Logo
image

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিঃ এম্বুলেঞ্চৰ অভাৱত আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু

'আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ১৪ আগষ্টঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে যদিও প্ৰকৃততে অসমৰ স্বাস্থ্যখণ্ডৰ অৱস্থা উন্নত হৈছেনে, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এখন এম্বুলেঞ্চৰ অভাৱৰ বাবেই চৰাইদেউত এটি আঢ়ৈ বছৰীয়া শিশুৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই এই বাস্তৱ ছবিখন পোহৰলৈ আহিছে । এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, চৰাইদেউ জিলাৰ শালকাঠনি চাহ বাগিছাৰ মেডেলা লাইনৰ নিৱাসী জেনিছ কুজুৰ আৰু মৰিয়ম কুজুৰৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান ৰিয়ান কুজুৰৰ সোমবাৰে সন্ধিয়া জ্বৰ হোৱাত বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে। বাগিচাৰ চিকিৎসালয়ত এগৰাকী নাৰ্ছে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগে লগে শিশুটিক পিতৃ-মাতৃয়ে চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও শিশুটিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত নিশা প্ৰায় ১২ বজাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাবলৈ পৰামৰ্শ আগবঢ়ায়। 



চিকিৎসকৰ পৰামৰ্শমতে কুজুৰ দম্পতীয়ে শিশুটিক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিবৰ বাবে প্ৰথমে ১০৮ এম্বুলেঞ্চলৈ ফোন কৰে। কিন্তু কেইবাবাৰো চেষ্টা কৰাৰ পাছতো তেওঁলোকে চৰকাৰী ১০৮ এম্বুলেঞ্চৰ সুবিধা লাভ নকৰিলে। উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটিয়ে শালকাঠনি চাহ বাগিচা হাস্পতালৰ এম্বুলেন্সৰ সৈতে যোগাযোগ কৰে। কিন্তু বাগিচাৰ এম্বুলেঞ্চৰ তিনিজনকৈ চালক থকাৰ পাছতো আটাইকেইজন চালকে নানা অজুহাত দেখুৱাই কুজুৰ দম্পতীক বিমুখ কৰে। 

ইফালে, ৰোগাক্ৰান্ত শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি হাস্পতালৰ বাৰাণ্ডাতে ছাটিফুটি কৰিবলৈ ধৰে ৷ দৰিদ্ৰ পৰিয়ালটোৱে টকাৰ অভাৱৰ বাবে ব্যক্তিগত বাহন ভাৰালৈ ল’ব নোৱৰাত অৱশেষত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ বাৰাণ্ডাতে শেষ নিশ্বাস ত্যাগ কৰে৷ অৱশেষত দৰিদ্ৰ পৰিয়ালটোৱে নিজৰ আঢ়ৈ বছৰীয়া সন্তানক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়াৰ পৰিৱৰ্তে নিথৰ দেহ ঘৰলৈ উভতি আহে। শিশুটিৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।