Logo
image

এনআইআৰএফ ৰেংকিঙত জিলিকিল অসম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ আগষ্ট : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে সোমবাৰে প্ৰকাশ কৰা দেশৰ উচ্ছ শিক্ষানুষ্ঠান সমূহৰ ৰেংকিঙৰ তালিকাত জিলিকিল অসম৷ উল্লেখ্য, নেচনেল ইনষ্টিটিউশ্বনেল ৰেংকিং ফ্ৰেমৰ্ৱক চমুকৈ এন আই আৰ এফৰ ১৬ টা শাখাত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ৰেংকিং নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি সকলো শাখাৰ যৌথ তালিকাত দেশৰ শ্ৰেষ্ঠ উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানৰ সৰ্বভাৰতীয় ৰেংকিঙৰ শীৰ্ষ স্থান লাভ কৰিছে আই আই টি মাদ্ৰাছে৷ আই আই টি মাদ্ৰাছৰ পাছতেই সৰ্বভাৰতীয় ৰেংকিং দ্বিতীয় স্থানত আছে আই আই টি দিল্লী আৰু তৃতীয় স্থানত আছে আই আই বোম্বাই৷ সৰ্বভাৰতীয় শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ ৰেংকিঙত নৱম স্থানত আছে অসমৰ আই আই টি গুৱাহাটীৰ নাম৷ অৱশ্যে দেশৰ এই শীৰ্ষ ১০০খন শ্ৰেষ্ঠ উচ্ছ শিক্ষানুষ্ঠানৰ ৰেংকিঙত অসমৰ আন দুখন শিক্ষানুষ্ঠানেও স্থান লাভ কৰিছে৷ সেই দুখন শিক্ষানুষ্ঠানৰ ভিতৰত আছে ৫৭ সংখ্যক স্থানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৯২সংখ্যক স্থানত আছে এন আই টি শিলচৰ৷ আনহাতে শ্ৰেষ্ঠ ১০০খন বিশ্ববিদ্যালয়ৰ শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেংকিং হৈছে ৪০ নম্বৰ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত আছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্থান ৬৯ নম্বৰত৷ লক্ষণীয়ভাৱে দেশৰ ১০০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ক বাদ দি অসমৰ আন কোনো এখন বিশ্ববিদ্যালয়েই অন্তৰ্ভুক্ত নহ’ল৷ এই তালিকাত স্থান নাপালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ো৷




আশ্বৰ্যজনকভাৱে দেশৰ শ্ৰেষ্ঠ ১০০ খন কলেজৰ তালিকাতো অসমৰ কোনো এখন কলেজে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ বিপৰীতে দিল্লীৰ হিন্দু কলেজক শ্ৰেষ্ঠ কলেজ হিচাপে স্থান দিছে৷ সমীক্ষা অনুসৰি দেশৰ শ্ৰেষ্ঠ গৱেষণা প্ৰতিষ্ঠানৰ শাখাত ১০ নম্বৰ স্থানত আছে আই আই টি গুৱাহাটী৷ একেদৰে দেশৰ শ্ৰেষ্ঠ ১০০ খন অভিযান্ত্ৰিক শৈক্ষিক প্ৰতিষ্ঠানৰ শাখাত ৭ সংখ্যক স্থানত আই আই টি গুৱাহাটী আৰু ৪০সংখ্যক স্থানত এন আই টি শিলচৰৰ নাম অন্তৰ্ভুক্ত হৈছে৷ ইফালে দেশৰ ১০০ খন শীৰ্ষ মেনেজমেণ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ ৰেংকিঙত অসমৰ একমাত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ে ৯৫সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ফাৰ্মাচী শিক্ষাৰ ১০০খন শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ ভিতৰত ১২ নম্বৰ স্থান লাভ কৰিছে গুৱাহাটীস্থ নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেশ্বন এণ্ড ৰিছাৰ্চ আৰু ৪৩ সংখ্যক স্থান লাভ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷ দুৰ্ভাগ্যজনকভাৱে দেশৰ ১০০খন শ্ৰেষ্ঠ মেডিকেল কলেজৰ তালিকাত অসমৰ কোনো এখনো মেডিকেল কলেজে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ দন্ত চিকিৎসাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ তালিকাতো অসমৰ কোনো এখন শিক্ষানুষ্ঠানে স্থান লাভ নকৰিলে৷ অৱশ্যে দেশৰ ১০০খন শ্ৰেষ্ঠ আইনী শিক্ষানুষ্ঠানৰ তালিকাত ২৭সংখ্যক স্থান লাভ কৰিছে অসমৰ একমাত্ৰ আমিনগাঁওস্থিত নেচনেল ল ইউনিভাৰ্চিটী এণ্ড জুডিচিয়েল একাডেমিয়ে৷ আনহাতে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ ১০০খন কৃষি শৈক্ষিক প্ৰতিষ্ঠানৰ ৰেংকিঙত ১৪সংখ্যক স্থান লাভ কৰিছে৷ এন আই আৰ এফৰ সমীক্ষাত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত কৰা ৰাজ্যিক শ্ৰেষ্ঠ ১০০খন বিশ্ববিদ্যালয়ৰ শাখাত অসমৰ মাত্ৰ দুখন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে৷ সেই অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে ১৩সংখ্যক স্থান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২৮সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থানত বাছনি কৰা হৈছে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ক৷ লক্ষণীয়ভাৱে শ্ৰেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত কটন বিশ্ববিদ্যালয় আৰু কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন শিক্ষা বিশ্ববিদ্যালয়ো আবেদন কৰিছিল যদিও তালিকাত স্থান নকৰিলে৷ অৱশ্যে শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ সৰ্বভাৰতীয় ৰেংকিঙত অসম বিশ্ববিদ্যালয়ে ১০২সংখ্যক স্থান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১১৩সংখ্যক স্থান লাভ কৰিছে৷