Logo
image

গুৱাহাটীমুখী বিমানত তেজষ্ক্ৰিয় সামগ্ৰী, কেইবাজনো অচেতন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ আগষ্ট : গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বিমানত তেজস্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাক কেন্দ্ৰ কৰি লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং বিমান বন্দৰত শনিবাৰে আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ শনিবাৰে দিনৰ ভাগত বিমান বন্দৰটোৰ টাৰ্মিনেল-৩ ত লক্ষ্ণৌ-গুৱাহাটীমুখী বিমানখনৰ পৰা লাগেজ বক্স নমোৱাৰ সময়তে এটা ঔষধ পাৰ্চেলৰ পৰা তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাত যাত্ৰীৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ তেজস্ক্ৰিয় পদাৰ্থৰ নিষ্কাষণৰ ফলত মুহূৰ্ততে দুজনকৈ বিমান বন্দৰৰ কৰ্মচাৰী সংজ্ঞাহীন হৈ পৰে৷


লগে লগে যাত্ৰীসকলক বিমানৰ পৰা নমাই দিয়াৰ লগতে আতংকিত বিমান বন্দৰ কতৃৰ্পক্ষই তাৎক্ষণিকভাৱে সহায়ৰ বাবে এন ডি আৰ এফ বাহিনীক খবৰ দিয়ে৷ ইফালে এই খবৰ বিয়পি পৰাত বিমান বন্দৰ কতৃৰ্পক্ষই লগে লগে সুৰক্ষামূলক পদক্ষেপ হিচাপে সতৰ্কতা জাৰি কৰি টাৰ্মিনেল-৩১ প্ৰায় ডেৰ কিলোমিটাৰ এলেকা মুহূৰ্তৰ ভিতৰতে খালী কৰে৷ টাৰ্মিনেলটোত থকা আন বিমান আৰু বাহনসমূহো আঁতৰাই নিয়া হয়৷  ইয়াৰ পাছতেই এন ডি আৰ এফৰ এটা দল উপস্থিত হৈ পৰীক্ষা কৰাত ঔষধৰ পাৰ্চেলৰ পৰাই তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাৰ বিষয়ে নিশ্চিত হয়৷ অৱশ্যে পৰৱৰ্তী সময়ত এন ডি আৰ এফ বাহিনীয়ে তেজষ্ক্ৰিয় পদাৰ্থৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে এই ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও চলন্ত অৱস্থাত বিমানখনৰ ভিতৰত ঔষধৰ বাকচৰ পৰা তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱা হ’লে যাত্ৰী হতাহত হোৱাৰ লগতে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’লহেঁতেন বুলিও এতিয়া চৰ্চা চলিছে৷ অৱশ্যে চৌধুৰী চৰণ সিং বিমান বন্দৰত গুৱাহাটী অভিমুখী বিমানখন ৰখাই থোৱাৰ বাবেহে বিপদৰ পৰা ৰক্ষা পৰে বিমান যাত্ৰীসকল৷ অৱশ্যে উক্ত তেজষ্ক্ৰিয় পদাৰ্থক ফ্ল’ৰিন বুলি প্ৰকাশ কৰিছে যদিও কিমান পৰিমাণৰ তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হ’ল সেই সন্দৰ্ভত কোনো নিশ্চিত হ’ব পৰা নাই কতৃৰ্পক্ষই৷ উল্লেখ্য বিমান বন্দৰটোৰ টাৰ্মিনেল-৩ ত লাগেজ স্কেনিঙৰ সময়তে কৰ্কট ৰোগৰ ঔষধৰ এটা বাকচৰ পৰীক্ষণ কৰা অৱস্থাত স্বয়ংক্ৰিয়ভাৱে বিপদ সংকেট ধবনি বাজি উঠিছিল৷ বাকচটোৰ পৰা তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাত দুজন কৰ্মচাৰী মুহূৰ্ততে সংজ্ঞাহীন হৈ ঢলি পৰাৰ পাছতেই বিমান বন্দৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা যাত্ৰী-কৰ্মচাৰীসকলো আতংকিত পৰা দেখা গৈছিল৷ লক্ষণীয়ভাৱে বিগত সপ্তাহত বিহাৰৰ গোপালগঞ্জ বিমান বন্দৰতো ৫০ গ্ৰাম তেজষ্ক্ৰিয় পদাৰ্থ উদ্ধাৰ কৰা হৈছিল৷ তেজষ্ক্ৰিয় পদাৰ্থখিনি চোৰাং সৰবৰাহৰ চেষ্টা চলালোৰ অভিযোগত ২ জন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ সেই সময়ত আৰক্ষীয়ে দাবী কৰিছিল যে উদ্ধাৰ হোৱা তেজষ্ক্ৰিয় পদাৰ্থৰ প্ৰতি গ্ৰামৰ বিপৰীতে মূল্য ১৫ কোটি টকা৷ মুঠ ৮০ কোটি টকাৰ মূল্যৰ তেজষ্ক্ৰিয় পদাৰ্থ সৰবৰাহৰ চেষ্টা চলাইছিল যদিও এই ঘটনাৰ বৰ্তমানেও আৰক্ষীয়ে তদন্ত চলাই থকা বুলিও জানিব পৰা গৈছে৷