Logo
image

আলফাৰ ‘বোমা-মেলা’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ আগষ্ট : দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতিবছৰৰ দৰে এইবাৰো বিদ্ৰোহী সংগঠন আলফা স্বাধীনে স্বাধীনতা দিৱসৰ বৰ্জন ঘোষণা কৰি আৰক্ষী আৰু ৰাইজক সতৰ্ক কৰি দিছিল৷ ১৫ আগষ্টৰ প্ৰাকসন্ধিয়া খোদ আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ একাধিক স্থানত বোমাৰে উৰুৱাই দিয়াৰ আৰক্ষীক মুকলি ভাবুকি প্ৰদান কৰিছিল৷ কিন্তু আলফাৰ মুকলি ভাবুকিক কোনো গুৰুত্বই দিয়া নাছিল অসম আৰক্ষী তথা গৃহ বিভাগে৷ কিন্তু বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচী চলি থকাৰ মাজতে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিয়ে মুহূৰ্ততে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে গৃহ বিভাগ আৰু আৰক্ষী-চোৰাংচোৱাৰ ভিতৰচ’ৰাত৷ কিয়নো আলফাই ই-মেইল বিবৃতিটোত ৰাজ্যৰ মুঠ ২৫ স্থানত বোমা সংস্থাপন কৰাৰ কথা সদৰী কৰাই নহয়, কোন কোন স্থানত বোমা সংস্থাপন কৰা হৈছে তাৰো ফটো ৰাজহুৱা কৰে বিদ্ৰোহী সংগঠনটোৱে৷ তাৎপৰ্যপূৰ্ণভাৱে ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজ্যৰ আটাইতকৈ সুৰক্ষিত অঞ্চল হিচাপে পৰিচিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ গাতে লাগি থকা লাষ্টগেট ছুপাৰমাৰ্কেটতো আলফাই সংস্থাপন কৰে বোমা৷ এটা দুটা নহয় ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মুঠ আঠটাকৈ বোমা সংস্থাপনৰ কথা ঘোষণা কৰি সংশ্লিষ্ট স্থানৰ ফটো ৰাজহুৱা কৰে সংগঠনটোৱে৷ কাৰিকৰীগত কাৰণত বোমাসমূহ বিস্ফোৰণ নহ’ল বুলি দাবী কৰি বিবৃতিটোত আলফাই ৰাইজক বোমাসমূহ নি নিষ্ক্ৰিয় কৰিবলৈ আহ্বান জনায়৷ স্বাভাৱিকতেই ৰাজ্যত ‘বোমা-মেলা’ পতাৰ তথ্য আলফাই ৰাজহুৱা কৰাত নিমিষতে স্মাৰ্ট অসম আৰক্ষীৰ স্বাধীনতা দিৱসৰ সকলো উছাহ নোহোৱা হৈ পৰে৷



কিয়নো স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত পানী নসৰকা নিৰাপত্তা তথা সীমান্তৰ সাধাৰণ লোকক হাৰাশাস্তি কৰি তালাচী চলোৱাৰ পাছতো স্মাৰ্ট অসম আৰক্ষীৰ নাকৰ তলতে আলফাই ২৫টাকৈ স্থানত বোমা সংস্থাপন কৰিবলৈ সক্ষম হোৱাত গৃহ বিভাগৰ চৰম ব্যৰ্থতাকে যেন উদঙাই দিয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আধাতে এৰি আৰক্ষীয়ে বোমাৰ সন্ধানত অভিযানত ব্যস্ত হৈ পৰিবলৈ বাধ্য হয়৷ অৱশ্যে স্বাধীনতা দিৱসৰ দিনটোত আলফাই ‘নিষ্ক্ৰিয়’ বোমা সংস্থাপনৰ উদ্দেশ্যক লৈয়ো আৰক্ষীৰ লগতে সাধাৰণ ৰাইজৰ মনতো প্ৰশ্ন উত্থাপন হৈছে৷ বিশ্লেষকমহলে দাবী কৰা মতে স্বাধীনতা দিৱসৰ দিনটোত আলফাই বোমা সংস্থাপন কৰি নিজৰ অস্তিত্ব আৰু সক্ৰিয়তাৰ পৰিচয় দিলে৷ কিয়নো বিগত বৰ্ষত উজনি অসমত একাংশ যুৱকক ব্যৱহাৰ কৰি সেনা শিবিৰত গ্ৰেনেড নিক্ষেপ কৰাৰ বাহিৰে শেহতীয়া সময়ছোৱাত আলফাৰ বিশেষ সক্ৰিয়তা দেখা পোৱা হোৱা নাছিল৷ আনহাতে অনুপ চেতিয়াৰ নেতৃত্বাধীন আলোচনাপন্থী আলফা নেতৃত্বৰ সৈতে কেন্দ্ৰই যি শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল, সেই চুক্তিক লৈ অলপো সন্তুষ্ট নাছিল পৰেশ বৰুৱা৷ আনকি পৰেশ বৰুৱাই মুকলিকৈ পিঞ্জৰাৰ ভিতৰৰ সিংহৰ চৰকাৰৰ ওচৰত বিশেষ গুৰুত্ব নাই বুলি কটাক্ষ কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিততেই শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে পৰেশ বৰুৱা বাহিনীয়ে স্বাধীনতা দিৱসৰ দিনটোত নিষ্ক্ৰিয় বোমা সংস্থাপনৰ খবৰ ৰাজহুৱা কৰা বুলিও বিশ্লেষকমহলে দাবী কৰিছে৷ আনকি আলফাই অসম আৰক্ষী-সেনা আৰু চোৰাংচোৱাকো নাকত ধৰি চাকত ঘূৰাই তিনিচুকীয়াত সশস্ত্ৰ দলৰ প্ৰৱেশৰ খবৰ প্ৰচাৰ কৰি আৰক্ষী-সেনাক ব্যস্ত ৰাখি গুৱাহাটীকে ধৰি আন স্থানসমূহত বোমা সংস্থাপন কৰা বুলিও চৰ্চা চলিছে৷ উল্লেখ্য, আলফাৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে ই-মেইল বিবৃতিত প্ৰকাশ কৰা বোমা সংস্থাপনৰ স্থানসমূহ হৈছে ক্ৰমে–  শিৱসাগৰৰ ডি টি অ’ অফিচত পৰি থকা পুৰণি এখন বাহন, শিৱসাগৰ বি জি ৰোডৰ অ’ এন জি চি প্ত নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এখন এম্বুলেন্স৷ লাকুৱা তিনি আলিৰ থানাৰ সমীপত, ডিব্ৰুগড়ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ  পুৰণি এখন বাছত, লখিমপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি  এখন বাছত, লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত  থকা এনএইচপিচিৰ পুৰণা এখন বাহনত, লালুক দৈনিক বজাৰৰ আই বিৰ সমীপত,  বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা এখন বাহনত, নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতালৰ সমীপত ইটা ভাটাৰ কাষত,দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি অংশ, গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ এটা বাকচত, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত চিডিএ গেটৰ সমীপত, পাণবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ এখন বিপণীত, যোৰাবাট উৰণীয়া সেতুৰ সমীপত, ভেটাপাৰা, মালিগাঁও, ৰাজগড়, নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষৰ পুৰণি এখন এম্বুলেন্সত, ৰঙিয়া-তামুলপুৰ ৰ’ডৰ সমীপত আৰু গোৰেশ্বৰ চ’কত৷ অৱশ্যে বিবৃতিটোত পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট-সৰুপথাৰ দুটা স্থানৰ সঠিক স্থান নিৰূপন কৰিব পৰা নগ’ল বুলিও আলফাই প্ৰকাশ কৰে৷ বিদ্ৰোহী সংগঠনটোৱে প্ৰকাশ কৰা বোমা সংস্থাপনৰ এই তালিকা হাতত লৈয়ে বিগত ৩৬ ঘণ্টা ধৰি আৰক্ষী-সেনাই বোমাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ গুৱাহাটীৰ মুঠ ৮ টা স্থানত বোমা সংস্থাপনৰ কথা উল্লেখ কৰিছিল যদিও এই মুহূৰ্তলৈ চাৰিটা স্থানৰ পৰাহে বোমা উদ্ধাৰ কৰিছে৷ বৃহস্পতিবাৰে গান্ধীমণ্ডপ আৰু পানবজাৰৰ পৰা দুটা বোমা উদ্ধাৰ কৰাৰ পাছত শুকুৰবাৰে সাতগাঁও সেনা শিবিৰৰ সমীপৰ লগতে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কাষৰ লাষ্টগেটৰ পৰা আন দুটা আই ই ডি উদ্ধাৰ কৰে৷ ইফালে নলবাৰীৰ জিলা ঔষধ ভঁৰালৰ পিছফালে অৰ্থাৎ চিটিস্কেন চেণ্টাৰৰ কাষৰ এখন এম্বুলেন্সৰ তলৰ পৰা আৰক্ষীয়ে বোমাসদৃশ সামগ্ৰী জব্দ কৰাৰ কথা প্ৰকাশ কৰিছে৷ আনহাতে, তামুলপুৰৰ গোৰেশ্বৰ চ’কতো আৰক্ষীয়ে গাত খান্দি বোমাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে যদিও এই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা স্পষ্টকৈ কোনো কথা ৰাজহুৱা কৰা নাই৷ গোলাঘাট জিলাৰ সৰুপথাৰতো নগৰখনৰ মাজমজিয়াৰ ডিভাইডাৰৰ পৰা এটা টোপোলাত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সময় হয় আৰক্ষীয়ে৷ একেদৰে নগাঁও জিলাৰ আদিত্য নাৰ্ছিং হোমৰ সমীপৰ লগতে বৰঘাটৰ পৰা পৰিত্যক্ত অৱস্থাত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে যদিও আৰক্ষীয়ে উক্ত সামগ্ৰীসমূহ বোমা নহয় বুলি দাবী কৰে৷ আনহাতে, লখিমপুৰৰ লালুকৰ পৰিদৰ্শন বঙলাৰ কাষৰ এখন দোকানৰ পৰা বৃহস্পতিবাৰে এটা বোমা উদ্ধাৰ কৰাৰ লগতে টাউন বাষ্টেণ্ডৰ এ এছ টি চিৰ বাছ আস্থানৰ পৰা আন এটা বোমা উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে৷ আলফাই ডিব্ৰুগড়ৰ ঢৌকিডিঙীত বোমা সংস্থাপনৰ দাবী কৰিছিল যদিও কোনো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ অৱশ্যে বোমাৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে যদিও আলফাই এই ‘বোমা মেলা’ই গৃহ বিভাগক চৰম অস্বস্তিত যে পেলাইছে সেয়া নক’লেও অনুমেয়৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক ডাঙৰীয়া সম্বোধন কৰি অসমৰ বিকাশৰ সময়ত এনে হিংসাত্মক কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান জনায়৷ 

‘আমাৰ অসম’ৰ লালুকৰ প্ৰতিবেদক : ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটোত ধেমাজী চহৰত সংযুক্ত মুক্তি বাহিনী অসমে (আলফা) সংঘটিত কৰা সেই অভিশপ্ত দিনটোৰ পাছত দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসত পুনৰ কূটাঘাতৰ চেষ্টা কৰাকলৈ উদিগ্ন হৈ পৰিছে সাধাৰণ ৰাইজ৷ কালি পুৱাৰ ভাগত সংযুক্ত মুক্তি বাহিনী অসমে বিবৃত্তিৰ জৰিয়তে অসমৰ সংবাদ মাধ্যমক স্পষ্ট কৰি দিয়া লালুক আই বিৰ সন্মুখত নিদিষ্ট স্থানতে আৰক্ষীয়ে আই ই ডিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লালুক চক্ৰৰ চি আই দিপাংকৰজ্যোতি বৰা, লালুক থানাৰ অ’ চি মিল্টন বুঢ়াগোহাঁই, এছ আই ছত্ৰ সিং পাতৰে জোৰদাৰ গতিত অনুসন্ধান চলাই লালুক বিহপুৰীয়া সংযোগী পথত লালুক পৰিদৰ্শন বঙলাৰ সন্মুখত এখন পদপথৰ কাষত বহা মুকলি দোকানৰ ভিতৰৰ বাঁহৰ চাঙৰ তলৰপৰা ১৫ আগষ্টৰদিনা দুপৰীয়া প্ৰায় ৰবজাত পলিথিনৰ বেগত মেৰিয়াই থোৱা অৱস্থাত বোমাটো উদ্ধাৰ কৰে৷ বোমা উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোতে হুৱা-দুৱা লাগে৷ আৰক্ষী বাহিনীয়ে অতি তৎপৰতাৰে অঞ্চলটো ঘেৰি পেলায়৷ ইফালে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰীৰ যাতায়াতৰ মূলপথৰ নিচেই কাষতে বোমা উদ্ধাৰ হোৱাত ৰাইজ সন্ত্ৰস্ত হৈ পৰে৷ আৰক্ষীয়ে স্নিফাৰ কুকুৰ আৰু মেটেল ডিটেক্তৰ আনি পৰীক্ষা কৰোৱাত আৰক্ষীয়ে বোমাটো আই ডি বুলি নিশ্চিত কৰে৷ লগতে আৰক্ষীয়ে উপস্থিত ৰাইজক আই ডিটো নিস্ক্ৰয় বুলিও অৱগত কৰে৷  সম্পূৰ্ণ তিনিঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ পৰিৱেশত কাষৰীয়া লোকৰ লগতে পথাচাৰীয়ে সময় অতিবাহিত কৰিবলগা হয়৷ বিয়লি প্ৰায় চাৰিবজাত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰ জিৎ গায়নৰ লগতে ব’ম স্কোৱাডৰ দল ঘটনাস্থলীত উপস্থিত হয়৷ বোমা স্কোৱাডৰ দলে আই ডিটো নিস্ক্ৰয় কৰিবলৈ উক্ত স্থানৰপৰা নিৰাপদে গাড়ীত উঠাই নিয়ে৷  আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আলফাই বোমা সংস্থাপন কৰি ৰখা তথ্য ১৪আগষ্টতে লাভ কৰি ১৪আগষ্টৰ দিনা ৰাতিয়ে বিভিন্ন স্থানত তালাচী চলোৱাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল৷ ১৫আগষ্টৰ দিনটোত পুৱাৰেপৰা আৰক্ষী ব্যস্ত হৈ পৰিছিল বোমাটো উদ্ধাৰ অভিযানত৷ আৰক্ষীয়ে অৱশেষত বোমাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, লালুকত কিছুদিন পূৰ্বে আলফাৰ নাম লৈ লালুকৰ ব্যৱসায়িক ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে৷ লালুকত আলফাৰ নাম লৈ ধন দাবী আৰু স্বাধীনতা দিৱসৰ দিনটোত আই ডি উদ্ধাৰ হোৱা ঘটনাই ৰাইজক বাৰুকৈয়ে ভবাই তুলিছে৷

 ‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক: দেশৰ গৌৰৱোজ্জ্বল ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনাই বোমাতংকক লৈ কঁপিল সমগ্ৰ ৰাজ্য৷ ৰাজ্যৰ ১৯টাকৈ স্থানত নিষিদ্ধঘোষিত সংগঠন আলফাই(স্বাঃ) বোমা সংস্থাপিত কৰাৰ খবৰ ই-মেইলযোগে সম্প্ৰচাৰ হোৱাৰ পাছতে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হয়৷ ডিব্ৰুগড়ৰ চৌকাডিঙ্গিৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত থকা এখন পৰিত্যক্ত বাছত বোমা থকাৰ খবৰ বিয়পিপৰাৰ লগে লগেই হুৱা-দুৱা লাগে ডিব্ৰুগড়ৰ আৰক্ষী প্ৰশাসনত৷ খনিকৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতেই ডিব্ৰুগড় আৰক্ষীৰ উচ্ছপদস্থ বিষয়াসহ এক বিশাল দলে বাছ আস্থানৰ চৌহদৰ নিৰ্দিষ্ট পৰিত্যক্ত বাছখনত তালাচী অভিযান চলোৱাৰ লগতে সমগ্ৰ আস্থানটোতেই অভিযান চলায়৷ দিনজান সেনা শিবিৰৰপৰা বোমা নিস্ক্ৰয় কৰিবলৈ সেনাৰ স্নিফাৰ ডগ লৈ সকলোতে অভিযান চলায়৷ কিন্তু প্ৰায় ৫ ঘণ্টাৰ অধিক