Logo
image

‘বান জেহাদ’ৰ বাবেই গুৱাহাটীত জলপ্ৰলয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৮ আগষ্ট:  ‘মইতো ভাবোঁ ইউএছটিএমৰ মালিকে এটা জেহাদেই আৰম্ভ কৰিছে৷ লেণ্ড জেহাদ, ফ্লাড জেহাদ আৰম্ভ কৰিছে অসমত৷ নহ’লে ইমান নিৰ্দয়ভাৱে কোনেও পাহাৰ কাটিব নোৱাৰে৷ কোনো প্ৰকৃতিক ভাল পোৱা মানুহে, বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ পাহাৰ কাটিব নোৱাৰে৷’ – এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ গুৱাহাটীৰ শেহতীয়া কৃত্ৰিম বানৰ প্ৰসংগত খানাপাৰাত মেঘালয়ৰ অংশত থকা শৈক্ষিক প্ৰতিষ্ঠান ইউএছটিএমক পুনৰ জগৰীয়া কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি এনেদৰে মন্তব্য কৰি কয়– ‘এয়া ইউএছটিএমৰ মালিকৰ জেহাদ ‘বান জেহাদ’ৰ বাবেই গুৱাহাটীত বুলিয়েই মই ভাবো৷ নহ’লে ইউএছটিএমৰ মালিকে আৰ্কিটেক্ট মাতি গছ-গছনি ৰাখিও বিশ্ববিদ্যালয়, মেডিকেল কলেজখন পাতিব পাৰিলে হয়৷ গছ-গছনিৰ সৈতে আশ্ৰমৰ দৰে বিশ্ববিদ্যালয়খন পাতিব পাৰিলোহেঁতেন৷ কিন্তু ইয়াকে নকৰি ইউএছটিএমৰ মালিকে বুলডজাৰ লগাই ধাৰাষাৰ মাটি কাটিছে৷ ইউএছটিএমত যদি গুৱাহাটীৰ ল’ৰা-ছোৱালীয়ে যদি পঢ়া বাদ দিয়ে, গুৱাহাটীৰ অধ্যাপক-অধ্যাপিকাই তালৈ যোৱা বাদ দিয়ে তেন্তে গুৱাহাটীৰ কৃত্ৰিম বান খতম হৈ যাব৷ বিশ্ববিদ্যালয়খন বনাইছে মেঘালয়ত, ব্যৱসায় কৰিছে অসমৰ ওপৰত৷ ইউএছটিএমত মেঘালয়ৰ ১০ শতাংশ ষ্টুডেণ্টয়েও নপঢ়ে৷ তিনি বছৰ আগত বিশ্ববিদ্যালয়খনলৈ গৈ মই আচৰিত হৈছিলো৷ যোৱা দুবছৰত আৰু পাহাৰ বগৰাই দিলে৷ ছেটেলাইট ছবিত ধৰা পৰিছে ২০০৪ পৰা ২০২৪ ভিতৰত ইউএছটিএমে কেনেদৰে মেঘালয়ৰ পাহাৰ ধবংস কৰিছে৷ এই ছবি মই সামাজিক মাধ্যমত আপলোড কৰিছো৷ এতিয়া কি কব ইউএছটিএমৰ মালিকে৷ মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমালৈও মই চিঠি লিখিছো৷ আজি এই প্ৰসংগত তেওঁক লগো কৰিম৷ কালি সোণাপুৰলৈ যাতে হঠাৎ মইয়ো যোৰাবাটত পানী পাইছো৷ পূৰ্বতে কেতিয়াও এনে হোৱা নাছিল৷ ইউএছটিএমৰ পানী নামি অহাৰ বাবেই এনে হৈছে৷ গুৱাহাটীৰ নাগৰিকৰ প্ৰতিনিধিক ইউএছটিএমে বিশ্ববিদ্যালয়খনৰ চৌহদত কি কৰিছে চাবলৈ অনুমতি দিয়ক৷ এক প্ৰকাৰে ইউএছটিএমে বৃহৎ পাহাৰ এখন নাঙঠ কৰি পেলাইছে৷ ইউএছটিএমত আমাৰ ল’ৰা-ছোৱালীয়ে নপঢ়িলেই বিল্ডিং খালী পৰি ৰ’ব, পুনৰ গছ গজিব৷ আমি অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগিব৷’ উল্লেখ্য যে, গুৱাহাটীৰ শেহতীয়াকৈ কৃত্ৰিম বানৰ বাবে ইউএছটিএমক জগৰীয়া কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা তিনি দিনত তৃতীয়বাৰৰ বাবে বক্তব্য ৰাখিছে৷ তেওঁ মন্তব্য কৰিছিল যে মেঘালয়ত ইউএছটিএম স্থাপনত অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল৷ অৱশ্যে কালি মেঘালয়ৰ ইউএছটিএমৰ আচাৰ্য তথা স্বত্বাধিকাৰী মেহবুবুল হকে মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীক হয়তো কোনোবাই ইউএছটিএমৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হোৱা বুলি ভুলকৈ বুজাইছে৷ ইউএছটিমএমে সকলো নীতি নিয়ম মানিহে কাম কৰিছে৷ বিশ্ববিদ্যালয়খনৰ নিজা পানী সংৰক্ষণৰ ব্যৱস্থা আছে আৰু বৃহৎ গাৰ্ড ৱাল নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ বাবে কামো কৰি আছে৷ বিশ্ববিদ্যালয়ৰ পানী যাতে বাহিৰলৈ ওলাই নাযায়, ইয়াৰ সুব্যৱস্থা কৰা হ’ব৷




