হিম’গ্লবিন কমিলে খালী পেটতে মিছিৰি খাওক
চেনিৰ বিকল্প হিচাপে মিছিৰি ব্যৱহাৰ কৰিব পাৰে৷ বিশেষকৈ ডায়েবেটিছত আক্ৰান্ত লোকে মিছিৰি খাব পাৰে৷ পুৱাই খালী পেটতে মিছিৰি পানী খালে পেট পৰিষ্কাৰ হোৱাৰ উপৰি চৰ্দি-কাহ আদিৰ পৰা উপশম পাব পাৰি৷
মিছিৰি কিদৰে খাব –
১) কাহ-চৰ্দিত উপকাৰী : কাহ-চৰ্দি আদিত আক্ৰান্ত হ’লে মিছিৰি ঘিউৰ সৈতে মিলাই খাব লাগে৷ আনহাতে অলপ কুহুমীয়া পানীত কেইটুকুৰামান মিছিৰিৰ লগতে জলকীয়াৰ গুৰি মিহলাই খালে কাহ-চৰ্দিৰ পৰা সোনকালে উপশম পাব পাৰি৷ গাখীৰৰ সৈতে মিছিৰি খালেও বহু উপকাৰ পোৱা যায় ৷
২) হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰে : শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে ৰক্তহীনতাৰ লগতে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ হোৱাৰ উপৰি ভাগৰ লগা, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ এনে সমস্যাৰ সৃষ্টি হ’লে নিয়মীয়াকৈ মিছিৰি খালে হিম’গ্লবিনৰ মাত্ৰা অটুট থাকে আৰু ৰক্ত সঞ্চালন ঠিকে থাকে ৷
৩) সহজতে খাদ্য হজম : মিছিৰি খালে খাদ্য সহজে হজম হয় ৷
৪) এনাৰ্জি বুষ্টাৰ : নিয়মীয়াকৈ মিছিৰি খালে শৰীৰৰ শক্তি বৃদ্ধি পায়৷ সেয়ে মিছিৰিক এনাৰ্জি বুষ্টাৰ বুলি কোৱা হয় ৷
৫) নাকৰ পৰা তেজ ওলোৱাত বাধা দিয়ে : নাকৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাত ভোগে বিভিন্ন বয়সৰ লোক৷ মিছিৰি পানী নিয়মীয়াকৈ খালে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয় ৷
৬) শুক্ৰাণু বৃদ্ধি পায় : মিছিৰি খালে শুক্ৰাণু উন্নত হয় ৷
পুৱাই মিছিৰি পানী খোৱাৰ অভ্যাস কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