Logo
image

আৰক্ষীৰ ভৰসা সেনাৰ ‘ৰিবক’

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৬ আগষ্ট : কোৱা হয় কুকুৰ হেনো প্ৰভুভক্ত৷ ভাৰতীয় সভ্যতাত কুকুৰক প্ৰভুভক্ত বুলি গণ্য কৰা হয়৷ বিশ্ব চলচ্ছিত্ৰ জগতত কুকুৰৰ পটভূমিতে নিৰ্মাণ হৈছে বহু চিনেমা৷ সেই কুকুৰে আজি এইবাৰ বিশেষ এটা কাম কৰি দক্ষতাৰ পৰিচয় দিয়াৰ লগতে সম্প্ৰতি জনসাধাৰণৰ মাজত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ মানুহে নোৱাৰা কাম এটা কৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা কুকুৰটো হৈছে নাৰেঙ্গী সেনা শিবিৰৰ স্নিফাৰ ড’গ৷


স্নিফাৰ ড’গটোৰ নাম হৈছে ‘‘ৰিবক৷’’ অসাধাৰণ স্নিফাৰ ড’গটোৱে এটা অসাধাৰণ কাম কৰি ৰাইজৰ পৰা প্ৰশংসা বুতুলিবলৈ সক্ষম হৈছে৷ নিজৰ জীবনকো তুচ্ছ জ্ঞান কৰি গাত খান্দি এটা আই ই ডি বোমা উদ্ধাৰ কৰি শ শ মানুহৰ জীবন ৰক্ষা কৰি স্নিফাৰ ড’গটো সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ সম্প্ৰতি নাৰেঙ্গী সেনা শিবিৰৰ স্নিফাৰ ড’গ ‘‘ৰিবক’’ অসম আৰক্ষীৰ একমাত্ৰ ভৰসাৰ স্থল হৈ পৰিছে৷ উল্লেখ্য যে, সেনা বাহিনী আৰু অসম আৰক্ষীয়ে নোৱাৰা কাম এটা কৰি দেখুৱালে এই প্ৰভুভক্ত স্নিফাৰ ড’গটোৱে৷ বিগত দুটা দিন ধৰি সেনাৰ অত্যাধুনিক যন্ত্ৰ পাতিয়ে উদ্ধাৰ কৰিব নোৱাৰা বোমাটো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ‘‘ৰিবক’’ নামৰ সেনা বাহিনীৰ স্নিফাৰ ড’গটোৱে৷ বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা সেনা বাহিনী আৰু আৰক্ষীৰ এটা বৃহৎ দলে জেচিবিৰে সাতগাঁৱৰ চি ডি এ গেটৰ সমীপৰ কেবাটাও স্থান গাত খান্দি আলফাই সংস্থাপন কৰা বোমাটো উদ্ধাৰ কৰিব পৰা নাছিল৷ আনকি সেনা বাহিনীয়ে অত্যাধুনিক ৰবটিক বম ডিটেক্টৰ মেচিন, মেটেল ডিটেক্টৰ আৰু বহু অত্যাধুনিক সঁজুলি প্ৰয়োগ কৰিও বোমটোৰ কোনো সন্ধান উলিয়াব পৰা নাছিল৷ ওৰে নিশা আৰক্ষী চি ডি এ গেটৰ সমীপত বহু স্থান জেচিবিৰে মাটি খান্দি তচনছ কৰি পেলাইছিল৷ তৎস্বতেও আলফাই নিৰ্ধাৰিত কৰি দিয়া স্থানৰ পৰা সেনা তথা আৰক্ষীয়ে বোমাৰ সন্ধান উলিয়াব পৰা নাছিল৷ শেহতীয়াকৈ সেনা বাহিনীৰ প্ৰশিক্ষণ প্ৰাপ্ত ‘‘ৰিবক’’ নামৰ স্নিফাৰ ডগটোৱে এটা পথৰ সমীপত ৰখাই থোৱা যন্ত্ৰাংশৰ তলৰ পৰা বোমাটোৰ সন্ধান উলিয়াবলৈ সক্ষম হয়৷ বোমাটো উদ্ধাৰ হোৱাৰ পিছত আৰক্ষী সেনাই তৎপৰতাৰে বোমাটো নিস্ক্ৰয় কৰে৷ ইয়াৰ পিছত অঞ্চলটোৰ ৰাইজে স্বস্তিৰ নিশ্বাস লয়৷ স্নিফাৰ ডগটোৰ কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে৷ ইপিনে সেনা বাহিনীয়ে স্নিফাৰ ডগটোক পুৰস্কৃত কৰিবলৈ সংস্লিষ্ট কতৃৰ্পক্ষক আবেদন জনাব বুলি সেনা বাহিনীয়ে জানিবলৈ দিয়ে৷