Logo
image

মহানগৰীত পুনৰ বোমাতংক!, কেতিয়া খুলিব চিটী চেণ্টাৰ?

'আমাৰ অসম'ৰ মহানগৰীৰ প্রতিবেদক, ১৯ আগষ্টঃ বিয়লি চাৰিটা বাজিছে। গুৱাহাটী মহানগৰীৰ শ্ব'পি মল চিটী চেন্টাৰত বিশেষ ঘোষণা। কাৰিকৰী কাৰণত চিটী চেন্টাৰ বন্ধ কৰি দিয়াৰ ঘোষণা। ইয়াৰ পাছতে চিটী চেন্টাৰত থকা ক্ৰেতা-বিক্ৰেতা আৰু কৰ্মচাৰীৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়। ক্ৰেতা-বিক্ৰেতা আৰু কৰ্মচাৰীয়ে যেনি-তেনি দৌৰাদৌৰি কৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মূলতঃবোমা আতংকৰ ঘটনাই এক প্ৰকাৰ চিটী চেন্টাৰক জোকাৰি যায়।



সু-দীৰ্ঘ বিৰতিৰ মূৰত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীত আলফা(স্বাঃ)-এ ২৫ টাকৈ বোমা সংস্থাপনৰ আতংক মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটীত বোমাৰ আতংকৰ ঘটনাই সমগ্ৰ মহানগৰীখনক জোকাৰি যায়৷ সোমবাৰে মহানগৰীৰ জি এছ ৰোডস্থিত চিটী চেন্টাৰত সৃষ্টি হ’ল এই বোমাৰ আতংক৷ গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংকৰ পিছতে চিটী চেণ্টাৰৰ কৰ্তৃপক্ষৰ ফালৰ লোৱা হ’ল বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ চিটী চেণ্টাৰৰ আঠ মহলীয়া বিল্ডিঙৰ পৰা এক বিশেষ ঘোষণাৰ জৰিয়তে সকলো লোককে আঁতৰাই পঠিওৱা হয়৷ আধাতে বন্ধ কৰি দিয়া হ’ল পি ভি আৰত চলি থকা চিনেমা গৃহ৷ চিটী চেণ্টাৰ কৰ্তৃপক্ষই মাইকযোগে ঘোষণা কৰি সকলো লোককে আঁতৰি যোৱাৰ আহ্বান জনায়৷ 

ঘটনা সন্দৰ্ভত এইপৰ্যন্ত মুখ খোলা নাই চিটী চেণ্টাৰ কৰ্তৃপক্ষই৷ অৱশ্যে চিটী চেণ্টাৰৰ বোমাতংক সন্দৰ্ভত পূব আৰক্ষী জিলাৰ ডি চি পি মৃণাল ডেকাই কয় যে দুষ্কৃতিকাৰীয়ে চিটী চেন্টাৰত বোমা থকা বুলি এটা ই-মেইল কৰিছিল। যিটো মেইল সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি ডি চি পি মৃণাল ডেকাই কয় যে এছ এছ বি, চি আৰ পি এফ আৰু  আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চিটী চেন্টাৰত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী নাপালে। ৰাইজে ভয় খাব নালাগে। শ্ব'পিং মলটো পুনৰ খুলি দিয়া হ'ব বুলি ডি চি পি  মৃণাল ডেকাই ঘোষণা কৰে।