কি কৰা যায়? ৰাইজৰ পৰামৰ্শ বিচাৰিলে সিংঘালৰ বিভাগে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক: এজাক বৰষুণতেই এতিয়া সাগৰসদৃশ পৰিৱেশৰ ৰূপ লৈছে গুৱাহাটী মহানগৰীয়ে৷ বৰষুণ দিলেই গুৱাহাটীবাসীয়ে ঘৰৰ ভিতৰতে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ কিয়নো এজাক বৰষুণ দিলেই মহানগৰীত ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হোৱাই নহয়, ঠায়ে ঠায়ে নাগৰিক বাসগৃহৰ ভিতৰতো একঁকালপৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে৷ আনকি কৃত্ৰিম বানৰ বাবে জি এছ ৰোডত ১২-১৩ ঘণ্টা পৰ্যন্ত সাধাৰণ লোক জলবন্দী হৈ পৰাৰো ঘটনা সংঘটিত হৈছে৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে হোৱা যানজঁটত আবদ্ধ হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো৷ বিগত প্ৰায় জ্জ্ব বছৰ ধৰি বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ক্ষমতাত থাকিও এতিয়া কৃত্ৰিম বানৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে নগৰ উন্নয়ন দপ্তৰৰ ১১ বিভাগীয় মন্ত্ৰীজনে মহানগৰীৰ বান পৰিস্থিতিৰ বাবে যোৰাবাটৰ ইউএছটিএম নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনকহে জগৰীয়া কৰিছে৷ অথচ বিগত সময়ছোৱাত শৈক্ষিক প্ৰতিষ্ঠানখনৰ বিভিন্ন কাম-কাজত অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলো জড়িত হৈ পৰা দেখা গৈছে৷ অৱশ্যে কৃত্ৰিম বান সমস্যা সমাধানত ব্যৰ্থ মন্ত্ৰী অশোক সিংঘালৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগে বান প্ৰতিৰোধৰ বাবে গুৱাহাটীবাসী ৰাইজৰ পৰা বিচাৰিছে পৰামৰ্শ৷ আনকি বিভাগীয় মন্ত্ৰীজনৰ নিৰ্দেশত ৰাইজৰ পৰা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ পৰামৰ্শ বিচাৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে  ই-মেইল আইডি৷ এই সন্দৰ্ভত মহানগৰ জিলা প্ৰশাসনে এটা বিবৃতিত সদৰী কৰিছে যে– গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বানপানীৰ বাবে নাগৰিকৰ জীৱন বিপৰ্যপ্ত হৈছে৷ এনে প্ৰেক্ষাপটত বানপানীৰ সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা বহুমূলীয়া পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে৷ কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কমিটীয়ে জাননীযোগে জিলাখনৰ বানপানী সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে যাৱতীয় পৰামৰ্শ দিব বিচাৰিলে Suggestionfloodmiti gation@gmail.com শীৰ্ষক ই-মেইল যোগে অহা ২৪ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে৷ অৱশ্যে কৃত্ৰিম বান সমস্যাৰ সমাধানৰ বাবে সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হৈ অহা দিছপুৰে গুৱাহাটীবাসী ৰাইজৰ পৰামৰ্শক এতিয়া কিমান গুৰুত্ব দিব সেয়া সময়েহে ক’ব৷


গুৱাহাটীৰ বহু লোক এতিয়াও হোটেলতে আছে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : গুৱাহাটীত কৃত্ৰিম বান পানীৰ প্তটা দিন অতিক্ৰম কৰাৰ পাছতো আজিও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা৷ ফলত একাংশ পৰিয়াল হোটেলত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে৷ মূলতঃ কৃত্ৰিম বানে প্ৰলয়ৰ সৃষ্টি কৰিছে ৰাজধানী মহানগৰ গুৱাহাটীত৷ বিগত পাছ দিনে মহানগৰখনৰ কেইবাটাও স্থানৰ বাসিন্দাই বোকা-পানীৰ মাজত সহাৱস্থান কৰিবলগীয়া হৈছে৷ বিশেষকৈ গুৱাহাটীৰ পাঞ্জাবাৰী, জুৰিৰপাৰ, দ্বাৰান্ধা, ছয়মাইল, ৰুক্মিণীগাঁও, বেলতলা, ছাৰ্ভে, হাতীগাঁও, ঘোঁৰামাৰা, সাউকুছি, সাতগাঁও আদিকে ধৰি আন কেইবাটাও স্থানত কৃত্ৰিম বানে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ বিচাৰি বহু বাসিন্দাই হোটেলত গৈ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ জুৰিৰপাৰ, বেলতলাৰ ছাৰ্ভে, ৰুক্মিণীগাঁও, হাতীগাঁৱত বানৰ ভয়াৱহতাৰ মাজতে সংঘটিত দুৰ্ঘটনাত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে৷ ইফালে উল্লিখিত অঞ্চলসমূহৰ ঘৰ-দুৱাৰ জলমগ্ন