Logo
image

গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা তোলপাৰ লগালে বিৰোধীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ আগষ্ট : ‘হঠাৎ কিয় সশস্ত্ৰ প্ৰতিবাদ কৰিলে আলফা স্বাধীনে৷ ক’ভিডৰ পাছৰ পৰা নৰম হৈ থকা আলফা কিয় হঠাৎ গৰম হৈছে৷ আলফা স্বাধীনৰ এয়া বোম জেহাদ নেকি৷ কি পৰ্যায়ত আছে আলফা স্বাধীন আৰু চৰকাৰ আলোচনা৷ অসম আকৌ ৰক্তাক্ত হ’ব নেকি৷ পৰেশ বৰুৱাৰ সাৱধান বাণীৰ পাছতো কিয় ব্যৰ্থ হ’ল অসম আৰক্ষী৷’ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ য’তে ত’তে বোমা উদ্ধাৰ হোৱাৰ পাছত বিভিন্ন মহলত উত্থাপিত হৈছে এই সমূহ প্ৰশ্ন৷ কাৰ্যতঃ গৃহ বিভাগৰ ব্যৰ্থতাকলৈ তোলপাৰ লগাইছে বিৰোধীয়ে৷ বিৰোধীৰ এটাই কথা– ব্যৰ্থ গৃহবিভাগ, ব্যৰ্থ গৃহমন্ত্ৰী৷ পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ কথা বহুবাৰ উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সেই আলোচনালৈ মুখ্যমন্ত্ৰীৰ থাকিব লগা সদিচ্ছাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি প্ৰদেস কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– ‘অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম যেতিয়া চ্ছ জানুৱাৰীত পতাকা উত্তোলন কৰিছিলে, তেতিয়া আলফাই প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস বৰ্জন কৰা নাছিল৷ পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলো যে আলফাৰ বিষয়টো ৰাজনৈতিক সমাধানৰ বাবে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ কিন্তু আমি দেখিলো যে গোটেই বিষয়টোলৈ ৰাজনীতি কৰা হ’ল৷ আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৱাক হত্যা  কৰা হ’ল৷ এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ তাহানিৰ সেই দিন বিলাক, যিবিলাক দিন আমাৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে তেনেকুৱা, এটা পৰিৱেশৰ ফালে যেন আমি গতি কৰিছোঁ৷’ আনহাতে আলফা বোমা সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কালি এক সংবাদমেলত কয়– ‘আমি  আলফাৰ এই কাণ্ডক নিন্দা কৰিছোঁ, গৰিহণা দিছো৷



