Logo
image

ছেপ্টেম্বৰৰ পাছতহে মন্ত্ৰীসভাৰ ৰদ-বদল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : ৰাজ্যসভা, বিধানসভাৰ উপ-নিৰ্বাচনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৰদ-বদল হ’ব৷ উপ-নিৰ্বাচনৰ গতি-মতি চাই লওঁ৷ ইয়াৰ পাছত পতকৈ এদিন মাতি দিম, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈ যাব৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া হ’ব বুলি গুৱাহাটীত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি কয় যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া হ’ব সেয়া এতিয়াও ঠিৰাং হোৱা নাই৷ ৰাজ্যসভা আৰু বিধানসভাৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সদ্যহাতে ব্যস্ত আছো৷ সেইবাবে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাই৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ আশে পাশে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি ইতিপূৰ্বে ঘোষণা কৰিছিল৷


মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ লগতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছিল৷ কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰামৰ্শ মৰ্মে মুখ্যমন্ত্ৰীয়ে পূূৰ্বৰ সিদ্ধান্ত সলনি কৰি বিধানসভা পঞ্চায়ত তথা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ পাছতহে মন্ত্ৰীসভাৰ ৰদ বদলৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মুখ্যতঃ মন্ত্ৰীসভাৰ ৰদ বদলত বিলম্ব কৰাৰ কাৰণ দুটা–উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন বা ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ সালসলনি কৰিলে জটিলতা আহিব পাৰে৷ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নোহোৱা বিধায়কে খং ক্ষোভত তলে তলে সিন্ধি দি দলৰ ক্ষতি কৰিব পাৰে৷ লক্ষণীয় যে ২০২৬ ৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিলে, এয়েই হ’ব তেওঁৰ প্ৰথমটো কাৰ্যকালৰ শেষৰটো সম্প্ৰসাৰণ৷ ইয়াৰ পাছতে কাৰ্যতঃ ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনী যুঁজৰ বাবে টঙালি বান্ধিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰি আহিছে যে ভৰা লুইতৰ পানী যেনেদৰে ধৰি ৰাখিব নোৱাৰি, তেনেদৰে ২০২৬ টো বিজেপিক কোনেও হৰুৱাব নোৱাৰে৷ কাজেই খালী থকা চাৰি মন্ত্ৰী পদৰ বাবে বিজেপি তথা মিত্ৰজোটৰ প্ৰত্যাশী অনেক৷ বিজেপিৰ পৰা পল্লৱলোচন দাস, সুশান্ত বৰগোহাই, প্ৰশান্ত ফুকন, কৃষেন্দু পাল, ভৱেশ কলিতা, বিশ্বজিৎ দৈমাৰী আদিৰ নাম সাম্ভাব্য মন্ত্ৰী হিচাপে চৰ্চা হোৱাৰ বিপৰীতে অগপৰ হাইকামাণ্ড অতুল বৰাইয়ো আৰু এটা মন্ত্ৰী পদ লাগে বুলি দাবী কৰিছে৷ একেদৰে ইউ পি পি এলৰ পৰা এইবাৰ উপ-নিৰ্বাচনত চিদলীত প্ৰতিদ্বন্দ্বিতা কৰি চন্দন ব্ৰহ্ময়ো মন্ত্ৰীসভাত স্থান লাভ কৰাৰ আশা পালি আছে৷ সমান্তৰালভাৱে মন্ত্ৰীসভাৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহনক ৰদ কৰা হ’ব বুলিও চৰ্চা হৈছে৷ ইফালে, পল্লৱলোচন দাসক বিহালীৰ পৰা উপ-নিৰ্বাচনত জিকাই আনি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এনে প্ৰেক্ষাপটতত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ উপ-নিৰ্বাচন, পঞ্চায়ত তথা ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰি মুঠেই ৰিক্স ল’ব বিচৰা নাই৷ সেয়েহে ছেপ্টেম্বৰৰ পাছতহে হ’ব পাৰে মন্ত্ৰীসভাৰ ৰদ বদল