Logo
image

অসমে বাংলাদেশীৰ বোজা নলয়ঃ প্ৰয়োজন হ'লে ৰাজপথত নামিব 'আছু'

'আমাৰ অসম'ৰ দক্ষিণ কামৰূপৰ প্ৰতিনিধি, ৯ আগষ্টঃ "মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজে সংস্থাপিত হোৱাৰ কথা নাভাবি, নিজৰ লগতে আন দহ জনক কেনেকৈ সংস্থাপিত কৰিব তেনে  কথাহে ভাবিব লাগে। মেধাৱী ছাত্ৰ-ছাত্ৰীসকল সামাজিক দায়বদ্ধ হ'ব লাগে।" এই আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। শুকুৰবাৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আছুৰ সভাপতি উৎপল শৰ্মাই ভাষণত শ্ৰমৰ মৰ্যদাক আগত লৈ আগুৱাই যোৱাৰ আহ্বান জনায়৷ 



আনহাতে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত আছু নেতাগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে বাংলাদেশত বাৰে বাৰে গৃহ যুদ্ধ হ'ব আৰু অসমে বাৰে বাৰে বাংলাদেশী সংস্থাপন দি থাকিব এয়া কোনোপধ্যেই মানি লোৱা নহ'ব৷ বাংলাদেশৰ ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰি বাংলাদেশৰ সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায়। তেওঁ লগতে কয় যে ত্ৰিপুৰাত যেনেদৰে খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হৈছে অসমতো তেনে পৰিবেশ নহ'ব বুলি ক'ব নোৱাৰি। কেচুৱাই নকন্দাকৈ যেনেকৈ গাখীৰ খাবলৈ নাপায়, ঠিক তেনেকৈ অসমেও আন্দোলন নকৰাকৈয়ে একো নাপায় বুলি উল্লেখ কৰি শৰ্মাই কয় যে অসমত অবৈধ বাংলাদেশীৰ বোজা জাপি দিলে আছু ৰাজপথত নামিবলৈ বাধ্য হ'ব। আনহাতে এইখন চৰকাৰৰ ওপৰত অকণো বিশ্বাস নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰ্মাই। 

ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত প্ৰায় দুই শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া, অধ্যাপক উপেন ডেকা, আছুৰ শিক্ষা সম্পাদক টুটুমনি কলিতা, আছু নেতা পংকজ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