সময় অভিযান চলোৱাৰ পাছতো কোনো বোমা বা তেনেধৰণৰ আপত্তিজনক সামগ্ৰী বাছ আস্থানৰপৰা উদ্ধাৰ কৰিবপৰা নহ’ল৷ উল্লেখ্য, চৌকিডিঙী বাছ আস্থানৰ সমীপতে আলোচনাপন্থী আলফা অনুপ চেতিয়াৰ বাসগৃৃহ৷ আনহাতে, আজিও বোমাৰ সন্ধানত ডিব্ৰুগড়ৰ আৰক্ষীয়ে মহানগৰৰ চৌকিডিঙী খেলপথাৰৰ লগতে জনসমাগম অঞ্চলসমূহত তালাচী অভিযান চলায় যদিও কোনো বোমাৰ সন্ধান নাপালে ডিব্ৰুগড় আৰক্ষীয়ে৷ ইফালে আজি প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ জেৰাই গাঁৱৰ বাসগৃহতো আৰক্ষীয়ে অভিযান চলায়৷  

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : দেশৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁৱৰো ভিন্ন স্থানত নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে বোমা সংস্থাপিত কৰি থোৱা খবৰে আৰক্ষীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ এই ঘটনাই নগাঁৱত সৰ্বস্তৰৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে৷ উল্লেখ্য, কালি পুৱাৰ ভাগত আলফাই (স্বাধীন) এক বিবৃতিযোগে প্ৰকাশ কৰিছিল যে অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ বৰঘাট আৰু নগাঁও - ৰূপহীহাট গড়কাপ্টানি পথৰ হৰহৰিয়াজানৰ সমীপৰ আদিত্য নাৰ্ছিং হোমৰ কাষৰ আছুতীয়া স্থানত দুটাকৈ বোমা পুতি থোৱা আছে৷ আলফাৰ বিবৃতিৰ পাছতে নগাঁও আৰক্ষীৰ মাজত হুৱা-দুৱা সৃষ্টি হয়৷ লগে লগে আৰক্ষীয়ে উল্লিখিত স্থান দুটাত অভিযান চলাই বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে৷ এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্লনীল ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে কেইবাটাও পেকেট আছিল৷ সেইবোৰ খুলি চোৱাত দেখা গ’ল তাত কোনো বোমাৰ লক্ষণ নাই৷ আৰক্ষীৰ কাৰিকৰী বিশেষজ্ঞৰ দলেও পৰীক্ষা কৰিছে যদিও কোনো বিস্ফোৰক সামগ্ৰী নাই৷ তদুপৰি, বোমাত থাকিবলগীয়া চাৰ্কিট বা ডিভাইচ নাই৷ আৰক্ষী অধীক্ষকজনে এয়া বোমা নহয় বুলি নিশ্চিত কৰে৷ ইপিনে বোমাসদৃশ সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছতে নগাঁও আৰক্ষীয়ে আলফাৰ কাম-কাজ সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰে৷ ইয়াৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে একাংশ প্ৰাক্তন আলফা সদস্যক আৰক্ষী থানালৈ তলব কৰে৷ জিলাখনৰ ধিং, জাজৰি, বটদ্ৰৱা, কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন অঞ্চলৰ কুৰিজনৰো অধিক প্ৰাক্তন আলফা সদস্যক থানালৈ তলব কৰে৷ তেওঁলোকক সোধ-পোছ কৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে৷ প্ৰাক্তন আলফা সদস্যৰ একাংশক থানালৈ আনি সোধ-পোছ কৰাত প্ৰাক্তন আলফা সদস্যসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো স্বাধীনতা দিৱসৰ দিনটোত বোমাতংকই ৰাইজক আতংকিত কৰি তোলে৷ নলবাৰী