Logo
image

ফোনৰ খালী বাকচটো আৱৰ্জনা বুলি পেলাই নিদিব

নতুন ফোন এটা কিনাৰ পিছত বহুতেই ইয়াৰ খালী বাকচটো পেলাই দিয়ে৷ কিছুমানে আকৌ এই বাকচটো বহুদিনলৈ সাঁচি ৰাখে৷ ফোনৰ খালী বাকচটো সাঁচি ৰাখিলে যে ভৱিষ্যতে ই কামত আহিব পাৰে, সেয়া বহুতেই নাভাৱে৷ ফলত নতুনকৈ ক্ৰয় কৰা ফোনটোৰ ব্যৱহাৰ আৰম্ভ কৰাৰ লগে লগে খালী বাকচটো আৱৰ্জনা বুলি পেলাই দিয়ে৷ পিছে, ফোনৰ খালী বাকচটোক আৱৰ্জনা বুলি নাভাবিব৷ ক্ৰয় কৰি অনা ফোনটোৰ বিতং তথ্য এই বাকচটোৰ ওপৰতে উল্লেখ কৰা থাকে৷ যিবোৰ তথ্যই ফোনটোৰ সমস্যা হ’লে তাৎক্ষণিকভাৱে সমাধান  কৰাৰ পথ দিয়ে৷



১) কোনোবাই যদি ভৱিষ্যতে ফোনটো বেচিব খোজে, তেতিয়া এই খালী বাকচটো ব্যৱহাৰ কৰিব পাৰে৷ যিকোনো বস্তু গ্ৰাহকে আচল পেকেজিঙৰ সৈতে কিনিবলৈ বিচাৰে৷ এনে ক্ষেত্ৰত ফোনটো বেচিব বিচাৰিলে এই খালী বাকচটোৱে পুনৰ বিক্ৰী আৰু ভাল দাম পোৱাত সহায় কৰে৷

২) ফোনৰ খালী বাকচটোৰ ওপৰত ক্ৰম নম্বৰৰ লগতে ৱাৰেণ্টি আৰু আই এম ই আই নম্বৰ থাকে৷ ফোনটোৰ বিজুতি ঘটিলে এই নম্বৰসমূহে কাম দিয়ে৷

৩) খালী বাকচটো পেলাই নিদি ফোনটো ব্যৱহাৰ কৰাৰ পাছত ইয়াত সুমুৱাই ৰাখিলে ডিভাইচটোৱে ধূলি-বালি, স্ক্ৰেছ আৰু অন্যান্য ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰে৷

৪) ব্যৱহাৰ কৰি থকা ফোনটো কাৰোবাক উপহাৰ স্বৰূপে দিব বিচাৰিলেও এই বাকচটোতেই পেকেজিং কৰি দিব পাৰে৷ তেতিয়া ফোনটো উপহাৰ লাভ কৰাজনেও ভাল পাব৷