এইবোৰ সমস্যাত খালী পেটত দৈনিক নহৰু খাওক
বিভিন্ন গৱেষণাত দেখা গৈছে যে খালী পেটত নহৰু খালে ই এণ্টিবায়টিকৰ কাম কৰে৷ বিশেষকৈ পুৱা শুই উঠাৰ পাছত নহৰু খালে বেছি উপকাৰ পোৱা যায়৷ যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে খালী পেটত নহৰু খোৱাটো অতি প্ৰয়োজন৷ নহৰুৱে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷
১) খালী পেটত নহৰু খালে যকৃত আৰু মূত্ৰাশয়ে সঠিকভাৱে কাম কৰে৷ তদুপৰি ডায়েৰিয়াকে ধৰি পেটৰ বিভিন্ন সমস্যা নিৰাময় হয়৷ নহৰুৱে হজম ক্ষমতা আৰু ভোকৰ উদ্দীপক হিচাপেও কাম কৰে৷
২) ষ্ট্ৰেছ আঁতৰ কৰাতো নহৰুৱে সহায় কৰে৷ ষ্ট্ৰেছ বা স্নায়বিক চাপে গেষ্ট্ৰিকৰ সমস্যা বঢ়ায়৷ সেয়ে খালী পেটত নহৰু খালে আমাৰ স্নায়বিক চাপ বা ষ্ট্ৰেছ আঁতৰ হয়৷
৩) নহৰুৱে শৰীৰটোক ডি টক্সিফাই কৰাত সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে, নহৰুৱে পেৰাছাইড, ক্ৰিমি পৰিত্ৰাণ, অত্যধিক জ্বৰ, ডায়েবেটিছ, বিষণ্ণতা আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
৪) যক্ষ্মা বা টিবিত আক্ৰান্ত হোৱাৰ লক্ষণে দেখা দিলে এটা নহৰু সৰু সৰুকৈ কাটি লৈ দিনটোত বাৰে বাৰে খোৱা কৰক, উপকাৰ পাব৷