Logo
image

‘ফ্লাড জেহাদ’ ৰাজনীতিত তোলপাৰ ৰাজ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ আগষ্ট : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে– ‘গুৱাহাটীৰ কৃত্ৰিম বানৰ মুখ্য কাৰণ মেঘালয়ৰ ইউএছটিএম বিশ্ববিদ্যালয়ৰ মালিকৰ ফ্লাড জেহাদ৷ ইউএছটিএমৰ মালিকে অসমত লেণ্ড জেহাদ, ফ্লাড জেহাদ আৰম্ভ কৰিছে৷ নহ’লে ইমান নিৰ্দয়ভাৱে কোনেও পাহাৰ কাটিব নোৱাৰে৷ কোনো প্ৰকৃতিক ভালপোৱা মানুহে, বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ পাহাৰ কাটিব নোৱাৰে৷’ কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ এই অভিযোগ তথা মন্তব্যৰ পাছতে ফ্লাড জেহাদ ৰাজনীতিত তোলপাৰ হৈছে ৰাজ্য৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সত্যাসত্য নিৰূপণ কৰিবৰ বাবে শনিবাৰে পুৱাই দলে বলে খানাপাৰাৰ ইউএছটিএম বিশ্ববিদ্যালয়ত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ ইউএছটিএম বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা স্বত্বাধিকাৰী মেহবুবুল হকৰ সৈতে বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ অভিযোগক নস্যাৎ কৰি ৰিপ’ৰ্ট কাৰ্ড দিলে অখিল গগৈয়ে৷ সাংবাদিকৰ আগত অখিল গগৈয়ে কয়– ‘মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ঘটনা ইয়াত ঘটা নাই৷ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰাৰ দৰে কোনো দৃশ্য ইয়াত দেখিবলৈ নাপালোঁ৷ ইউএছটিএম তথা নৱনিৰ্মিত মেডিকেল কলেজৰ পানী সুসংহতভাৱে উলিয়াই দিয়া হৈছে৷ বিশ্ববিদ্যালয়ৰ পানীওলাইগৈ চৰকাৰৰ নলাত পৰিছেগৈ৷’ ইফালে, ২০২১ চনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ দ্বিতীয়টো ব্লক উদ্বোধন কৰাৰ কথা সোঁৱৰাই দি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– ‘নিশা হ’লেই মুখ্যমন্ত্ৰীয়ে সপোনত জেহাদ দেখা পায়৷ যদি ইউএছটিএমে সঁচাকৈ গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে তেন্তে মুখ্যমন্ত্ৰীয়ে নিজে কিয় ইউএছটিএমৰ ভৱন উদ্বোধন কৰিবলৈ গৈছিল৷ তেতিয়াই বানৰ কথা ক’ব লাগিছিল৷’ ইফালে, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ মতে– ‘ইউএছটিএমৰমালিকৰ সৈতে মুখ্যমন্ত্ৰীৰ ব্যৱসায়িক হিচাপ মিলা নাই বাবেই মুখ্যমন্ত্ৰীয়ে ফ্লাড জেহাদৰ কথা কৈছে৷’ বৰঠাকুৰৰ মতে মুখ্যমন্ত্ৰীৰ বিশ্ৰামৰ প্ৰয়োজন হৈছে৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ ফ্লাড জেহাদৰ সন্দৰ্ভত তিপ্পনি কৰি কয়– ‘ইউএছটিএম আৰু ৰয়েল গ্লোবেল আমাৰ বাবে গৌৰৱ৷ এতিয়া