Logo
image

ছলমানৰ প্ৰেমত হাবুডুবু দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’

‘জৱান’ ছবিৰ যোগেদি কিংখান শ্বাহৰুখ খানৰ হাতত ধৰিয়ে বলীউডত আত্মপ্ৰকাশ কৰিছিল দক্ষিণৰ নায়িকা নয়নতৰাই৷ ছবিখনত দীপিকা পাডুকন নায়িকা হিচাপে থকা সত্ত্বেও সুকীয়াকৈ নয়নতৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষিত কৰিছিল৷ দক্ষিণৰ ছবিৰ ‘লেডী ছুপাৰষ্টাৰ’ হিচাপে খ্যাত নয়নতৰাৰ তন-মন পলসুৱা কৰিছিল বলীউডৰ আন এজন প্ৰভাৱশালী অভিনেতাই৷ তেওঁ হ’ল বলীউডৰ ভাইজান ছলমান খান৷ 



অলপতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অকপটে প্ৰকাশ কৰিছে যে তেওঁ ছলমান খানৰ ভক্ত৷ ‘মেইনে প্যাৰ কিয়া’ ছবিৰ নায়কজনক ৰ’ল মডেল হিচাপে হৃদয়ত স্থান দিয়াৰ দৰে স্মৃতিমেদুৰ দিনবিলাক স্মৰণ কৰে নয়নতৰাই৷ ‘মেইনে প্যাৰ কিয়া’ ছবিৰ এটা দৃশ্য ইষ্টাগ্ৰামত শ্বেয়াৰ কৰে নয়নতৰাই৷  তাত দেখা গৈছে নায়িকা ভাগ্যশ্ৰী আৰু ছলমান খানৰ স্থিৰচিত্ৰ৷ কাষত নয়নতৰাৰ ছবি৷ নেপথ্যত বাজিছে ‘দিন দিৱানা বিন সজনাকে মানে না’ শীৰ্ষক গীত৷ কেপচনত লিখা হৈছে– ‘আমাৰ বন্ধুত্বক তুমি কি নাম দিবা? লগতে স্থান পাইছে দুটা প্ৰেমৰ প্ৰতীক– ইমোজি৷ ২০২২ চনত চিৰঞ্জীৱী-নয়নতৰা অভিনীত ছবি ‘গডফাডাৰ’ত অতিথি শিল্পী হিচাপে ছলমান খানে অভিনয় কৰিছিল৷  

সেই সময়ত ভাইজানক ধন্যবাদ জনাই নয়নতৰাই কৈছিল–ধন্যবাদ আপোনাৰ বিস্ফোৰক অভিনয়ে ৯ ছবিখনক বহু ওপৰলৈ লৈ গ’ল৷ শক্তিশালী অভিনয়ৰ বাবে দক্ষিণী অভিনেত্ৰী নয়নতৰা দেশজুৰি পৰিচিত৷ আৰাম, মায়া, অনামিকা, কোলামাভু কোকিলা, নেত্ৰীকান আদি নাৰীকেন্দ্ৰিক ছহিত শক্তিশালী অভিনয়ৰ বাবে নয়নতৰা জনমানসত সমাদৃত৷ তামিল ছবিৰ গ্লেমাৰ পইণ্ট হিচাপে খ্যাত নয়নতৰাই কালভানিন কাধালি, ভালাভান, ফালাইমাগান, নয়নথাৰা বিল্লা, শ্ৰীৰাম ৰাজ্যম, চন্দ্ৰমুখী, জগমোল্লা, কন্নাপা, বিশ্বাস, জয়চিমা, মকুথি এমন, নৰসিংহমা ৰেড্ডী, আন্নাথে, কাথুভাকুলা ৰেন্দুকাধালি, গডফাডাৰ, অন্নপূৰ্ণা, জৱান আদি ছবিত অভিনয় কৰিছে৷ ২০২২ চনত নয়নতৰা ছবি নিৰ্মাতা বিঘ্নেশ শিবানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ বৰ্তমান নয়নতৰা দুটি সন্তানৰ মাতৃ৷ অৱশ্যে ইয়াৰ পূৰ্বে দক্ষিণৰ নায়িকাগৰাকী দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল৷ ২০১১ চনত যশস্বী অভিনেতা মোকাবুলা খ্যাত প্ৰভুদেৱা আৰু ২০০৬ চনত নয়নতৰা অভিনেতা সিম্বুৰ সৈতে বিবাহত সোমাইছিল৷