Logo
image

খাদ্যাভাসেৰেও হৰমনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি

বিভিন্ন ৰোগৰ কাৰক হিচাপে হৰমনৰ তাৰতম্যক চিহ্নিত কৰা হয়৷ থায়ৰয়েড, যকৃতৰ সমস্যা, অনিয়মীয়া খাদ্য গ্ৰহণ আদি কাৰণত শৰীৰত হৰমনৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে৷ এনে অৱস্থাত হৰমনৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে৷ শৰীৰ আৰু মনৰ সুস্থতা বহু পৰিমাণে হৰমনৰ ওপৰত নিৰ্ভৰ কৰে৷ শৰীৰ সুস্থ ৰাখিবলৈ হৰমনৰ সমতা অত্যন্ত প্ৰয়োজনীয়৷ হঠাৎ ওজন বৃদ্ধি, খিংখিঙীয়া স্বভাৱ, অলপতে ভাগৰ লগা আদি হৰমনৰ তাৰতম্যৰ অভাৱতে হয়৷ চুলি পকা, ছালৰ সমস্যা আদিও হৰমনৰ সমতাৰ অভাৱৰ বাবে হ’ব পাৰে৷ পিছে স্বাস্থ্যসন্মত খাদ্যাভাসে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে৷



কেনেধৰণৰ খাদ্যাভাসে হৰমনৰ ভাৰসাম্য অটুট ৰাখে?
- খাদ্য তালিকাত বিভিন্নৰঙী শাক-পাচলি ৰাখিব লাগে৷ প্ৰতিদিনৰ খাদ্য তালিকাত বীট, তৰমুজ, গাজৰ, কেপছিকাম, ষ্ট’বেৰি, বন্ধাকবি, পালেং  আদি ৰাখিব লাগে৷ এনে ধৰণৰ শাক-পাচলি নিয়মীয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি হৰমন নিয়ন্ত্ৰিত হৈ থাকে৷ 
- শৰীৰৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে ভাল ফেটছৰ প্ৰয়োজন৷ এই ফেটছৰ পৰাই হৰমন উৎপন্ন হয়৷ প্ৰতিদিনৰ খাদ্য তালিকাত এনেধৰণৰ  খাদ্য ৰাখিব লাগে, যাৰ পৰা শৰীৰত হৰমনৰ ভাৰসাম্য বজাই ৰাখিব পৰা ফেটছ পাব পাৰি৷ এই ক্ষেত্ৰত ঘিঁউ, কাঠবাদাম, কণীৰ কুহুম, দৈ ভাল ফেটছৰ প্ৰধান উৎস৷ 
- হৰমন নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে চেনি খোৱাৰ পৰিমাণ কমাব লাগিব৷ চেনি বেচিকৈ খালে হৰমনৰ ভাৰসাম্য বিঘ্নিত হয়৷ অত্যধিক চেনি খালে শৰীৰত লেপটিন নামৰ হৰমনৰ উৎপাদন হ্ৰাস পায়৷ ফলত ওজন বাঢ়ে আৰু শৰীৰত মেদবহুলতাই দেখা দিয়ে৷ 
- হৰমন নিয়ন্ত্ৰণত ৰাখিবলৈ লিভাৰ সুস্থ থকাটো অতি প্ৰয়োজন৷ এইক্ষেত্ৰত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে৷ লিভাৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ চাহ পান কৰিব পাৰে৷ চাহে  শৰীৰত জমা হোৱা টক্সিন বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ ফলত লিভাৰ সুৰক্ষিত হৈ থাকে৷ এইদৰে খাদ্যাভাসৰ জৰিয়তে শৰীৰত হৰমন নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি৷