Logo
image

'গ্ৰাম্য বিকাশ মঞ্চ'ৰ উদ্যোগত ৰাজ্যিকভিত্তিক ৰচনা প্ৰতিযোগিতাঃ বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব আৰ্কষণীয় পুৰস্কাৰ

ডিজিটেল সংবাদ, নলবাৰীঃ ১৯৯৯ চনত প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চই যোৱা ২৪ টা বছৰ ধৰি এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাপূৰ্ণ আৰু শোষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে। এই বৰ্ষত গ্ৰাম্য বিকাশ মঞ্চই গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। চলিত বছৰটোত গ্ৰাম্য বিকাশ মঞ্চই বিভিন্ন কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে। ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ উৎকৰ্ষ সাধনৰ অৰ্থে সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই ৰচনা প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰা হৈছে। 'ক' শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে - 'সমাজৰ উত্তৰণত স্বেচ্ছাসেৱাৰ প্ৰয়োজনীয়তা'। আনহাতে 'খ' শাখাত স্নাতকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে - 'ৰাষ্ট্ৰ গঠনত স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা'। প্ৰতিযোগীসকলে এহেজাৰ শব্দৰ ভিতৰত নিজ হাতে ৰচনা লিখি পি ডি এফ. ফৰ্মেটত শিক্ষানুষ্ঠানৰ পৰিচয়-পত্ৰৰ ফটো কপিৰ লগতে নাম, ঠিকনা আৰু যোগাযোগ নম্বৰৰ সৈতে publicationgvm@gmail.com ত অহা ১৫ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।


 
উল্লেখ্য যে 'ক' শাখাত বঁটা হিচাপে থাকিব  ২০০০ (দুই হাজাৰ) টকা, ১৫০০ (এক হাজাৰ পাঁচশ) টকা, ১০০০ (এক হাজাৰ) টকা লগতে ট্ৰফি আৰু মানপত্ৰ। আনহাতে 'খ' শাখাত বঁটা হিচাপে থাকিব - ৩০০০ (তিনি হাজাৰ) টকা, ২০০০ (দুই হাজাৰ) টকা আৰু ১০০০ (এক হাজাৰ) টকা লগতে ট্ৰফি আৰু মানপত্ৰ। 

বিজয়ী প্ৰতিযোগী সকলৰ নাম প্ৰেছ বিজ্ঞপ্তিযোগে তথা প্ৰতিযোগীক প্ৰত্যক্ষভাৱে যোগাযোগ কৰি জনোৱা হ’ব। চলিত বৰ্ষৰ ৭ ডিচেম্বৰ তাৰিখে গ্ৰাম্য বিকাশ মঞ্চৰ প্ৰতিষ্ঠা দিৱস তথা ৰূপালী জয়ন্তী উদযাপনৰ মুখ্য অনুষ্ঠানৰ দিনা এই বঁটাসমূহ প্ৰদান কৰা হ’ব। প্ৰতিযোগীসকলে অধিক তথ্যৰ বাবে ৬৯০০৯৫৭০৪৭ আৰু ৮৬৩৮৭০৯২৬৩ নম্বৰত যোগাযোগ কৰিব পাৰিব। এইক্ষেত্ৰত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা আৰু সম্পাদক দিবাকৰ ডেকাই ৰূপালী জয়ন্তী বৰ্ষৰ সকলো অনুষ্ঠানতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।