিমোৰত পৰিছে৷ দলৰ পুৰণি নেতাক দূৰলৈ ঠেলি তৃণমূল কংগ্ৰেছৰ পৰা অহা লোকক জধেমধে প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ ফল পাইছে বিজেপিয়ে৷ বৃহস্পতিবাৰে বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত দুজন আছিল তৰুণ সাহা আৰু শিখা মিত্ৰ৷ তৰুণ সাহাক কাশীপুৰ-বেলগাচিয়া আসনত আৰু শিখা মিত্ৰক চৌৰিংগী আসনত টিকট দিছিল বিজেপিয়ে৷ তৰুণ সাহা হৈছে কাশীপুৰ-বেলগাচিয়া বিধানসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ সদ্যবিদায়ী বিধায়ক মালা সাহাৰ স্বামী৷ আনহাতে, শিখা মিত্ৰ হৈছে বংগ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত সোমেন মিত্ৰৰ পত্নী৷ দুয়োৰে নাম বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতে দুয়ো ‘ইউ টাৰ্ন’ লয় আৰু প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে৷ দুয়ো সদায় নিজ নিজ দলতে থাকিব বুলি ঘোষণা কৰি বিজেপিক বিমোৰত পেলায়৷  শিখা মিত্ৰই বিজেপি নেতা শুভেন্দু অধিকাৰীৰ সৈতে যোৱা সপ্তাহত আলোচনা কৰিছিল আৰু বিজেপিলৈ যাব বুলি চৰ্চা চলিছিল৷ কিন্তু শেষ মুহূৰ্তত তেওঁ ‘ইউ টাৰ্ন’ লয়৷