Logo
image

এইবাৰ মন্ত্ৰী-পুত্ৰৰ ‘ফ্লাড জেহাদ’, আহিল বুলড’জাৰো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে মেঘালয়ৰ শৈক্ষিক প্ৰতিষ্ঠান ইউএছটিএমক ‘ফ্লাড জেহাদ’ চলোৱা বুলি ৰাজহুৱা অভিযোগ কৰাৰ পাছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন প্ৰতাপী কেবিনেট মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে মহানগৰীত ‘ফ্লাড জেহাদ’ চলোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন উঠিছে৷ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰই প্ৰটেক গ্ৰুপৰ নামত ৰাজপথ বেদখল কৰি অট্টালিকা নিৰ্মাণৰ জৰিয়তে ‘ফ্লাড জেহাদ’ চলোৱাৰ অভিযোগ কৰিছে মহানগৰীৰ দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে৷ কিয়নো  প্ৰটেক গ্ৰুপে নিৰ্মাণ কৰা এটা অট্টালিকাৰ বাবে মন্ত্ৰী পুত্ৰই পিতৃৰ ক্ষমতা অপব্যৱহাৰেৰে পদপথ বন্ধ কৰি নিজা এপাৰ্টমেণ্টৰ পথ নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে৷


ৰাজপথৰ ওপৰত মাৰ্বল টাইল্‌ছ লগাই নিজৰ এপাৰ্টমেণ্টৰ আৱাসীসকলৰ সুবিধাৰ বাবে জনকপুৰৰ মূল পথটোকে সংকূচিত কৰি পেলোৱাত ইতিপূৰ্বে মুখ্যমন্ত্ৰীকো অভিযোগ দাখিল কৰিছিল নাগৰিক সমিতিয়ে৷ কিন্তু সতীৰ্থ মন্ত্ৰীজনৰ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে সাহস নকৰা বুলিও এতিয়া স্থানীয় লোকসকলে ক্ষোভ ব্যক্ত কৰিছে৷ অৱশ্যে শুকুৰবাৰে এ পি ডব্লিউ নামৰ এটা সংগঠনে মন্ত্ৰী পুত্ৰৰ অবৈধ নিৰ্মাণ কাৰ্যই ‘ফ্লাড জেহাদ’ চলোৱাৰ তথ্য ৰাজহুৱা কৰাত অৱশেষত উপায়ন্তৰ হৈ শনিবাৰে মন্ত্ৰীপুত্ৰই নিজেই বুলড’জাৰ লগাই ৰাজপথ দখল কৰি কৰা অবৈধ নিৰ্মাণসমূহ ভাঙি পেলায়৷ স্থানীয় জনকপুৰবাসীয়ে অঞ্চলটোত মন্ত্ৰী সিংঘালৰ পুত্ৰই ফ্লাড জেহাদ চলোৱাৰ সন্দৰ্ভত নগৰ উন্নয়ন বিভাগে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰো তদন্তৰো দাবী জনায়৷ একেদৰে ২৫ ফুট দৈঘ্যৰ ৰাজপথ বেদখল কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰা মন্ত্ৰী পুত্ৰই জনকপুৰৰ আন এটা নিৰ্মীয়মান অট্টালিকাৰ বাবেও একেদৰেই পদপথ দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