চহৰস্থ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ প্ৰৱেশ পথত এখন পৰিত্যক্ত এম্বুলেন্সত আলফাই বোমা সংস্থাপন কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই ৰাইজৰ মাজত লাগে হুৱা-দুৱা৷ বোমাতংকৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই নলবাৰীৰ আৰক্ষী, চিআৰপিএফ বাহিনীৰ জোৱানেৰে ভৰিপৰে চিকিৎসালয় চৌহদ৷ চিকিৎসালয়লৈ যোৱা পথটোৰে যাতায়াত বন্ধ কৰি দিয়ে নিৰাপত্তাৰক্ষীয়ে৷ পাছত বোমা বিশেষজ্ঞৰ দল আৰু স্নিফাৰ ডগ ঘটনাস্থলীত উপস্থিত হৈ বোমাৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলায় যদিও উক্ত স্থানত বোমাৰ অৱস্থিতি উলিয়াব নোৱাৰিলে৷ ইয়াৰ পিছতেই জিলা ঔষধ ভড়াঁলৰ পিছফালে অৰ্থাৎ চিটী স্কেন চেণ্টাৰৰ কাষতে থকা পৰিত্যক্ত এম্বুলেন্সত আৰক্ষীয়ে বোমাৰ সন্ধানত নামি পৰে৷ সেইমৰ্মে এখন এম্বুলেন্সৰ তলফালে এডাল লাঠীত ক’লা পলিথনেৰে মেৰি¸য়াই থোৱা এটা টোপোলা উদ্ধাৰ কৰি আৰক্ষীয়ে ঘটনাস্থলীৰপৰা এখন বাহনেৰে ৰাজপথেৰে নিৰাপদ স্থানলৈ লৈ যায়৷ আৰক্ষীয়ে বোমাজাতীয় সামগ্ৰী বুলি জানিবলৈ দিছে৷ আনহাতে, পাগলাদিয়া নৈখনৰ ওচৰলৈ চহৰৰ ৰাজপথেৰে দৌৰা-দৌৰিকৈ এনেদৰে মুকলিকৈ লৈ যোৱা ঘটনাটোক লৈও ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷

‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদক : ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধঘোষিত আলফাই (স্বাঃগ্গ  অসমৰ ১৯টা স্থানৰ লগতে ৰঙিয়া-তামুলপুৰ পথৰ গোৰেশ্বৰ চ’কত বোমা সংস্থাপিত কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱাৰ পাছতে তামুলপুৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ তামুলপুৰ আৰক্ষীয়ে আলফাৰ (স্বাঃ) প্ৰেছ বিজ্ঞপ্তি লাভ কৰাৰ লগে লগে ৰঙিয়া-তামুলপুৰ পথৰ গোৰেশ্বৰ চ’কত উপস্থিত হৈ সংস্থাপিত বোমাটোৰ বিৰুদ্ধে অভিযান চলায়৷ প্ৰথম অৱস্থাত তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা বৃহৎ দলে ঠাইখিনিত উপস্থিত হৈ সংস্থাপিত বোমাটো বিচাৰি অভিযান চলায় যদিও বোমাটোৰ কোনো সম্ভেদ লাভ নকৰিলে৷ পাছত তামুলপুৰ আৰক্ষীয়ে স্নিফাৰ ডগ আনি ঠাইখিনিত অভিযান চলায় যদিও বোমাটোৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল৷ বিয়লি ভাৰতীয় সেনাৰ এটা বৃহৎ দলে পুনৰ বোমাটোৰ বিৰুদ্ধে অভিযান চলায় যদিও সেনা বাহিনীৰ লোকেও বোমাটোৰ কোনো সম্ভেদ লাভ নকৰিলে৷ কেইবাঘণ্টাও অভিযান চলোৱাৰ পাছতো বোমাৰ কোনো সম্ভেদ লাভ নকৰাত সন্ধিয়া তামুলপুৰ আৰক্ষীয়ে পুনৰ গাঁত খান্দি সেই স্থানৰপৰা কিবা বিশেষ বস্তু উলিওৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ আৰক্ষীয়ে বোমা সংস্থাপিত কৰা ঠাইত গাঁত খান্দি কি বিশেষ বস্তু উলিয়াইছে সেয়া ৰহস্যজনক৷ সংবাদ মাধ্যমৰপৰা আঁতৰত থাকি কিয় ৰহস্যজনকভাৱে আৰক্ষীয়ে গাঁত খান্দি কি বিশেষ বস্তু উলিয়াই লৈ গ’ল তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে৷ নিশা আৰক্ষী অধীক্ষকজনে কোনো বোমা জাতীয় বস্তু একো পোৱা নাই বুলিহে কয়৷ ‘