হৈ থকাত হোটেলেই তেওঁলোকৰ শেষ আশ্ৰয় স্থল হৈছে৷ ইফালে বিগত পাছ দিন ধৰি কৃত্ৰিম বানৰ বাবে গৃহবন্দী হৈ থকা একাংশ বাসিন্দাই খাদ্য, খোৱাপানীৰ সংকটত ভুগিছে৷ ঘৰ- দুৱাৰ, সা-সম্পত্তি কৃত্ৰিম বানে নষ্ট কৰা এই পৰিয়ালসমূহে খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে যদিও কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজিপৰ্যন্ত বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই৷ পৰিণতিত বিভিন্ন প্ৰান্তৰ বানপীড়িত ক্ষোভত ফাটি পৰিছে৷ বানপীড়িতৰ খবৰ ল’বলৈ আহৰি নোপোৱা শাসকীয় চৰকাৰৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে আজি মহানগৰখনৰ জুৰিৰপাৰ, ৰুক্মিণীগাঁৱৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অকৰ্মণ্যতাক ধিক্কাৰ দিয়ে৷ ইয়াৰ মাজতে এচাম প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক গুৱাহাটীৰ ৰাস্তা-ঘাট, নলা-নৰ্দমা বিজ্ঞানসম্মতভাৱে নিৰ্মাণ কৰি মহানগৰখনক বানমুক্ত কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে যোৱা প্ত আগষ্ট, সোমবাৰৰ বিয়লিৰ ভাগত হোৱা মুষলধাৰ বৰষুণজাকৰ পানীয়ে গুৱাহাটীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ নিমিষতে জলপ্ৰলয়ৰ সৃষ্টি হোৱা মহানগৰখনত হাহাকাৰ লাগে৷ বিশেষকৈ স্কুল-কলেজ, অফিচ-কাছাৰীকে ধৰি অন্যান্য কাম-কাজ কৰি গৃহাভিমুখী হোৱা বহু লোক পথত একাঁঠু পানীৰ মাজত আবদ্ধ হৈ পৰে৷ আজি চতুৰ্থ দিনলৈকে বানপীড়িতৰ খবৰ ল’বলৈ আহৰি নোপোৱা জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ বিৰুদ্ধেও আজি মহানাগৰিকে তীব্ৰ ক্ষোভ উজাৰে৷ শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহিয়েই বানপীড়িতৰ ৰং চোৱা জিলা আয়ুক্তগৰাকীক ৰাইজে ধিক্কাৰ দিয়ে৷ জিলা আয়ুক্তগৰাকীক শীঘ্ৰে বানপীড়িতৰ খা-খবৰ লৈ উদ্ধাৰ, সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷


চৰকাৰক ক্ষমা খোজাৰ দাবী ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক: গুৱাহাটীৰ ৰাইজৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাত আৰু ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে পদত্যাগ কৰক আৰু গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা চৰকাৰখনে ৰাইজৰ ওচৰত ক্ষমা বিচাৰক৷ এই দাবী কৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসম আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে৷ গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে আয়োজিত এক সংবাদ মেলত ভাগ লৈ ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীন জ্যোতি কলিতাই কয় যে, ২০০৭ চনতে হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা মাষ্টাৰ প্লেন ২০২৫ এখন অবৈজ্ঞানিক মাষ্টাৰ প্লেন বুলি কৈ আমি প্ৰতিবাদ কৰি জ্বলাই দিছিলো৷ আমি তেতিয়াই কৈছিলো চমক সৃষ্টি কৰি ৰাইজক বিপথে পৰিচালনা কৰা, ৰাইজৰ টকা বিনষ্ট কৰা এখন মাষ্টাৰ প্লেন৷ সেই কথাটো আজি প্ৰমাণিত হ’ল৷ এই সংক্ৰান্তত আমি বিভিন্ন পৰামৰ্শ, বিভিন্ন ধৰণৰ স্মাৰক পত্ৰ, বান সমস্যাৰ ওপৰত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা পৰামৰ্শও দিছিলো৷ গুৱাহাটীৰ কৃত্ৰিম বান সমাধান কৰাটো কোনো ডাঙৰ কথা নহয়৷  ৰাইজক মুৰ্খ বুলি নাভাবি গুৱাহাটীৰ জ্ঞানী-গুণী সচেতন নাগৰিকসকলক লগত লৈ বিজ্ঞানসন্মতভাবে অধ্যয়ন কৰি সকলো পক্ষৰ পৰামৰ্শৰ ভিত্তিত চমক সৃষ্টি নকৰি এক দীৰ্ঘম্যাদী পৰিকল্পনাৰে বান সমস্যা সমাধান কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ৷ সংবাদ মেলত সমিতিৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে৷