চুলি পকিছে! ভিটামিন ‘বি’ৰ অভাৱ হ’ব পাৰে
কম বয়সতে চুলি পকা সমস্যাটো আজিকালি ঘৰে ঘৰে প্ৰায়েই দেখা যায়৷ ২৫ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীয়েও এই সমস্যাত ভোগে৷ কিছুক্ষেত্ৰত ইয়াৰ কাৰণ জেনেটিক হ’ব পাৰে৷ অৱশ্যে আমাৰ জীৱনধাৰাও অনেকক্ষেত্ৰত দায়ী৷ দেখা যায় নিয়মিত অস্বাস্থ্যকৰ খাদ্যাভাসে আমাৰ চুলি ধূসৰ আৰু বিবৰ্ণ কৰি তোলে৷ সুশৃংখল জীৱনধাৰা তথা স্বাস্থ্যকৰ খাদ্যভাসৰ দ্বাৰা এই সমস্যাৰ পৰা সকাহ পাব পাৰি যদিও বিশেষজ্ঞসকলৰ মতে শৰীৰৰ বিশেষ ভিটামিনৰ অভাৱত চুলি সোনকালে পকিবলৈ আৰম্ভ কৰে৷
১) চুলি পকাৰ মূল কাৰক হিচাপে ভিটামিন ‘বি’ৰ অভাৱ বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ ভিটামিন ‘বি’ৰ অভাৱতে চুলি পকিবলৈ ধৰে৷
২) চুলি ভালে ৰাখিবলৈ ভিটামিন ‘বি’যুক্ত খাদ্য খোৱাটো অতি জৰুৰী৷ ভিটামিন ‘বি’ৰ অভাৱতে চুলি সৰে আৰু চুলিৰ আগটো ফাটি যায়৷
৩) পুষ্টিবিদৰ মতে প্ৰতিদিনে খাদ্য তালিকাত ভিটামিন ‘বি’, ভিটামিন ‘বি-৬’ আৰু ভিটামিন ‘বি-১২’ অন্তৰ্ভুক্ত কৰক৷ ভিটামিন ‘বি’ৰ বাবে কণী, দৈ, ওট্ছ, গাখীৰ, পনীৰ, ছয়াবিন, ব্ৰুকলি, কুকুৰাৰ মাংস, সতেজ শাক-পাচলি খাব পাৰে৷ দুগ্ধজাত খাদ্যৰ দ্বাৰাও পুষ্টিৰ চাহিদা পূৰণ কৰিব পাৰি৷
৪) বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে শৰীৰৰ গুৰুত্বপূৰ্ণ পুষ্টিৰ অভাৱত চুলি পকে৷ ইয়াৰ বাবে গাখীৰজাতীয় খাদ্য খোৱাৰ বাবে পুষ্টিবিদ নিখিল ভাট্ছে পৰামৰ্শ দিছে৷