Logo
image

অসম এৰাৰ প্ৰস্তুতি জিপি সিঙৰ পৰৱৰ্তী ডিজিপি হৰমীত সিং

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ আগষ্ট : অসম এৰি যোৱাৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ আৰক্ষী বাহিনীৰ মুৰব্বী জি পি সিঙে৷ কেন্দ্ৰীয় চৰকাৰৰ কোনো তদন্তকাৰী সংস্থা নতুবা অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ পদত যোগদানৰ পৰিকল্পনা কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে৷ অসম ত্যাগ কৰাৰ বাবে ভাৰতীয় আৰক্ষী সেৱাৰ অসম-মেঘালয়ৰ কেডাৰৰ জ্যেষ্ঠ বিষয়াজনে জনোৱা আৱেদনলৈ ইতিমধ্যে সঁহাৰি জনাইছে দিছপুৰে৷ অৱশ্যে অতি সোনকালে ডিজিপি সিঙে অসম এৰি যোৱাৰ সম্ভাৱনা নাই৷ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পাছতহে জি পি সিঙে অসম এৰি যোৱাৰ সম্ভাৱনা আছে৷ অৰ্থাৎ চৰকাৰে সেউজ সংকেত দিলেও জি পি সিঙে অহা তিনি-চাৰি মাহৰ পাছতহে অসম এৰি যোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ পদ এৰি কোন কেন্দ্ৰীয় সংস্থা বা অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ পদত জি পি সিঙে যোগদান কৰিব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই৷ যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাননী জাৰি কৰাৰ সম্ভাৱনা আছে৷ জ্যেষ্ঠ আই পি এছ বিষয়াজনৰ ঘনিষ্ঠমহলে এই সম্ভাৱনা সদৰী কৰিছে যে জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ নতুবা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ মুৰব্বীৰ দায়িত্ব দিয়া হ’ব৷ উল্লেখ্য, ১৯৯১ বেট্‌চৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিঙে পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ত আই জি পি পদত কেন্দ্ৰীয় ডেপুটেশ্বনত আছিল৷


২০১৯ চনৰ জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ ‘কেব’ বিৰোধী আন্দোলনৰ সময়ত তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমলৈ ঘূৰাই আনিছিল জি পি সিঙক৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান [আইন-শৃংখলা]ৰ দায়িত্ব লৈয়েই ‘কেব’ বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিল জি পি সিঙে৷ ‘কেব’ বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত ৫ জন অসমীয়াৰ মৃত্যু হৈছিল৷ তদানীন্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ অৱসৰৰ পাছত ২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে জি পি সিঙে দায়িত্ব গ্ৰহণ কৰিছিল৷ ইয়াৰ মাজতে মেঘালয়ৰ ডিজিপি পদৰ বাবেও প্ৰস্তাৱ লাভ কৰিছিল যদিও জি পি সিঙে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল৷ উল্লেখ্য, চি আই এছ এফৰ প্ৰথমগৰাকী মহিলা সঞ্চালকপ্ৰধান নীনা সিঙে বিগত ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰে৷ নীনা সিঙৰ অৱসৰৰ পাছতেই চি আই এছ এফৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধানৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হয় চি আৰ পি এফৰ বৰ্তমানৰ সঞ্চালকপ্ৰধান আনিছ দয়ালক৷ এই মুহূৰ্তত চি আই এছ এফৰ সঞ্চালকপ্ৰধানৰ পদটো খালী হৈ আছে যদিও চি আই এছ এফ অথবা চি আৰ পি এফৰ কোনোবা এটাৰ শীৰ্ষ পদত জি পি সিঙক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ জি পি সিঙে অসম ত্যাগ কৰিলে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে জ্যেষ্ঠতাৰ ভিত্তিত বৰ্তমানৰ বিশেষ সঞ্চালকপ্ৰধান তথা জ্যেষ্ঠ আই পি এছ বিষয়া হৰমীত সিঙক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে জি পি সিঙৰ সমান্তৰালভাৱে অসম-মেঘালয় কেডাৰৰ আন এজন আই পি এছ বিষয়া, অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ড॰ ধনঞ্জয় পুৰুষোত্তম ঘানাৱাটো কেন্দ্ৰীয় ডেপুটেশ্বনত অসম এৰাৰ বাবে সাজু হৈছে৷