Logo
image

গুৱাহাটীৰ কৃত্ৰিম বান

বিগত এটা পষেকত অসমৰ সংবাদ মাধ্যমত সৰ্বাধিক চৰ্চিত বিষয়টো হৈছে গুৱাহাটীৰ কৃত্ৰিম বান৷ এজাক বৰষুণ দিলেই প্লাৱিত হয় সমগ্ৰ গুৱাহাটী৷ বিগত সপ্তাহত হঠাতে হোৱা এজাক বৰষুণে হাহাকাৰ সৃষ্টি কৰিলে ৰাজধানীৰ নাগৰিকক৷ জু-নাৰেংগী পথত হোৱা পানীৰ পৰা ৰক্ষা পাবলৈ নাগৰিকে কেইবাঘণ্টা ধৰি আশ্ৰয় ল’লে ফ্লাই অভাৰত৷ নিশা বাৰ বজাত নিজৰ বাসগৃহত উপস্থিত হৈছিলগৈ বিদ্যালয়ৰ কণ-কণ শিশু৷ সকলোবোৰ পথত হোৱা পানীৰ মাজত আবদ্ধ হৈ থকা নাগৰিকে কঠোৰ ভাষাৰে সমালোচনা কৰিলে ৰাজ্য চৰকাৰক৷ পানীৰ মাজত হাহাকাৰ কৰি থকা নাগৰিকক বুজনি দিবলৈ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী  অশোক সিংহালে বৰ্ণনা কৰিলে ৰঙাপানী আৰু ক’লাপানীৰ কথা৷ তেওঁৰ মতে অসমৰ সীমাত থকা মেঘালয়ৰ পৰা প্ৰবাহিত হোৱা ৰঙাপানীয়ে সৃষ্টি কৰিছে মহানগৰৰ কৃত্ৰিম বান৷ মন্ত্ৰীজনৰ দাবীৰ সমৰ্থনত হঠাতে সৰৱ হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখোজ আগুৱাই বানৰ বাবে সম্পূৰ্ণ দায়ী কৰে মেঘালয়স্থিত ইউএছটিএম নামৰ ব্যক্তিগত বিশ্ববিদ্যালয়খনক৷ মুখ্যমন্ত্ৰীজনৰ দাবী যে উক্ত বিশ্ববিদ্যালয়খনে ভৱন নিৰ্মাণৰ হেতুকে ধ্বংস কৰিছে মেঘালয়ৰ কেইবাটাও পাহাৰ, ফলত পাহাৰৰ পানী নিগৰি আহিয়েই গুৱাহাটীত সৃষ্টি কৰিছে বানৰ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ এই দাবী সত্য বুলি ভাবিলে আমাৰ মনত আহে বহু প্ৰশ্ন৷ গুৱাহাটী মহানগৰৰ সীমাত থকা মেঘালয়ৰ পাহাৰবোৰ নিৰ্বিচাৰে খান্দি পেলোৱা হৈছে৷ খানাপাৰাৰ পৰা যোৰাবাট পৰ্যন্ত মেঘালয়ৰ একালৰ প্ৰাকৃতিক সৌন্দৰ্য আজি অন্তৰ্ধান হৈছে৷ প্ৰতিটো পাহাৰ খান্দি তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে বৃহৎ বৃহৎ অট্টালিকা৷ যিসময়ত সমগ্ৰ বিশ্বত প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ হেতুকে চৰকাৰ কিম্বা নাগৰিক সজাগ হৈছে, তেনে এক সময়ত মেঘালয়ৰ সুন্দৰ পাহাৰবোৰ ধ্বংস কৰিবলৈ কোনে উদ্‌গনি দিছে? মেঘালয়ৰ দিশৰ পৰা প্ৰতিটো নিশাই অসমত প্ৰবেশ কৰা মাটি ভৰ্তি ট্ৰাকবোৰক চৰকাৰে কিয় অনুমতি প্ৰদান কৰে? মেঘালয়ৰ সীমাৰ পাহাৰবোৰত চলি থকা অবৈধ খনন কাৰ্যবোৰ কিয় বন্ধ কৰিব নোৱাৰে কেন্দ্ৰৰ সেউজ প্ৰাধিকৰণে? অসম আৰু মেঘালয়ত থকা পৰিৱেশ বিজ্ঞানীসকল আজি নিমাত কিয়? সত্যটো হৈছে অসমৰ নাগৰিকৰ অত্যধিক মাটিৰ চাহিদা আৰু মেঘালয়ৰ নাগৰিকৰ টকাৰ চাহিদা পূৰণ কৰিবলৈ ধ্বংস কৰা হৈছে সুন্দৰ সুন্দৰ সেউজীয়া পাহাৰবোৰ৷