কোনোপধ্যে যাতে আলফাই এনেকুৱা বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে তাৰ কাৰণে আলফাক সাৱধান কৰি দিছোঁ৷ এইটো দুৰ্ভাগ্যজনক যে অসমত আকৌ এটা সন্ত্ৰাসবাদৰ বাতাবৰণ গা কৰি উঠিছে৷ আচৰিত কথা যে অসমৰ উফাইদাং মৰা মুখ্যমন্ত্ৰীয়ে আৰু অসমত কঠোৰভাৱে আইন-শৃংখলা ৰক্ষা কৰো বুলি গৰ্ব কৰি থকা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই ঘটনা সংঘটিত হৈছে৷ আমাৰ একমাত্ৰ দাবীটো হ’ল গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে৷ অচিৰেই তেওঁ আনকি বিলম্বে পদত্যাগ কৰা উচিত৷ আলফাৰ দয়াতহে বোমাবিলাক নুফুটিল, ফুটা হ’লে কি হ’লহেঁতেন৷ এইটো প্ৰমাণ হৈ গ’ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে৷ ইয়াত আইন-শৃংখলা বুলি কোনো কাম নাই৷ গৃহবিভাগ, অসম চৰকাৰ ব্যৰ্থ হৈছে৷  অসম পুলিচ ব্যৰ্থ হৈছে৷ এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়চিত্তটো হ’ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে৷ আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছোঁ৷’ একেই প্ৰসংগত অসম জাতীয় পৰিষদৰ  সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়– ‘মুখ্যমন্ত্ৰীয়ে দায়িত্ব স্বীকাৰ কৰি ৰাইজক ক’ব লাগে যে তেওঁ এগৰাকী অকৰ্মণ্য অসমৰ মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্ব লৈ আছে আৰু তেওঁ ভালকৈ অসমৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই৷ গতিকে তেওঁ মই পদত্যাগ কৰিছো বুলি পদত্যাগ  কৰিব লাগে৷’ মুখ্যমন্ত্ৰীক মিথ্যাচাৰী আখ্যা দি লুৰীণজ্যোতি গগৈয়ে পুনৰ কয়– মুখ্যমন্ত্ৰীৰ গৃহবিভাগ চূড়ান্ত ব্যৰ্থ হৈছে৷ অকৰ্মণ্য আৰু অদক্ষতাৰ এটা চূড়ান্ত উদাহৰণ৷ অসমৰ পুলিচ প্ৰশাসন চোৰাংচোৱা এইবোৰ যে নাই, কেৱল টুইটাৰ আৰু ছ’চিয়েল মিডিয়াতহে পুলিচসকল ব্যস্ত এইকথা প্ৰমাণ হ’ল৷’ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থকা শান্তি-শৃংখলা তথা স্মাৰ্ট আৰক্ষীৰ দক্ষতাৰ ওপৰত প্ৰশ্ন তুলি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই কয়– পৰেশ বৰুৱাই সাৱধানবাণী দিয়াৰ  পাছতো কি কৰিলে গৃহবিভাগে৷ অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা, যিটো মুখ্যমন্ত্ৰীয়ে সদায় দাবী কৰি আহিছে, ইয়াত আইন-শৃংখলা  ভাল হৈছে, বিকাশ হৈছে, অসমৰ উগ্ৰপন্থা দমন হৈছে– এইবোৰ কথা অৰ্থহীন কৰি পেলালে ১৫ আগষ্টত আলফাৰ ভূমিকাই৷ হিমন্ত বিশ্ব শৰ্মাই কেৱল পত্নী, পৰিয়াল আৰু কেইজনমান ব্যৱসায়ীৰ নিৰাপত্তাৰ বাবে নিৰাপত্তা বাহিনী নিয়োগ কৰিছে৷ পত্নীয়ে কিহৰ কাৰণে পাইলট কাৰ আৰু এছকৰ্ট গাড়ী লৈ ঘূৰি পাৰে৷ তাৰ জবাব অসমৰ মানুহক লাগে৷’ অজিত ভূঞাৰ মতে কালিৰ ঘটনাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে৷ বিৰোধীৰ লগতে সমানেই উদ্বিগ্ন শাসক পক্ষও৷ পৰেশ বৰুৱাক আলোচনালৈ জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই৷ তেওঁ কয়– ‘আলোচনাৰ পৰিৱেশ আমি বিচাৰিছোঁ৷ সন্ত্ৰাস আমি বিচৰা নাই৷ পৰেশ বৰা ডাঙৰীয়াক মই ভাবি চাবলৈ অনুৰোধ জনালোঁ৷ 

জেহাদক লৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰী আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ :

