Logo
image

পুত্ৰ বিজেপিত, ‘সন্দেহৰ আৱৰ্তত’ থকা অকণ বৰাই এৰিলে পদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ আগষ্ট : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাই দলটোৰ নিৰ্বাচন সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা কমিটী চমুকৈ ‘পি এ চি’ৰ লগতে দলীয় সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে৷ অৱশ্যে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা তেওঁ পদত্যাগ কৰা নাই৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ আজি এক পত্ৰ লিখি  অকণ বৰাই নিৰ্বাচন সমিতি আৰু পিএচিকে ধৰি দলৰ সকলো বিয়বাবৰ পৰা পদত্যাগ কৰা বুলি সদৰী কৰে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত তেওঁ এই সন্দৰ্ভত বক্তব্য ৰখাৰ পৰা বিৰত থাকে৷ মাথোন তেওঁ কয় যে শেষ দিনটোলৈকে তেওঁ কংগ্ৰেছ দলেই কৰি যাব, কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা তেওঁ পদত্যাগ কৰা নাই৷


উল্লেখ্য, লোকসভাৰ নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ সৈতে ছাঁটোৰ দৰে থকা পুত্ৰ মানস বৰাই হঠাৎ গৌৰৱ গগৈক শলঠেকত পেলাই বিজেপিত যোগদানৰ পাছতে কংগ্ৰেছৰ বহু নেতাই অকণ বৰাক বিজেপিৰ খবৰী বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰে৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত অনুষ্ঠিত পিএচি কমিটীৰ বৈঠকত অকণ বৰা উপস্থিত থকাক লৈ কেইবাজনো জ্যেষ্ঠ নেতাই আপত্তি কৰিছিল৷ পিএচি কমিটীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকণ বৰাই পুত্ৰ মানস বৰাক অৱগত কৰিব নেকি বুলিও তেওঁলোকে সন্দেহ কৰিছিল৷ বিশেষকৈ একেখন ঘৰতে পুত্ৰ বিজেপিত আৰু পিতৃ কংগ্ৰেছত, তাকো সংকটৰ মুহূৰ্তত দলক বিপদত পেলাই বিজেপিমুখী হোৱা মানস বৰাৰ কাণ্ডক সহজভাৱে ল’ব পৰা নাই কংগ্ৰেছৰ অন্দৰমহলে৷ এনে পৰিস্থিতিত আলফাৰ ভাবুকিৰ দিনটো সাহসেৰে কংগ্ৰেছ কৰা তথা আজীৱন কংগ্ৰেছী অকণ বৰাই তীব্ৰ অপমানবোধ কৰি কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰা বুলি চৰ্চা হৈছে৷ উল্লেখ্য, মানস বৰাই বিজেপিত যোগদানৰ পাছতে ৰাজীৱ ভৱনৰে সংঘাত আৰম্ভ হয় অকণ বৰাৰ৷ কিছুদিন পূৰ্বে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মানস বৰাই দখল কৰি থকা এটা কোঠা দলটোৰ সাধাৰণ সম্পাদক ৰামন্না বৰুৱাক আৱণ্টন দিছিল ৰাজীৱ ভৱনে৷ আৱণ্টন দিয়াৰ পাছতে কোঠাটোৰ মেৰামতিৰ কাম আৰম্ভ কৰাত অকণ বৰাই বাধা দিয়া বুলি অভিযোগ উঠিছিল৷ অৱশ্যে বৰাই কাম বন্ধ কৰাৰ কথা সঁচা নহয় বুলি অভিযোগ খণ্ডন কৰিছিল৷ বৰাৰ মতে কোঠাটোত থকা মানস বৰাৰ নথিপত্ৰবোৰ ক’ত গ’ল বুলিহে তেওঁ প্ৰশ্ন কৰিছিল৷