চকু ভালে ৰাখিবলৈ এই অভ্যাস অতি জৰুৰী
আমাৰ অসম বিশেষঃ অফিচেই হওক বা ঘৰতেই হওক আজিকালি প্ৰায়ভাগেই কম্পিউটাৰ বা স্মাৰ্টফোনকলৈয়ে ব্যস্ত থাকে৷ এই অভ্যাসে লাহে লাহে চকুৰ বাবে সমস্যাৰ সৃষ্টি কৰে৷ দুৰ্বল হৈ পৰে দৃষ্টিশক্তি৷ কিন্তু কেইটামান অভ্যাস কৰিব পাৰিলে বহুদিনলৈ চকু দুটা ভালে ৰাখিব পৰা যায়৷ আজিৰ শিতানত চকু ভালে ৰাখিব পৰা অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] পুৱা শুই উঠাৰ পাছতে সেউজীয়া গছ-গছনিলৈ চাওক৷ চহৰত যিহেতু গছ-গছনিৰ সংখ্যা কম, সেয়ে ঘৰৰ ফুলৰ টাবত থকা সেউজীয়া পাতলৈ দৃষ্টি দিয়ক৷ এনেদৰে অন্ততঃ কিছু সময় থাকক৷
[২] ঘৰত অন্ততঃ এটা ফালৰ বেৰৰ ৰং পাতল সেউজীয়া কৰি ৰাখক৷ অথবা খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা লগাওক৷
[৩] সদায় ব্যৱহাৰ কৰা কম্পিউটাৰ বা লেপটপৰ স্ক্ৰীণ ছে’ভাৰ সেউজীয়া কৰি ৰাখক৷ কামৰ মাজে মাজে সেউজীয়া স্ক্ৰীণ ছে’ভাৰত চকু দিয়ক৷
[৪] একেৰাহে চকু মেলি কাম নকৰিব৷ কামৰ মাজে মাজে অলপ সময়ৰ বাবে হ’লেও চকু বন্ধ কৰক৷
[৫] চকু ভালে ৰাখিবলৈ মাজে-সময়ে চকুৰ ব্যায়াম কৰক৷ এবাৰ ঘড়ীৰ কাঁটাৰ পিনে চাই পৰৱৰ্তী সময়ত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত চকুৰ মণি ঘূৰাওক৷
এনে অভ্যাসৰ জৰিয়তে দীৰ্ঘদিন চকু ভালে ৰাখিব পৰা যায়৷