Logo
image

মুখ্যমন্ত্ৰীৰ জেহাদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : ‘ইউএছটিএমৰ মালিকে জেহাদ নহয়, জেহাদৰ ‘বাপ’ কৰি আছে৷ ইউএছটিএমলৈ গ’লে মক্কালৈ যোৱা যেন লাগে৷ ইউএছটিএমে আমাৰ শিক্ষা ব্যৱস্থাটোকে ধবংস কৰি আছে৷ যি আমাৰ সভ্যতা-সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয়৷ ইউএছটিএমৰ প্ৰৱেশ তোৰণখনত এটা বিশেষ ধৰ্মৰ চিহ্ন কিয়৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে গুৱাহাটীত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ইউ এছ টি এমৰ তলেদি গ’লে মক্কাৰ তলেদি যোৱা যেন লাগে৷ তাত নামঘৰ, গীৰ্জাঘৰ বা কামাখ্যা মন্দিৰৰ প্ৰতীক নাই কিয়? কংগ্ৰেছ দলে ইউএছটিএমখন হিন্দুৰ হ’লে কি কৰিলেহেঁতেন৷ ইউএছটিএমৰ মালিক মুছলমান হোৱাৰ বাবেই তেওঁক ৰক্ষণাবেক্ষণ দিবলৈ গৈছে৷

তৰুণ গগৈও কৈ গৈছে গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰণ হ’ল যোৰাবাট৷ এতিয়া কংগ্ৰেছে তথা তৰুণ গগৈৰ ল’ৰায়ো মোক গালি পাৰি থাকে৷ হইউএছটিএমৰ নাম ল’লে বেয়া পায়৷ বাপেকে কোৱা কথা পুতেকে যদি ভুল বুলি কয়, মই কি কৰিম৷ মুছলমান মানুহ হ’লেই সংৰক্ষণ দিব লাগিব বুলি ভবাটো আমি বাদ দিব লাগিব৷ তৰুণ গগৈয়ে  ২০০৫ চনৰ পৰা ২০১৪ চনলৈ ২৫ বাৰ কৈ গৈছে যে মেঘালয়ে আমাক শেষ কৰি দিলে৷ তেওঁ অখিল গগৈকো জগৰীয়া কৰি থৈ গৈছে৷ বৰষুণ দিলে মোৰ লগত আপোনালোকো ওলাব, ভুপেন বৰাও ওলাব, ইউএছটিএমৰ পৰা পানী নামি আহিছেনে নাই অন কেমেৰা চাবলৈ যাম৷ মই যুৱৰাজক নকওঁ, তেওঁ পানীত ভিজিবলৈ বেয়া পাব৷ কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ, তেওঁ যাব পাৰিব৷ বাপেকে কোৱা কথা ৰিপিট কৰিছো বাবেই মোক গালি দিব– মই কি বেণ্ডপাৰ্টি নেকি? ঢোল নেকি, য’তে ইচ্ছা ত’তে মাৰি থাকিব মোক৷ অন্তত দেউতাই কোৱা কথাটোক সন্মান কৰ ভাই৷ ইউএছটিএম ভূপেন বৰাই কোৱাৰ দৰে উত্তৰ-পূবৰ গৌৰৱ হ’ব পাৰে, কিন্তু অসমৰ গৌৰৱ নহয়৷ এতিয়া আমি ইউএছটিএমৰ বিৰুদ্ধে গ্ৰীণ ট্ৰিবিউনেললৈ যাম৷ প্ৰতিদিনৰ এটা ফাংচনত জয়ন্ত বৰুৱাই মতা বাবেহে মই ইউএছটিএমলৈ গৈছিলো৷ মই কোনো বিল্ডিং উদ্বোধন কৰা নাছিলো৷ মই জয়ন্ত বৰুৱাক সুধিছিলো কিয় কলাক্ষেত্ৰত প্ৰগ্ৰামটো নাপাতি ইউএছটিএমত পাতিলে৷ তেওঁ মোক কৈছিল– যে ইয়াত তিনি হাজাৰ মানুহ বহিব পৰা হল নাই৷ সেইদিনাই মই প্ৰতিজ্ঞা ল’লো গুৱাহাটীত পাঁচহাজাৰ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম৷ মই দেখিলো যে এনে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ নহ’লে গুৱাহাটীৰ মানুহে লোভত ইয়াৰ ওপৰত আত্মসমৰ্পণ কৰিয়েই থাকিব৷ মনে মনে এটা জেদ লৈ মই ইউএছটিএমৰ পৰা ওলাই আহিলো৷ অহা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত আমাৰ এই পাঁচ হাজাৰ মানুহ লোক বহিব পৰা বৃহৎ প্ৰেক্ষাগৃহৰ উদ্বোধন হ’ব৷ ইউএছটিএমৰ মালিকে গোটেই পাহাৰখন কাটি শেষ কৰি দিলে৷ তাক আমাৰ মানুহে বচাবলৈ গৈছে৷ পাহাৰটো গুৱাহাটীৰ ফালে নাকাটি মেঘালয়ৰ ফালেও কাটিব পাৰিলেহেঁতেন৷’