Logo
image

অৱশেষত ভাৰতীয় হ’ল বাংলাদেশী দুলন দাস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ আগষ্টঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ‘কা’ৰ জৰিয়তে অসমত প্ৰথমজন অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব৷ ‘আমাৰ অসম’ৰ বাতৰিৰ সত্যতা প্ৰতিপন্ন কৰি কাঁটা তাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা কাছাৰৰ দুলন কুমাৰ দাসক সোমবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ল৷ নাগৰিকত্ব লাভ কৰাৰ লগে লগে বাংলাদেশী দুলন দাস ‘স্বাভিমানী অসমীয়া’ হিচাপে পৰিগণিত হৈ পৰিলে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানেৰে অসমত ক্ষমতালৈ অহা বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰেই অৱশেষত খিলঞ্জীয়া অসমীয়াক ‘দাসত্ব’ৰ দিশলৈ ঠেলি দি জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানেৰে কাৰ্যতঃ যেন জাতি-মাটি আৰু ভেটিক বাংলাদেশীৰ হাতত তুলি দিলে৷ ২০১৪ চনৰ পূৰ্বে কাঁটা তাঁৰ পাৰ হৈ অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী দুলন কুমাৰ দাসে নাগৰিকত্ব লাভ কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ ভিত্তিত স্বাক্ষৰিত হোৱা ঐতিহাসিক ‘অসম চুক্তি’য়ো বেলি মাৰ গৈ অস্তিত্বহীন হৈ পৰিল৷ 



১৯৫১ চনৰ পাছত অহা বাংলাদেশীক বিতাড়নৰ দাবীত দশক দশক ধৰি আন্দোলন কৰি অহা আছুৰ অসম চুক্তিৰ লগতে প্ৰতিটো আন্দোলনেই এই মুহূৰ্তৰ পৰাই চিৰদিনৰ বাবে অপ্ৰাসংগিক হৈ পৰিল৷ উদ্বেগজনক বিষয়টো হৈছে ‘কা’ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে কাছাৰৰ দুলন কুমাৰ দাসক নাগৰিকত্ব বিবেচনাৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ত কমিটীয়ে বাছনি কৰাৰ গোপন তথ্য ‘আমাৰ অসম’ কাকতে ৯ আগষ্টৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ কৰিছিল যদিও অসমৰ ‘কা’ বিৰোধী জাতীয় দল-সংগঠন আৰু আৱেগিক অসমীয়াৰ উদাসীন মনোভাৱৰ বাবেই সোমবাৰে বাংলাদেশী নাগৰিকজনক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে৷ যিদৰে ‘কা’ বিৰোধী আন্দোলনক একাংশ জাতীয় সংগঠনে সম্পূৰ্ণ পৰিকল্পনাৰে ৰাজপথৰ পৰা খেল পথাৰলৈ নি গীত-কবিতাৰ মাজত সীমাৱদ্ধ কৰি ৰখাৰ কাৰ্যৰ সুযোগ লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ বিধি প্ৰস্তুত কৰি নাগৰিকত্বৰ বাট মুকলি কৰিলে৷ অথচ ‘কা’ বিৰোধী আন্দোলনত ছেম ষ্টেফৰ্ডকে ধৰি পাঁচ জন তেজাল অসমীয়াই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷ অসমৰ একাংশ প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই ‘কা’ৰ জৰিয়তে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাত এতিয়া উচ্ছতম ন্যায়ালয়ত গোচৰ তৰি আইন যুঁজ চলাই ৰখা বুলিয়েই ৰাজ্যৰ জনতাক আভুৱা ভাৰি আহিছে৷ ‘কা’ বিৰোধী সংগঠনৰ এনে ৰহস্যজনক মৌনতাৰ সুযোগ লৈ সৌ সিদিনা অসম চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ সীমান্ত শাখাক ২০১৪ চনৰ পূৰ্বে বাংলাদেশৰ পৰা অহা কোনো হিন্দু বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি দি আইনী হাৰাশাস্তি নকৰিবলৈ সতৰ্ক কৰি দিছিল৷ 

গৃহ বিভাগে বিগত ৫ জুলাইত জাৰি কৰা এই বিতৰ্কত জাননীৰ পাছতো দুই-এটা সংগঠনে নিয়মমাফিক ১০-১৫ মিনিটৰ বাবে ৰাজপথত প্ৰতিবাদ কৰিয়েই নিজৰ দায়িত্ব সামৰিছিল৷ যাৰ বাবে বিজেপি চৰকাৰে সোমবাৰে বাংলাদেশী দুলন কুমাৰ দাসক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি খিলঞ্জীয়া অসমীয়া ভৱিষ্যতৰ প্ৰভূত্ব নাশৰ ঐতিহাসিক সন্ধিক্ষণৰ যেন চীল-মোহৰ মাৰিলে৷ ইয়াৰ পৰিণতিত কাছাৰৰ দুলন দাসৰ পথ অনুসৰণ কৰি এজন-এজনকৈ অবৈধ হিন্দু বাংলাদেশীয়ে ‘কা’ৰ জৰিয়তে নাগৰিকত্বৰে অসমত সংস্থাপিত হ’ব৷ চাকৰিৰ পৰা বিদ্যালয়ত নাম ভৰ্তিলৈ প্ৰতিজন অসমীয়াৰ দৰেই কাছাৰৰ দুলনৰ দৰে আন আন বাংলাদেশীয়ো নাগৰিকত্ব লৈ সাংবিধানিক অধিকাৰ ভোগ কৰিব৷ হয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰে দুলন দাসৰ দৰে ন-অসমীয়াক চৰকাৰী অৰুণোদয়-অন্ন সুৰক্ষা আঁচনিৰো হিতাধিকাৰী মৰ্যদা প্ৰদান কৰিব৷ কাছাৰৰ দুলন দাসেই নহয়, বৰ্তমানলৈ ‘কা’ৰ জৰিয়তে নাগৰিকত্বৰ বাবে মুঠ ১০ জন বাংলাদেশীয়ে আবেদন জনাইছে৷ স্বাভাৱিকতেই বাংলাদেশী দুলন দাসৰ নাগৰিকত্বৰ পাছত অসম আন্দোলনৰ ভিত্তিত গঠন হোৱা  অতুল বৰাৰ নেতৃত্বাধীন অসম গণ পৰিষদে কি ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷ একেদৰে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আৱেগিক ভাষণেৰে ৰাইজক ৰাজপথত প্ৰতিবাদৰ বাবে উৎসাহিত কৰা এজেৱাই চি পি, কৃষক মুক্তি সংগ্ৰাম সমিতি তথা জনগোষ্ঠীয় সংগঠনৰ লগতে ‘কা’ বিৰোধী আন্দোলনৰ অচিলাৰে গঠন কৰা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্বৰ লগতে কংগ্ৰেছকে ধৰি আন বিৰোধী দল সমূহে এতিয়া কি স্থিতি গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ’ব৷