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ : দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত লখিমপুৰত দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ স্বাধীনতা দিৱসৰ মাজতে লখিমপুৰ আৰক্ষীয়ে লালুক পৰিদৰ্শন বাংলাৰ সমীপত এটা আই ই ডি আৰু লখিমপুৰ নগৰৰ টাউন বান্তৌ তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি আস্থানত এটাকৈ শক্তিশালী আই ই ডি তথা বোমা উদ্ধাৰ কৰা কাৰ্যই জিলাখনত আতংকৰ সৃষ্টি কৰে৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰ লাভ কৰি প্ৰথমে লালুক আই বিৰ সমীপত এটা আই ই ডি উদ্ধাৰ কৰা পাছতে লখিমপুৰৰ পৰিবহণ নিগমৰ পুৰণি বাছ আস্থানত আনটো বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আলফা স্বাধীনে এই বোমাসমূহ সংস্থাপিত কৰা বুলি দাবী কৰাৰ  লগতে জিলাখনৰ আন স্থানতো বোমা থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ইফালে আজি লখিমপুৰ আৰক্ষীয়ে এই আই ই ডি স্থাপনৰ সন্দেহত লখিমপুৰত এজন কিশোৰক আটক কৰা বুলি এক সূত্ৰই সদৰি কৰিছে৷ আলফাই শেহতীয়াকৈ বিস্ফোৰক স্থাপনৰ বাবে কিশোৰক ব্যৱহাৰ কৰিছে নেকি বুলিও ৰাইজৰ মাজত চৰ্চিত হৈছে৷ ১৮বছৰ তলৰ এই কিশোৰজনক লখিমপুৰৰ আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে৷ ইফালে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ পতাকা  উত্তোলনস্থলীৰ সমীপত থকা এখন পৰিত্যক্ত ট্ৰাকত আই ই ডি থকাৰ সন্দেহত আজি আৰক্ষীয়ে ট্ৰাকখন তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে উক্ত বিশাল ট্ৰাকখন ডঙাৰ বাবে এখন ক্ৰেনৰ সহায় লয় যদিও আৰক্ষীয়ে সফলতা লাভ কৰিব নোৱাৰিলে৷ উল্লেখ্য, ২০১১বৰ্ষত বৃহৎ নদীবান্ধবিৰোধী আন্দোলন অব্যাহত থকাৰ সময়ত প্ৰশাসনে প্ৰতিবাদকাৰীৰ বাধাত সেও মানি এন এইচ পি চিলৈ টাৰ্বাইনৰ যন্ত্ৰাংশ কঢ়িয়াই নিয়া ১৮চকীয়া বহিঃৰাষ্ট্ৰৰ এখন ট্ৰাক লখিমপুৰৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ দাঁতিত ৰাখি থৈছিল৷ এই ট্ৰাকখন এতিয়া উৱলি যোৱা অৱস্থাত আছে আৰু উক্ত ট্ৰাকখনত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ সন্দেহত আৰক্ষীয়ে ট্ৰাকখনৰ বাহিৰে-ভিতৰে তালাচী অব্যাহত ৰাখিছে যদিও আই ই ডিৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য, বৃহস্পতিবাৰে লখিমপুৰ নগৰৰ টাউন বান্তৌত উদ্ধাৰ হোৱা আই ই ডিটো নিষ্ক্ৰিয় অৱস্থাত আছিল যদিও উক্ত আই ই ডিটো যথেষ্ট শক্তিশালী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ আনহাতে, লালুকত উদ্ধাৰ হোৱা আই ই ডিটো নিষ্ক্ৰিয় অৱস্থাত আছিল৷