Logo
image

পানী নাই! জলমগ্ন গুৱাহাটীৰ মেডিকেল কলেজত হাহাকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ আগষ্ট : গুৱাহাটী মহানগৰীৰ চাৰিওফালে এতিয়া পানী আৰু পানী৷ কৃত্ৰিম বানৰ বাবে মহানগৰবাসীয়ে ৰাজপথত ওৰেনিশা জলবন্দী হৈ থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ কৃত্ৰিমবানৰ জলন্ত সমস্যা সমাধান কৰাত ব্যৰ্থ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এতিয়া কৃত্ৰিম বানৰ বাবে মেঘালয়ৰ শৈক্ষিক প্ৰতিষ্ঠানলৈ দোষ ঠেলাও দেখা গৈছে৷ গুৱাহাটীৰ সৰ্বত্ৰ জলমগ্ন হৈ পৰাৰ সময়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ আটাইতকৈ উন্নত চিকিৎসালয় হিচাপে পৰিচিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  পানীৰ বাবে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷


পানীৰ অভাৱত কাৰ্যতঃ অচল হৈ পৰিছে জি এম চি এইছ৷ শুকুৰবাৰে নিশাৰে পৰা জি এম চি এইছত পানী যোগান বন্ধ হৈ পৰাত ৰোগী তথা ৰোগীৰ অভিভাৱকেই নহয়, চিকিৎসক-কৰ্মচাৰীৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ শুকুৰবাৰে সন্ধিয়া ভাগতে হঠাত জি এম চি এইছত  চৰকাৰী পানী যোগান বন্ধ হৈ পৰে৷ পানী যোগান বন্ধ হৈ পৰাত শৌচাগাৰৰ পৰা খোৱা পানীলৈ সকলোতে সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ পানীৰ অভাৱত পুৱা ভাগত ৰোগীৰ মাজত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়৷ শৌচাগাৰৰ দুৰ্গন্ধই হাস্পতালৰ ভিতৰত থাকিব নোৱৰাৰ পৰিৱেশ সৃষ্টি হয়৷ পানীৰ অভাৱত চাফাই কৰ্মীয়ো শৌচাগাৰ চাফাই কৰিব নোৱাৰাত দোকানৰ পৰা পানীৰ বটল কিনি আনি ৰোগীয়ে শৌচাগাৰৰ মল চাফ-চিকুন কৰিবলগীয়া হয়৷ ইফালে পানীৰ অভাৱত অস্ত্ৰোপচাৰ পৰ্যন্ত বন্ধ হৈ পৰা বুলিও অভিযোগ উঠিছে৷ চিকিৎসক-নাৰ্ছেও পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়৷ উল্লেখ্য, জি এম চি এইচত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান ধৰে৷ জি এম চি এইচৰ পাহাৰত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৃহৎ ৰিজাৰ্ভা৷ পানী পৰিবাহী পাইপৰ ফাট মেলৰ বাবেই শুকুৰবাৰৰে পৰা জি এম চি এইচত পানী যোগান বন্ধ হৈ পৰা বুলিও কৰ্মচাৰীসকলে জানিবলৈ দিছে৷ অৱশ্যে চৰকাৰী পানী যোগান বন্ধ হৈ পৰাত জি এম চি এইচ কতৃৰ্পক্ষই শনিবাৰে দিনৰ ভাগত টেংকাৰৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰাত বাল্টিঙত পানী নিবলৈকো ৰোগী তথা ৰোগীৰ অভিভাৱক আৰু স্বাস্থ্য কৰ্মীৰ মাজত হেতাওপৰা লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি স্বাস্থ্যকৰ্মীয়ে জৰুৰীকালীন সেৱাৰ কক্ষলৈ টেংকাৰৰ পৰা বাল্টিঙত পানী ভৰাই ষ্ট্ৰেছাৰত কঢ়িয়াই নিয়াৰ দৃশ্যও দেখা যায়৷ ইফালে পানীৰ নাটনিৰ মাজতে জিএমচিএইচত পুনৰ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী ৰোগীৰ মৃত্যু হয়৷ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ৫৭ বছৰীয়া মহিলা গৰাকীৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে৷