ভূপেন বৰা‘দক্ষ নহয়, অসমত এতিয়া অদক্ষ আৰু বাকচতুৰ নেতা এজনৰ শাসন চলিছে৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সকলো দিশতে একপ্ৰকাৰ ব্যৰ্থ হৈছে৷ তেনে ব্যৰ্থতা থাকিবলৈ আৰু মূল ইছু্যসমূহৰ পৰা মানুহৰ মনোযোগ আঁতৰ কৰিবলৈ ‘জেহাদ’ৰ দৰে শব্দ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰি আহিছে৷ স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে কুৰিৰো অধিক স্থানত বোমা সংস্থাপন কৰাৰ বিষয়টো উল্লেখ কৰি মাইক্ৰ’ব্লগিং ছাইট ‘এক্স’ [পূৰ্বৰ টুইটাৰ] যোগে এইদৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ কংগ্ৰেছ নেতাগৰাকীয়ে টুইটটোত কয়, ‘’বিকশিত অসমৰ ফোঁপোলা স্বৰূপ ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে জেহাদ আদিৰ দৰে শব্দ কিছুমান ব্যৱহাৰ কৰি আহিছে৷ স্বাধীনতা দিৱসৰ দিনটোতে ২৫টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা ঘটনাটো চোৰাংচোৱা আৰু সুৰক্ষাজনিত ব্যৰ্থতা৷ কিবা এটা হোৱা হ’লে বহু নিৰীহলোকৰ প্ৰাণহানি হ’লহেতেন আৰু সম্পদৰ হানি হ’লহেতেন৷ এয়া হৈছে দায়িত্বসহকাৰে কাম কৰাৰ সময়, কেৱল এনেই শূন্য শ্ল’গান আওৰাই থকাৰ সময় নহয়৷ ‘টুইটটোত ভূপেন বৰাই আৰু কয় যে ‘Awesome Assam’ৰ পৰিৱৰ্তে ‘’Awful Assam’ত এতিয়া চলিছে অপৰিপক্ব নেতা নেতৃত্বাধীন চৰকাৰৰ শাসন৷ 

আলফাৰে আলোচনাৰ প্ৰসংগত ৰাইজক আভুৱা বাৰিছে হিমন্ত বিশ্ব-অমিত শ্বাহে : অজাপ

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইমান দিনে অসমৰ আলফা সমস্যাক কেন্দ্ৰ কৰি অসমবাসী ৰাইজক আভুৱা ভাৰি থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপৎ গ্ৰহণ কৰি দিয়া বক্তব্যত আলফা সমস্যা সমাধান কৰাটো তেওঁৰ অগ্ৰাধিকাৰ বুলি মত প্ৰকাশ কৰি পিছলৈ আলফা সমস্যা সমাধানৰ দিশত বুলি দাবী কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও একে দাবী কৰি আহিছে৷ কিন্তু কালি আলফাই ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপনৰ পাছত এইটো স্পষ্ট হৈ গৈছে যে আলফা সমস্যা সমাধানৰ দিশত অকণমানো অগ্ৰগতি হোৱা নাই, বৰং এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাইজক আভুৱা ভাৰা বক্তব্যহে প্ৰদান কৰি আহিছে৷ এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধান সভাত দিয়া কেইবাটাও বক্তব্য আৰু স্বাধীনতা দিৱসত আগবঢ়োৱা একাধিক বক্তব্যত আলফাৰ সৈতে আলোচনা ইতিবাচক দিশত আগবাঢ়ি অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কৈছিল৷ একেদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও আলফাৰ সৈতে আলোচনা ইতিবাচক দিশত আগবঢ়া বুলি কৈ আহিছে৷ যোৱা বছৰৰ (২০২৩) ডিচেম্বৰ মাহত আলফাৰ আলোচনা পন্থী গোটৰ সৈতে চুক্তি স্বাক্ষৰৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে বিদ্ৰোহী সংগঠনটোৰ পৰেশ বৰুৱা গোটৰ সৈতে যোগাযোগ স্থাপন হৈছে আৰু উক্ত গোটটোক আলোচনাৰ মজিয়ালৈ অনাৰ প্ৰয়াস চলি আছে৷ কিন্তু কালিৰ ঘটনাটোৰ পিচত এইটো স্পষ্ট হৈ পৰিল যে আলফা [স্বাধীন]ৰ সৈতে আলোচনাৰ বিষয়ত চৰকাৰে একো অগ্ৰগতি সাধন কৰিব পৰা নাই৷’ স্বাধীনতা দিৱসৰ দিনা, চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা বৰ্তি তকাৰ মাজতে আলফাই ৰাজ্যৰ অন্য অংশৰ লগতে খোদ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীতে বোমা সংস্থাপন কৰিব পৰাটোৱে গৃহ বিভাগৰ ব্যৰ্থতা আৰু অদক্ষতাক স্পষ্ট ৰূপত উদঙাই দিয়া বুলি মন্তব্য কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, ‘‘ভাগ্য ভাল যে বোমা কেইটা বিস্ফোৰিত নহ’ল৷ বিস্ফোৰিত হোৱা হ’লে কি পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন সেয়া সহজে অনুমেয়৷ ইমান ডাঙৰ ঘটনাটো আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগে আলফাৰ প্ৰেছ বিজ্ঞপ্তি তথা সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তেহে গম পোৱা কথাটো ভয়ংকৰভাৱে উদ্বেগজনক৷’ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী বিভাগক আইন-শৃঙ্খলা নিয়ন্ত্ৰণ তথা কুটাঘাত প্ৰতিৰোধৰ মূল দায়িত্বৰ সলনি কৰ-কাটল সংগ্ৰহৰ কামত অধিক ব্যস্ত ৰখাৰ পৰিণতি কিমান ভয়ংকৰ হৈ উঠিছে সেয়া কালিৰ ঘটনাই প্ৰমাণ কৰে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে গৃহ বিভাগ চলাব নোৱাৰাৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৎকালীনভাৱে গৃহ বিভাগৰ দায়িত্ব এৰি দিয়া উচিত৷

