পোৰা তেজপাতৰ ধোঁৱাই ৰোগ নিৰাময়-সংক্ৰমণ ৰোধ কৰে
আমাৰ অসম বিশেষঃ আমিষ-নিৰামিষ সকলোধৰণৰ খাদ্যতে তেজপাত দিব পাৰি৷ তেজপাত দিয়া খাদ্যখাবলৈ সুস্বাদু হোৱাৰ লগতে ই স্বাস্থ্যতো ভাল প্ৰভাৱ পেলায়৷ বিশেষকৈ পায়স জাতীয় প্ৰস্তুত কৰোতে তেজপাত দিয়াটো এক অঘোষিত নিয়মৰ দৰে৷ সুস্বাস্থ্যৰ বাবে তেজপাতৰ প্ৰয়োজন থকাৰ উপৰি তেজপাত জুইত পুৰিলে যি গোন্ধৰ সৃষ্টি হয় ই স্বাস্থ্যৰ পক্ষে ভাল বুলি গৱেষণাত প্ৰমাণিত হৈছে৷ জুইত পোৰা তেজপাতৰ গোন্ধ ল’লে শৰীৰত ৰোগ সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ তদুপৰি শৰীৰ আৰু মনৰ সতেজতা বৃদ্ধিত ই সহায কৰে৷ মানসিক অৱসান, উদ্বেগ, নিদ্ৰাহীনতাত ভুগিলে তেজপাত জুইত পুৰি তাৰ গোন্ধ ল’লে ইতিবাচক ফল লাভ কৰিব৷ তদুপৰি জুইত পোৰা তেজপাতৰ গোন্ধে স্নায়ুৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে৷ জুইত তেজপাত পুৰিলে তাৰ পৰা যি গোন্ধ ওলায় এই গোন্ধে কীট-পতংগক খেদি পঠিওৱাত সহায় কৰে৷ ঘৰত মহ-মাখি জাতীয় কীট-পতংগই সমস্যাৰ সৃষ্টি কৰিলে তেজপাত পুৰি ইয়াৰ পৰা সৃষ্টি হোৱা গোন্ধৰ জৰিয়তে সহজেই ইয়াক আঁতৰ কৰিব পাৰি৷ আনকি তেজপাতৰ পোৰা গোন্ধে শৰীৰ-মনৰ ক্লান্তি দূৰ কৰাৰ লগতে বহুমূত্ৰৰ দৰে ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে৷ শ্বাসনলী পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো এই গোন্ধে ইতিবাচক ফল দিয়ে৷