Logo
image

ভাৰতৰ নিৰাশাজনক প্ৰদৰ্শন

পেৰিছ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলটো স্বদেশৰ পৰা ৰাওনা হোৱাৰ সময়ত ক্ৰীড়া মন্ত্ৰণালয়ৰ লগতে ভাৰতীয় অলিম্পিক সন্থাই দাবী কৰিছিল যে ২০২০ চনৰ টকিঅ’ অলিম্পিকতকৈ পদকৰ সংখ্যা বৃদ্ধি হোৱাই নহয়, এইবাৰ ভাৰতৰ পদকৰ সংখ্যা হ’ব দহতকৈ অধিক৷ কিন্তু দহতো বাদেই, টকিঅ’ অলিম্পিকৰ পদকৰ সংখ্যাকেই স্পৰ্শ কৰিব নোৱাৰিলে ভাৰতে৷ এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল দেশখন৷ ১৪০ কোটি জনসংখ্যাৰ ভাৰতৰ এইবাৰৰ অলিম্পিকৰপদক তালিকাত স্থান ৭১৷ টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন আছিল এইপৰ্যন্ত সৰ্বোত্তম৷ সেইবাৰ ভাৰতে পাইছিল এটা স্বৰ্ণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই এথলেটিকছত ভাৰতক দিছিল প্ৰথমটো স্বৰ্ণপদক৷ অলিম্পিকৰ ইতিহাসত সেইটো আছিল ভাৰতৰ দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণপদক৷ তাৰ পূৰ্বে ২০০৮ চনৰ বেইজিং অলিম্পিকত শ্বুটাৰ অভিনৱ বিন্দ্ৰাই জয় কৰিছিল প্ৰথমটো ব্যক্তিগত স্বৰ্ণপদক৷ উল্লেখ্য, অলিম্পিকত এতিয়ালৈকে ভাৰতৰ নামত আছে দহটা স্বৰ্ণপদক, য’ত আঠটাই আহিছে হকীত৷ এতিয়ালৈকে অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা হৈছে ৪১টা, দহটা স্বৰ্ণপদকৰ উপৰি আছে দহটা ৰূপ আৰু ২১টা ব্ৰঞ্জৰ পদক৷ চলিত বৰ্ষৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ প্ৰদৰ্শনলৈ চাই পেৰিছ অলিম্পিতো স্বৰ্ণপদক লাভ কৰিব বুলি দৃঢ় বিশ্বাসী আছিল ভাৰতীয় ক্ৰীড়াপ্ৰেমী৷ কিন্তু স্বৰ্ণপদকৰ যুঁজত তেওঁ পাকিস্তানৰ আৰ্শ্বাদ নাদীমতকৈ পিছ পৰি থাকিল আৰু ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ নীৰজৰ ৯০ মিটাৰ অতিক্ৰম কৰাৰ স্বপ্ন অপূৰ্ণ হৈ ৰ’লেও ৮৯.৪৫ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰি ছীজনটোত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে৷ স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম নহ’লেও ক্ৰমাগত দুবাৰৰ অলিম্পিকত পদক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈত পৰিণত হয় জেভেলিন থ্ৰ’ৱাৰজন৷ তেওঁৰ পূংৰ্ব এই কৃতিত্ব অৰ্জন কৰিছিল মল্লযোদ্ধা সুশীল কুমাৰ আৰু শ্বাটলাৰ পি ভি সিন্ধুৱে৷ ভাৰতীয় পুৰুষ হকী দলটোৱেও ক্ৰমাগত দুবাৰৰ অলিম্পিকত পদক অৰ্জন কৰিছে৷ টকিঅ’ অলিম্পিকত ব্ৰ?ৰ পদক লাভ কৰা হকী দলটোৰ হাতলৈ এইবাৰো আহে ব্ৰঞ্জৰ পদক৷