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী আপৰ

স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা [স্বাধীন]এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে৷ মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ডাঃ চৌধুৰীয়ে কয়, ‘‘আলফাৰ এই কূটাঘাতমূলক কাৰ্যই বৰ্তমান ৰাজ্যখনৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ লজ্জাজনক ব্যৰ্থতা উদঙাই দিছে৷ এনে এটা ঘটনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে আৰক্ষী তথা চোৰাংচোৱাৰ দৃষ্টিগোচৰ হৈছে৷ যদি সঁচাকৈয়ে আলফাই দাবী কৰা অনুসৰি কোনো বিজুতি নোহোৱাকৈ বোমা বিস্ফোৰণ সংঘটিত হলহেঁতেন, তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন৷ আলফা [স্বাধীন]ৰ দ্বাৰায় সংস্থাপিত বোমাসমূহ এতিয়ালৈকে আৰক্ষীয়ে নিস্ক্ৰয় কৰাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব পৰা নাই৷ এই সমগ্ৰ ঘটনাৱলীয়ে গৃহ বিভাগ, অসম আৰক্ষী তথা চোৰাংচোৱাৰ বিফলতা স্পষ্টৰূপে উদঙাই দিছে৷ ‘‘ সংবাদমেলত উপস্থিত থকা আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই গৃহ বিভাগ তথা অসম আৰক্ষীৰ ব্যৰ্থতাৰ বিষয়ে উল্লেখ কৰি কয় যে সমগ্ৰ ৰাজ্যখনতে আজি সাধাৰণ মানুহৰ এক ভয়-শংকাৰ পৰিৱেশ বিৰাজ কৰিছে৷ আপৰ জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে কয়– ‘যি সময়ত মুখ্যমন্ত্ৰীয়ে অনাহকতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে ৰাজ্যখনত এক হিংসা- বিদ্বেষৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে, সেই সময়তে নিজৰ দল ৫১ চম্ভালিব নোৱাৰি মুখ্যমন্ত্ৰী গৰাকীয়ে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে৷ এনে অৱস্থাত আমি আম আদমী পাৰ্টিয়ে দাবী কৰিছো যে শীঘ্ৰেই গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব ¦ স্বীকাৰ কৰি পদত্যাগ কৰক৷ কিয়নো ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে৷ তদুপৰি পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই দাবী কৰা অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে তেওঁৰ বাৰ্তালাপ হৈয়ে থাকে৷ এনে অৱস্থাত ৰাজ্যজুৰি বোমা সংস্থাপিত কৰাৰ ঘটনা ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ আ(ৰ্যকৰ ভাবে কালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীৰ চকুৱে মুখে কোনো উদ্বিগ্নতাৰ ভাব পৰিলক্ষিত হোৱা নাই৷ এয়া ৰহস্যজনক৷’ সংবাদমেলত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে৷