দীৰ্ঘায়ু লাভ কৰিবলৈ এইকেইটা খাদ্য খাওক
দীঘজীৱন লাভ কৰিবলৈ সকলোৱে বিচাৰে৷ কিন্তু অকল দীৰ্ঘায়ু লাভ কৰিলেই নহ’ব, শৰীৰটোকো সুস্থ কৰি ৰাখিব পাৰিব লাগিব৷ এনেক্ষেত্ৰত প্ৰশ্ন হয় সুস্থ জীৱন-যাপনৰ বাবে আপুনি কি কৰা উচিত৷ যদি ধুমপান কৰাৰ অভ্যাস আছে তেন্তে, প্ৰথমেই এই অভ্যাস ত্যাগ কৰক৷ সুৰাপান কমাওক৷ অকল এয়াই নহয় মনটোকো ভালে ৰাখিব লাগিব৷ মানসিক চাপে আয়ুস কমাই আনে৷ একেদৰে খাদ্যাভাস সলনি কৰিব পাৰিব লাগিব৷ ভজা-পোৰা, মিঠা আৰু নিমখীয়া খাদ্য ত্যাগ কৰিব লাগিব৷ নিয়মমতে আৰু সময় অনুসৰি খাদ্য খাব লাগিব৷ কেইটামান বিশেষ খাদ্যই মানুহৰ আয়ুস দীঘলীয়া কৰে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান খাদ্য–
১) মৌ : হূদৰোগ আৰু কৰ্কটৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰে মৌৱে৷ দৈনিক নিয়ম কৰি এচামুচকৈ খাটি মৌ খাব পাৰিলে হূদৰোগ আৰু কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা কমে৷ তদুপৰি যকৃত, অন্ত্ৰ আৰু স্তন কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায় মৌৱে৷
২) ছাগলীৰ গাখীৰ : ছাগলীৰ গাখীৰত এনেকুৱা কিছুমান উপাদান থাকে যিবোৰে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিহত কৰাত সহায় কৰে৷ যিসকল মহিলাই নিয়মীয়াকৈ ছাগলীৰ গাখীৰ পান কৰে তেওঁলোক স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা নাথাকে৷ অৱশ্যে এই গাখীৰ কিমান পৰিমাণৰ খাব সেয়া চিকিৎসকৰ পৰা জানি ল’ব৷
৩) ডালিম : ডালিমৰ ঔষধি গুণ সাংঘাতিক৷ ইয়াত থকা বিভিন্ন ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ডালিমে তেজত হিমগ্ল’বিনৰ মাত্ৰা বঢ়ায়৷ তদুপৰি ডালিমত থকা উপাদানসমূহে পেশীৰ ক্ষয় ৰোধ কৰাত সহায় কৰে৷ বাৰ্ধক্যজনিত বিভিন্ন ৰোগ তথা স্নায়ুজনিত সমস্যা কমাই ডালিমত থকা উপাদানে৷
4) কাচকল : কাচকলেও দীৰ্ঘায়ু প্ৰদানত সহায় কৰে৷ ৰক্তচাপৰ সমস্যা থাকিলে কাচকল নিয়মীয়াকৈ খাব পাৰে৷ ৰক্তচাপে হূদৰোগৰ আশংকা বঢ়ায়৷ কাচকলত থকা উপাদানে হূদৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায়৷ কিডনীজনিত সমস্যাতো কাচকলে উপকাৰ কৰে৷