ছটা পদক আহিলেও পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন হতাশাজনক বুলিয়েই ক’ব লাগিব৷ এইবাৰৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খৰচ কৰা হৈছিল প্ৰায় পাঁচশ কোটি টকা৷ তাৰ ভিতৰত সৰ্বাধিক ধন খৰচ হৈছিল এথলেটিকছত৷ অলিম্পকত ভাগ লোৱা ১১৭জনীয়া ভাৰতীয় দলটোত এথলেটিকছৰ আছিল ২৮জন খেলুৱৈ৷ তেওঁলোকৰ প্ৰস্তুতিৰ বাবেও খৰচ হৈছিল সৰ্বাধিক ৯৬.০৮ কোটি টকা৷ কিন্তু এথলেটিকছত নীৰজ চোপ্ৰাৰ বাহিৰে আন কাৰো পৰা পদক নাহিল৷ পূৰ্বতকৈ এইবাৰ ভাৰতত ক্ৰীড়াক্ষেত্ৰত অধিক ধন বিনিয়োগ কৰা হয়৷ তথাপি অলিম্পিকৰ দৰে ক্ৰীড়া সমাৰোহত দেশখনৰ পদকৰ সংখ্যা বৃদ্ধি হোৱা নাই কিয়? দেখা যায় আয়তনত ভাৰততকৈ বহু সৰু আৰু দুখীয়া দেশৰ প্ৰদৰ্শন অলিম্পিকত তুলনামূলকভাৱে যথেষ্ট উন্নত৷ এইবোৰ দেশ অলিম্পিকৰ পদক তালিকাত ভাৰততকৈ ওপৰত থাকিব পাৰে যদি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ বুলি গৰ্ব কৰা ভাৰতে সেইবোৰ দেশক চেৰ পেলাব নোৱৰাৰ কাৰণ কি? ক্ৰীড়া বিশেষজ্ঞৰ মন্তব্য যে ভাৰতত যদিও শেহতীয়াকৈ খেলা-ধূলাত অধিক ধন বিনিয়োগ কৰা হৈছে, তথাপি দেশখনত খেলুৱৈক অলিম্পিক অথবা আন আগশাৰীৰ প্ৰতিযোগিতাৰ বাবে সাজু কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰা নহয়৷ এইক্ষেত্ৰত চীনৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ পেৰিছ অলিম্পিকত ৪০টা স্বৰ্ণ, ২২টা ৰূপ আৰু ২৪টা ব্ৰঞ্জৰ পদকেৰে চীন আমেৰিকাৰ পাছতে দ্বিতীয় স্থানত আছিল৷ চীনত ক্ৰীড়াক্ষেত্ৰক যিধৰণে গুৰুত্ব দিয়া হয়, এয়া তাৰেই সুফল৷ চীনত দুহাজাৰতকৈ অধিক স্প’ৰ্টছ স্কুল আছে৷ এই স্কুলবোৰত পাঁচ বছৰ বয়সৰ পৰাই প্ৰতিভাৱান শিশুৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়৷ এই স্কুলবোৰত ভৱিষ্যতলৈ অলিম্পিকত দেশখনক প্ৰতিনিধিত্ব কৰিব পৰা খেলুৱৈ সৃষ্টি কৰা হয়৷ ভাৰতে চীনৰ পথ অনুকৰণ কৰিব নোৱাৰেনে? যিবোৰ ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰাৰ সম্ভাৱনা বেছি, সেইবোৰ ইভেণ্ট চিনাক্ত কৰি খেলুৱৈসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আৰু আন আনুষংগিক সা-সুবিধা আগবঢ়াব পাৰিলে সুফল নোপোৱাৰ কোনো কাৰণ নাই৷  প্ৰয়োজন সাপেক্ষে অনুশীলন আৰু প্ৰশিক্ষণৰ বাবে তেওঁলোকক বিদেশলৈকো পঠিওৱাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিব লাগে৷ বৰ্তমান সকলো দিশতে পেছাদাৰিত্বৰ প্ৰভাৱ পৰিছে৷ ক্ৰীড়াক্ষেত্ৰও ইয়াৰ ব্যতিক্ৰম নহয়৷ আন বহুক্ষেত্ৰত যিদৰে ভাৰতৰ উন্নতি সম্ভৱ হৈছে, সেইদৰে সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ক্ৰীড়াক্ষেত্ৰতো উত্তৰণ সম্ভৱ হ’ব৷ ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ চিন্তা-চৰ্চা চলাইছে৷ অলিম্পিক আয়োজনৰ দ্বাৰা দেশৰ ক্ৰীড়াৰ আন্তঃগাঁথনি অধিক উন্নত হ’ব, সেই কথা কোনেও নুই কৰিব নোৱাৰে৷ কিন্তু তাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিতো সমানেই গুৰুত্ব দিব লাগে৷