অসমৰ ৰাজধানী গুৱাহাটী মহানগৰৰ মাজত থকা সেউজীয়া পাহাৰবোৰত প্ৰতিটো দিনতে গঢ় লৈছে নতুন নতুন বাসগৃহৰ৷ প্ৰশ্নটো হৈছে গুৱাহাটীৰ পাহাৰকেইটাৰ সংৰক্ষণৰ ক্ষেত্ৰত নিমাত কিয় ৰাজ্য চৰকাৰ? পাহাৰত গঢ় লোৱা বাসগৃহবোৰৰ বাবেই আজি সংকটত বন্যপ্ৰাণী৷ প্ৰতিটো দিনতে নাহৰফুটুকী বাঘে দৰ্শন দিছে মহানগৰৰ নাগৰিকক৷ আমচাং অভয়াৰণ্যৰ হাতী আহি উপস্থিত হৈছেহি মহানগৰৰ বিভিন্ন স্থানত৷ মহানগৰৰ মাজত  সঘনে প্ৰত্যক্ষ কৰা বন্যপ্ৰাণী আৰু মানৱৰ সংঘাতৰ নিৰাময়ৰ বাবে নাই একো চৰকাৰী পৰিকল্পনা৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে অকল মেঘালয়ৰ পাহাৰকেইটাই দায়ী বুলি কোৱাৰ লগতে গুৱাহাটীৰ পাহাৰ কেইটাও যে দায়ী তাক উপলব্ধি কৰক ৰাজ্য চৰকাৰে৷ বানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ব্যক্তিগত বিশ্ববিদ্যালয়খনক দায়ী কৰাৰ পৰিৱৰ্তে মেঘালয় চৰকাৰক দায়ী কৰাটো উচিত হ’ব৷

গুৱাহাটী মহানগৰৰ বাসিন্দাসকলৰো আছে অনেক দায়বদ্ধতা৷ মহানগৰখনত বাস কৰা প্ৰায়খিনি নাগৰিকৰ ঘৰৰ জাবৰ নিশাৰ ভাগত নিক্ষেপ হয়পথৰ ওপৰত৷ প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰে আজি বন্ধ কৰিছে মহানগৰৰ নলা-নৰ্দমা৷ অতিকৈ পৰিতাপৰ কথা যে বহুতো নাগৰিকে বাসগৃহত থকা শৌচাগাৰৰ পানীৰ পাইপডাল সংযোগ কৰি থয় পৌৰ নিগমৰ নলাবোৰত৷ বাসগৃহবোৰ সীমালৈকে নিৰ্মাণ কৰা সচেতন নাগৰিকৰ ঘৰৰ চৌহদত নপৰে এটুপি পানী৷ কাৰ্যতঃ প্ৰতিজন নাগৰিকৰ বাসগৃহৰ বৰ্জিত পানীৰ প্ৰবাহ হয় পৌৰ নিগমৰ নলাবোৰলৈ৷ মন্ত্ৰী অশোক সিংহালে ব্যাখ্যা কৰা ক’লাপানীৰ উৎসবোৰ মহানগৰবাসীৰ শৌচাগাৰবোৰ বুলিও ক’ব পাৰি৷ এনে এক ক্ষণত মহানগৰবাসীয়ে এবাৰ চিন্তা কৰক নিজ নিজ দায়িত্ব আৰু কৰ্তব্যৰ কথা৷ প্ৰতিটো বানতে চৰকাৰৰ বৰমূৰীয়াসকলক ককৰ্থনা কৰাৰ পৰিৱৰ্তে দায়িত্ব-কৰ্তব্যৰ প্ৰতি সজাগ হওক মহানগৰবাসী৷