বেলেগক দোষ জাপি দিলে নহ’ব, যদি সমস্যাৰ সমাধান কৰিব নোৱাৰে কিয় প্ৰতিশ্ৰুতি দিছিল সমস্যা সমাধানৰ৷  মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়েও ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিৰ্মাণ কৰিছে সেয়াও আমাৰ বাবে গৌৰৱ৷ তাত বহুতেই উচ্ছশিক্ষা গ্ৰহণ কৰিছে৷’ ইফালে, গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘তেওঁলোকে শিলসাঁকো বিলত কিয় উচ্ছেদ কৰিছিল? এতিয়া বুলড’জাৰ চলায় কিয় বানপানী ৰোধ কৰিব পৰা নাই৷ শিলসাঁকোৰ উচ্ছেদিত লোকে কি পৰ্যায়ৰ প্ৰতিবাদ কৰিছিল এবাৰ ভাবি চাব৷’ ইফালে, ইউএছটিএমৰ স্বত্ত্বাধিকাৰী মেহবুবুল হকে আজি কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে৷ ইউএছটিএম এখন পিপল্‌ছ ইউনিভাৰ্চিটী৷ ইয়াৰ প্ৰত্যুত্তৰ মানুহে দিব৷ কিবা যদি ভুল হৈছে উলিয়াই দিয়ক, আমি সংশোধন কৰিম৷ আমি ভাৰতৰ সকলোতকৈ খৰচী আৰ্কিটেক্ট মাতি বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ৷ উল্লেখ্য, শুকুৰবাৰে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল যে কোনো আৰ্কিটেক্ট নৰখাকৈ ইউএছটিএমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি বিশ্ববিদ্যালয়, মেডিকেল কলেজ নিৰ্মাণ কৰিছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্য আছিল এনেধৰণৰ– ‘ইউএছটিএমৰ মালিকে আৰ্কিটেক্ট মাতি গছ-গছনি ৰাখিও বিশ্ববিদ্যালয়, মেডিকেল কলেজখন পাতিব পাৰিলে হয়৷ গছ-গছনিৰ সৈতে আশ্ৰমৰ দৰে বিশ্ববিদ্যালয়খন পাতিব পাৰিলেহেঁতেন৷ কিন্তু ইয়াকে নকৰি ইউএছটিএমৰ মালিকে বুলডজাৰ লগাই ধাৰাষাৰ মাটি কাটিছে৷ ইউএছটিএমত যদি গুৱাহাটীৰ ল’ৰা-ছোৱালীয়ে যদি পঢ়া বাদ দিয়ে, গুৱাহাটীৰ অধ্যাপক-অধ্যাপিকাই তালৈ যোৱা বাদ দিয়ে তেন্তে গুৱাহাটীৰ কৃত্ৰিম বান খতম হৈ যাব৷ বিশ্ববিদ্যালয়খন বনাইছে মেঘালয়ত, ব্যৱসায় কৰিছে অসমৰ ওপৰত৷ ইউএছটিএমত মেঘালয়ৰ ১০ শতাংশ ষ্টুডেণ্টয়েও নপঢ়ে৷ তিনি বছৰ আগত বিশ্ববিদ্যালয়খনলৈ গৈ মই আচৰিত হৈছিলো৷ যোৱা দুবছৰত আৰু পাহাৰ বগৰাই দিলে৷ ছেটেলাইট ছবিত ধৰা পৰিছে ২০০৪ পৰা ২০২৪ ভিতৰত ইউএছটিএমে কেনেদৰে মেঘালয়ৰ পাহাৰ ধবংস কৰিছে৷ এই ছবি মই সামাজিক মাধ্যমত আপলোড কৰিছো৷মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমালৈও মই চিঠি লিখিছো৷ কালি সোণাপুৰলৈ যাতে হঠাৎ মইয়ো যোৰাবাটত পানী পাইছো৷ পূৰ্বতে কেতিয়াও এনে হোৱা নাছিল৷ ইউএছটিএমৰ পানী নামি অহাৰ বাবেই এনে হৈছে৷ গুৱাহাটীৰ নাগৰিকৰ প্ৰতিনিধিক ইউএছটিএমে বিশ্ববিদ্যালয়খনৰ চৌহদত কি কৰিছে