Logo
image

ৰাজকোষত টান পৰিল, সুৰাৰ দাম বাৰুকৈয়ে কমিল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ আগষ্টঃ  চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ৰ চোৰাং মদৰ বাবে অসম চৰকাৰে শ শ কোটি টকাৰ আবকাৰী ৰাজহ হেৰুৱাবলগীয়া হোৱাত অৱশেষত সুৰাৰ দাম হ্ৰাস কৰিবলৈ বাধ্য হ’ল আবকাৰী বিভাগে৷ পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বীয়েৰৰ লগতে প্ৰতিটো ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম হ্ৰাসৰ নিৰ্দেশনা জাৰি কৰিছে৷ শনিবাৰে আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে এটা নিৰ্দেশনাযোগে সুৰাৰ দাম হ্ৰাস কৰণৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি অসমত প্ৰতিবিধ সুৰাৰ দাম ১০-১৫ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিল৷ 



অভিযোগ অনুসৰি সুৰাপায়ীৰ পৰা সংগ্ৰহ কৰা আবকাৰী ৰাজহৰ ওপৰতে নিৰ্ভৰশীল অসম চৰকাৰে হিতাধিকাৰীক প্ৰদানক আৰ্থিক সাহায্যৰ ধনৰ জোৰা মৰাৰ বাবে বিগত ৮টা মাহতে দুবাৰকৈ সুৰাৰ দাম বৃদ্ধি কৰিছিল৷ আবকাৰী আয়ুক্ত জিতু দলে আৰু উপ-আয়ুক্ত প্ৰাঞ্জল বৰাই মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰি অধিক ৰাজহ সংগ্ৰহৰ মিছা সপোন দেখুৱাই সুৰাৰ দাম বৃদ্ধি কৰিছিল বুলিও অভিযোগ উঠিছিল৷ কিন্তু সুৰাৰ দাম বৃদ্ধি কৰাৰ ফলত অসম বীয়েৰ তথা বিলাতী সুৰা মহঙা হৈ পৰাত নিয়মীয়া সুৰাপায়ীসকলে অৰুণাচল আৰু মেঘালয়ৰ চোৰাং সুৰাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল৷ কিয়নো অসমৰ তুলনাত চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ৰ সুৰা বহু কমত ক্ৰয় কৰিব পাৰিছিল৷ সীমান্ত অঞ্চলসমূহেই নহয়, খোদ গুৱাহাটীৰ সুৰাপায়ী সকলেও মেঘালয়ৰ সুৰা ক্ৰয় কৰিবলৈ নিতৌ খানাপাৰাত ভিৰ কৰিছিল৷ 

তদুপৰি কম দামত উপলব্ধ হোৱাত ৰাজ্যৰ চুকে-কোণে চুবুৰীয়া ৰাজ্য দুখনৰ চোৰাং সুৰাৰ বিক্ৰীৰ বৃদ্ধি পাইছিল৷ ইয়াৰ ফলত ৰাজ্যৰ ৰাজকোষলৈ সংকট নামি অহা নহয়, চৰকাৰে ৰাজহ ঘাটি জোৰা মাৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল৷ যাৰ বাবে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বীয়েৰকে ধৰি প্ৰতিটো ব্ৰেণ্ডৰ সুৰাৰ দাম হ্ৰাস কৰি মেঘালয় আৰু অৰুণাচলৰ সমমূল্যৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেট সিদ্ধান্তৰ ভিত্তিত শনিবাৰে আবকাৰীৰ আয়ুক্ত সচিবে এখন জাননী যোগে পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সুৰাৰ দাম হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰে৷ উল্লেখ্য, মেঘালয়ত টিৰ্চাছ-৫০ বিলাতী সুৰাৰ ৭৫০ মিলি লিটাৰৰ বটল অসমতকৈ প্ৰায় ৭০০ টকা কম দামত উপলব্ধ৷ এতিয়া অসমতো মেঘালয়ৰ দামতে টিৰ্চাছ-৫০ উপলব্ধ হ’ব৷ একেদৰে অসমৰ তুলনাত মেঘালয়ৰ বীয়েৰ দাম প্ৰায় ৪০ টকা কম৷ এতিয়া প্ৰতিবিধ বীয়েৰতো ২০-৩০ টকা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ নতুন নিৰ্দেশনা অনুসৰি আবকাৰী শুল্কৰ লগতে উৎপাদনকাৰী কোম্পানীসমূহেও সুৰাৰ দাম হ্ৰাস কৰিব৷ অৱশ্যে কোনটো ব্ৰেণ্ডৰ সুৰাৰ দাম প্ৰকৃততে কিমান হ্ৰাস পাব দুদিন পাছতহে আবকাৰী বিভাগে তাৰ তালিকা ৰাজহুৱা কৰিব৷ লক্ষণীয়ভাৱে আবকাৰী বিভাগৰ যিসকল কমিচন লোভী বিষয়াই সুৰাৰ দাম বৃদ্ধি কৰি ৰাজহৰ পৰিমাণ বৃদ্ধি পোৱাৰ মুখ্যমন্ত্ৰীক মিছা সপোন দেখুৱাইছিল, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা হ’বনে সেয়া সময়তহে হ’ব লক্ষণীয়৷