Logo
image

মাহমৰাত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ বানত পুনৰ দুজনৰ মৃত্যু

'আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ১৬ আগষ্টঃ চৰাইদেউ জিলাৰ মাহমৰাত আজিও অপৰিৱৰ্তিত হৈ আছে বানপানী। ষষ্ঠ দিন অতিক্ৰম কৰাৰ পাছতো মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰি কুৰিৰো অধিক গাঁও বানৰ কবলত ৷ বাঢ়নী পানীয়ে চলিত বৰ্ষত ইতিপূৰ্বে চৰাইদেউ জিলাত শিশুসহ ৭ জন লোকে প্ৰাণ আহুতি দিয়াৰ পাছত পুনৰ মাহমৰাত ২ জন লোক মৃত্যু হোৱাৰ পাছত জিলাখনত বানপানীত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে ৷ 

উল্লেখ্য, দিৰৈ নদীৰ বাঢ়নী পানীত মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হিংৰীজান চাহ বাগিচাৰ কানু তাঁতী (৩৫) আৰু ৰাঙলীৰ মাধৱ গগৈ (৪০) নামৰ দুজন ব্যক্তিৰ মৃত্যু হয়। হিংৰীজান চাহ বাগিচাৰ বৰলাইনৰ বাসিন্দা কানু তাঁতীয়ে বৃহস্পতিবাৰে সন্ধিয়া কিবা কামত ঘৰৰ পৰা ওলাই আহোঁতে মৰাণ-ৰাঙলী সংযোগী পথত থকা পকা দলঙৰ পৰা পিছলি পানীত পৰে। দিৰৈ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল প্লাৱিত কৰি ৰখাৰ ফলত ব্যক্তিজনৰ সলিল সমাধি ঘটে ৷ মৃত্যুৰ সময়ত যুৱকজনে একমাত্ৰ ভগ্নৰক ইহসংসাৰত এৰি থৈ যায়। 



আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া ৰাঙলী থানপথাৰ গাঁৱৰ মাধৱ গগৈ নামৰ ব্যক্তিজন ঘৰৰ সমীপতে দিৰৈ নদীৰ বাঢ়নী পানীত পৰি সলিল সমাধি ঘটে৷ চলিত বছৰত এইপৰ্যন্ত চৰাইদেউ জিলাত বানত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে চৰাইদেউ জিলাৰ আইদেউবাৰী বাগিছা গাঁৱৰ বলো খাখলাৰী, বৰাহী বাগিছাৰ ৰাধিকা দুছাদ, চফ্ৰাই বাগিছাৰ নিতাই তন্তবাই, খোকামৰা গাঁৱৰ সঞ্জীৱ ধুবী, বেঙেনাবাৰী-লেকামহাবি গাঁৱৰ ভাইটি মুণ্ডা, মাহমৰা বালিজান দুৱৰী গাঁৱৰ বিভাস মহন আৰু কাকতীবাৰীৰ বিপুল গগৈ নামৰ ব্যক্তিজন চলিত বৰ্ষৰ বানপানীত মৃত্যু হৈছিল। 

উল্লেখ্য, দিচাং নদীৰ বাঢ়নী পানীয়ে  মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত টিমন,ভলুকাগুৰি, কাকতিবাৰী, ভজো, খণ্ডলা, নাহৰণি, জাপিধৰা, এৰাবাৰী, চেঙেলীমৰা, মাহমৰা আদৰ্শ কোঁৱৰ গাঁও, মাহমৰা গোঁহাই গাঁও, বনমালি, শান্তিপুৰ, দিচাংকোষ, দিচাংপানী আদি অঞ্চল আজিও প্লাৱিত কৰি ৰাখিছে ৷ সেইদৰে, দিৰৈ আৰু টিফুক নদীৰ বান আজিও অপৰিৱৰ্তিত হৈ থকাত মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত দুকুৰিৰো অধিক গাঁও আজিও বানৰ কবলত । দিৰৈ নদীৰ বাঢ়নী পানীৰ ফলত ৰাঙলী, থানপথাৰ, ঘিলাগুৰি, সুন্দৰপুৰ, জংঘলব্লক, খনিকৰ, গড়বস্তি, মাজিবস্তি, হজোৱা, লাওজান, খোকামৰা, কচুমাৰি, লুখুৰাখন, ডোমৰদলং, টিফুক, চেপন আদি অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি দিৰৈ নদীৰ বানে বুৰাই পেলোৱাৰ লগতে কেইবাশতাধিক লোকৰ ঘৰ-বাৰী বুৰাই পেলায় । আনহাতে, টিফুক নদীৰ বাঢ়নী পানীৰ ফলত নিৰ্মলীয়া, হেলাইগুৰি, বালিজান, দেউঘৰীয়া, বৰবিল, কুন্দাৰু, হিমপৰা, বিশ্ৰামপুৰ, জজলীহাবি, কচুপথাৰ, ডবা, টিফুক আদি অঞ্চল আজিও বানৰ কবলত। বানাক্ৰান্ত ৰাইজ এতিয়াও মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ে স্থাপন কৰা আশ্ৰয় শিৱিৰতে দিন অতিবাহিত কৰিছে। ইফালে বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা চৰকাৰী সাহায্য আৰু পশুখাদ্য বিতৰণৰ নামত ব্যাপক অনিয়ম হোৱা বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে। বানত আক্ৰান্ত নোহোৱা সম্ভ্ৰান্ত পৰিয়ালৰ লোকে চৰকাৰী সাহাৰ্য গ্ৰহণ কৰাৰ বিপৰীতে প্ৰকৃত বানাক্ৰান্তই এই সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।