চাবলৈ অনুমতি দিয়ক৷ এক প্ৰকাৰে ইউএছটিএমে বৃহৎ পাহাৰ এখন নাঙঠ কৰি পেলাইছে৷ ইউএছটিএমত আমাৰ ল’ৰা-ছোৱালীয়ে নপঢ়িলেই বিল্ডিং খালী পৰি ৰ’ব, পুনৰ গছ গজিব৷ আমি অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগিব৷’ উল্লেখ্য যে, গুৱাহাটীৰ শেহতীয়াকৈ কৃত্ৰিম বানৰ বাবে ইউএছটিএমক জগৰীয়া কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা তিনি দিনত তৃতীয়বাৰৰ বাবে বক্তব্য ৰাখিছে৷ তেওঁ মন্তব্য কৰিছিল যে মেঘালয়ত ইউএছটিএম স্থাপনত অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল৷ অৱশ্যে মেঘালয়ৰ ইউএছটিএমৰ আচাৰ্য তথা স্বত্বাধিকাৰী মেহবুবুল হকে মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীক হয়তো কোনোবাই ইউএছটিএমৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হোৱা বুলি ভুলকৈ বুজাইছে৷ ইউএছটিমএমে সকলো নীতি নিয়ম মানিহে কাম কৰিছে৷



 চৰকাৰী পৃষ্ঠপোষকতাত যোৰাবাটৰ পাহাৰ খনন, হোটেল-হাস্পতাল নিৰ্মাণৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : ৰাজ্য চৰকাৰী পৃষ্ঠপোষকতাত একাংশ ব্যৱসায়ীয়ে যোৰাবাটৰ পাহাৰ খনন কৰাৰ ফলত যোৰাবাটত ভয়াবহ কৃত্ৰিম বান পানীৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ আনকি এই ব্যৱসায়ী সকলে পাহাৰ খনন কৰি হোটেল আৰু হস্পতাল নিৰ্মাণৰ প্ৰস্তুতি চলোৱা বুলিও ৰাইজে জানিবলৈ দিয়ে৷ যোৰাবাট আৰক্ষী চকীৰ সমীপৰ পাহাৰ খনন কৰি তহিলং কৰি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ মূলত: ৰাজ্য চৰকাৰৰ ছত্ৰচায়াত যোৰাবাটৰ পাহাৰ খনন কৰাৰ বাবেই এইবেলি যোৰাবাটত ভয়ংকৰ হাৰত কৃত্ৰিম বান পানী হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷ ইপিনে, যোৱা কালি ইউ এছ টি এমৰ মালিকৰ বাবেই যোৰাবাটত ভয়ংকৰ হাৰত কৃত্ৰিম বান পানী হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘ইউ এছ টি এমৰ মালিকে ‘ফ্লাড জেহাদ’ আৰম্ভ কৰিছে৷ মেঘালয়ৰ যোৰাবাটৰ পাহাৰসমূহ নাঙঠ পাহাৰত পৰিণত হৈছে৷ ছেটেলাইটত ইয়াৰ ডাটা আছে৷ ২০০৮ত কি আছিল আৰু এতিয়া কি হৈছে৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ এটা অন্যতম কাৰণ সন্দৰ্ভত ইউ এছ টি এমক দোষাৰোপ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ইউ এছ টি এমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে৷ গছ-গছনি ৰক্ষা কৰিও নিৰ্মাণকাৰ্য কৰিব পাৰি যদিও ইউ এছ টি এমৰ মালিকে তাকে নকৰি পাহাৰ কাটি শেষ কৰি দিছে৷ বুলড’জাৰ চলাই পাহাৰ শেষ কৰা কৰি দিয়া হৈছে৷ পাহাৰসমূহ ধবংস কৰাৰ বাবেই গুৱাহাটীত বৰষুণ নহ’লেও যোৰবাটৰ পৰা খানাপাৰালৈকে ভয়াৱহ কৃত্ৰিম বান হয়৷ ‘’ এইদৰে কয় মুখ্য মন্ত্ৰীয়ে৷ ইপিনে, গুৱাহাটী মহানগৰীত কৃত্ৰিম বান পানীৰ সমস্যাই ছয়টা দিন অতিক্ৰম কৰাৰ পাছতো স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই৷ গুৱাহাটী হানগৰীত কৃত্ৰিম বান আৰু ভূমি…লনে ভয়াবহ ৰুপ ধাৰণ কৰিছে৷ কৃত্ৰিম বান সমস্যা মাধানৰ বাবে চৰকাৰে শ শ কোটি টকা খৰচ কৰাৰ পিছতো বৰষুণ পৰিলেই কৃত্ৰিম বানত ডুব যায় গুৱাহাটী মহানগৰী৷ বিগত কইবাদিনো ধৰি মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, পাঞ্জাবাৰীকে ধৰি বিভিন্ন অঞ্চল কত্ৰিম বানত বুৰ গৈ আছে৷ কালি সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে পুনৰ গুৱাহাটী আহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, পাঞ্জাবাৰী, অক্মিণীগাঁও, হাতীগাঁও, মঠঘৰীয়া, সাতগাঁও, চানমাৰি, আমবাৰী, শিলপুখুৰী, ৰাজগড়, জি এছ ৰোডকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়৷ কৃত্ৰিম বানৰ ফলত ৰাধা গোবিন্দ বৰুৱা পথ, জি এন বি ৰোড, জি এছ ৰোড, হাতীগাঁও-লালমাটি সংযোগী মূল পথৰ ওপৰত একাঁঠু পৰ্যন্ত পানী হয়৷ বানৰ ফলত মহানগৰীৰ প্ৰতিটো পথ, উপপথত আবদ্ধ হৈ পৰে হাজাৰ হাজাৰ বাহন৷ ইয়াৰ মাজতে কৃত্ৰিম বান ফালি একাংশ লোকে বিপদসংকুলভাবে যাতায়াত কৰা পৰিলক্ষিত হয়৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথতে বাহনসমূহ আবদ্ধ হৈ পৰাৰ ফলত তীব্ৰ যান-জটৰ সৃষ্টি হয়৷ মহানগৰ যান-বাহন শাখাৰ আৰক্ষীয়ে কৃত্ৰিম বানত প্লাবিত হোৱা পথ, উপ-পথসমূহত সৃষ্টি হোৱা যান-জট নিয়ন্ত্ৰণৰ চেষ্টা চলায়৷ ইফালে মহানগৰ আৰক্ষীয়ে সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি কৃত্ৰিম বানত বুৰ যোৱা অঞ্চলসমূহেৰে যাতায়াত কৰাৰ পৰা বিৰত থাকিবলৈ মহানগৰবাসীক আহ৩ান জনায়৷ বিশেষকৈ মহানগৰ আৰক্ষীয়ে পাঞ্জাবাৰী, জুৰিপাৰ, বেলতলা, ছাৰ্ভে, জি এছ ৰোড, সাতগাঁও এছ এফ এছ স্কুল, হাতীগাঁও, চানমাৰি আৰু কমাৰ্চ পইণ্টেৰে যাতায়াত নকৰিবলৈ ৰাইজক আহ৩ান জনায়৷ উল্লেখ্য যে, কৃত্ৰিম বান ৰোধৰ নামত শ শ কোটি টকা খৰচ কৰাৰ পিছতো আজিপৰ্যন্ত মহানগৰীৰ বান সমস্যা সমাধান নহ’ল৷ ইয়াৰ পৰিৱৰ্তে মহানগৰীৰ ন ন অঞ্চলত কৃত্ৰিম বানত বুৰ গৈছে৷ মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে শীঘ্ৰে বিজ্ঞানসম্মত ব্যবস্থা গ্ৰহণ নকৰিলে ভবিষ্যতে কৃত্ৰিম বানৰ ফলত ইয়াতকৈও ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব মহানগৰবাসী৷