Logo
image

বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি আৱেদন তিনিগৰাকী মহিলাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৪ আগষ্টঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁলোকে ৰাজ্যসভাত ইমানদিনে প্ৰতিনিধিত্ব কৰা আসন দুখন খালী হোৱাৰ পাছত সেই আসন দুখনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা৷ ইতিমধ্যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি অধিসূচনা জাৰি কৰিছে৷ সেই অধিসূচনা জাৰি কৰাৰ পাছতে বিজেপিৰ ৰাজ্যসভাৰ টিকটপ্ৰত্যাশীসকলে নিজৰ নিজৰ দাবীৰ সমৰ্থনত দলৰ উদ্ধৰ্তম কতৃৰ্পক্ষৰ ওচৰত হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যসভাৰ আসন দুখনৰ বাবে কাক প্ৰাৰ্থিত্ব দিয়া হ’ব সেই বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে সোমবাৰে খানাপাৰাস্থিত এক নং চৰকাৰী অতিথিশালাত দলটোৰ ১৪জনীয়া ৰাজ্যিক নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়৷ 



জানিব পৰা মতে খালী হোৱা আসন দুখনৰ বিপৰীতে দলটোৰ ১২ গৰাকীতকৈ অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজ্যিক নেতৃত্বৰ ওচৰত আৱেদন জনাইছে৷ য’ত দলটোৰ তিনিগৰাকী প্ৰভাৱশালী মহিলা নেত্ৰীও আছে৷ তেওঁলোক হৈছে ক্ৰমে বিজেপিৰ মহিলা মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভানেত্ৰী তথা বিগত সময়ছোৱাত দলৰ বিভিন্ন দায়িত্ব নিষ্ঠাৰে পালন কৰি ৰাষ্ট্ৰীয় নেতৃত্বৰো প্ৰশংসা লাভ কৰা অপৰাজিতা ভূঞা, গুৱাহাটীৰ প্ৰাক্তন সাংসদ কুইন ওজা আৰু প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো৷ আন প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ ভিতৰত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সংসদ তপন গগৈ, প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস, প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰায়, ড॰ প্ৰদীপ ঠাকুৰীয়া, ৰূপম গোস্বামী, বিজয় গুপ্তা, অশোক ভট্টৰয়, অনুপ সিং পুৰোহিত, মানস প্ৰতীম ডেকা আদি৷ মহিলা টিকটপ্ৰত্যাশী তিনিগৰাকীৰ ভিতৰত কুইন ওজা আৰু ৰেখাৰাণী দাস বড়ো পূৰ্বে অগপ দলত আছিল৷

জন্মলগ্নৰে পৰা অগপ দলৰে জড়িত দুইগৰাকী নেত্ৰীয়ে পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰে৷ ইফালে, বিজেপিত যোগদান কৰাৰ পাছৰে পৰা দলত বিভিন্ন পদবীত নিষ্ঠাৰে সেৱা আগবঢ়াই অহা অপৰাজিতা ভূঞাই দলৰ বেয়া দিনতো মহিলাসকলক সংগঠিত কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি দল সম্পৰ্কে বহু অভিজ্ঞতা অৰ্জন কৰিছে৷ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে প্ৰাৰ্থীৰ পেনেল কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে৷ দুখন আসনৰ এখনত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্ব কাৰ্যতঃ নিশ্চিত বুলি দলৰে এটা সূত্ৰই সদৰী কৰিছে৷ সেইসূত্ৰে এতিয়া দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি প্ৰাৰ্থীসকলে নিজা নিজা ধৰণে কৌশল ৰচনা কৰিছে৷ সকলো ঠিকে থাকিলে ২০ আগষ্টৰ আগে-পাছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে৷