Logo
image

মাজুলীৰ ৰাস চাবলৈ প্ৰিয়ংকা গান্ধীক মাতিব গৌৰৱ গগৈয়ে

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম): ‘এটা সময়ত মোৰ প্ৰয়াত পিতৃয়ে মাৰ্ঘেৰিটাৰপৰা নিৰ্বাচন খেলিছিল, মাৰ্ঘেৰিটাৰ লগত সেইসময়ত তেওঁৰ কোনো সম্পৰ্ক নাছিল৷ তেওঁ যোৰহাটৰপৰা সাংসদ হৈছিল, তেওঁ কলিয়াবৰৰপৰা সাংসদ হৈছিল৷ এদিন তেওঁক দলে নিৰ্দেশ দিলে আৰু মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন খেলিলে৷ কাইলৈ মোকো দলে ক’ব পাৰে যোৱা জালুকবাৰীলৈ যোৱা, যোৱা মাজুলীলৈ যোৱা নিৰ্বাচন খেলাগৈ৷ দলে যি নিৰ্দেশ দিয়ে সেইমতেই আগুৱাই যাব লাগিব৷ ‘মাজুলী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত দলটোৰ মণ্ডল, বুথ আৰু ৱাৰ্ড সভাপতি সন্মিলন আৰু প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷ 

তদুপৰি, এইবাৰ মাজুলী ৰাইজৰ সঁহাৰি পালে মাজুলীত অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ প্ৰিয়ংকা গান্ধীক আমন্ত্ৰণ জনাব বুলি উল্লেখ কৰে৷ উল্লেখ্য, গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত দলটোৰ মণ্ডল, বুথ আৰু ৱাৰ্ড সভাপতি সন্মিলনত সাংসদ গগৈয়ে দলীয় কৰ্মীৰ উৎসাহজনক উপস্থিতি দেখি সন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰে যদিও তেওঁ মাজুলীৰ দলীয় কৰ্মীক সম্বৰ্ধনাৰ বাবেহে অহা বুলি প্ৰকাশ কৰে৷ সাংসদজনে যোৱা লোকসভা নিৰ্বাচনত মাজুলীৰ জিলা কংগ্ৰেছকে ধৰি ব্লক, মণ্ডল, বুথৰ বিষয়ববীয়া তথা ৰাইজক কৰ্তজ্ঞতা জনায়৷ তেওঁ মাজুলীৰ কংগ্ৰেছ দলে সমষ্টিটোৰপৰা জিকাই পঠিয়াব নোৱৰাত দুখ প্ৰকাশ কৰা কথাটোত দুখ কৰিব নালাগে বুলি উল্লেখ কৰি আগন্তুক দিনত কিদৰে আৰু কষ্ট কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে মনোনিৱেশ কৰাৰহে দৰকাৰ বুলি ব্যক্ত কৰে৷ আমি মাজুলী সমষ্টিত অলপ ব্যৱধানত পৰাজিত হ’লেও ইয়াত চিন্তাৰ কাৰণ নাই বুলি উল্লেখ কৰি এই সমষ্টি আমি কংগ্ৰেছ দলৰ দুৰ্গ বুলি উল্লেখ কৰে৷ ইয়াত আমাৰ দলৰ ভেটি শক্তিশালী হৈছে৷ যদি আপোনালোক এনেদৰে ৱাৰ্ডে-ৱাৰ্ডে সভা-সমিতি অনুষ্ঠিত কৰি থাকে, তেন্তে আগন্তুক এম এ চিৰ তিনিটা সমষ্টিৰ লগতে পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ম৷ আমি যোৱা নিৰ্বাচনত যি মণ্ডলত পৰাজিত হৈছোঁ, তাত বুথৰ, মণ্ডলৰ বিষয়ববীয়ালৈ দায়িত্ব এৰি নিদি সমূহীয়াকৈ সহযোগিতা আগবঢ়াই দলৰ ভেটি শক্তিশালী কৰিম৷ মই মণ্ডলৰ সভাপতিসকলক সম্বৰ্ধনা দিছোঁ, এই সম্বৰ্ধনা কেৱল সভাপতিজনক দিয়া নাই প্ৰতিটো বুথৰ লগতে মণ্ডলৰ কৰ্মীক জনাইছোঁ বুলি উল্লেখ কৰে৷ মাজুলীত উপস্থিত হৈ প্ৰসিদ্ধ দক্ষিণপাট সত্ৰ দৰ্শন কৰিলোঁ৷ ৰাস মহোৎসৱত মাজুলীত বহুলোকৰ সমাগম হয়৷ সেয়ে সেইসময়ত কংগ্ৰেছৰ নেতৃত্বক মাজুলীলৈ অনাৰ কথা ভাবিছোঁ বুলি উল্লেখ কৰি ৰাইজৰ সমৰ্থন বিচাৰে আৰু ৰাইজে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক মাজুলীলৈ নিমন্ত্ৰণ জনাব বুলি উল্লেখ কৰে৷ 



ভাষণ প্ৰসংগত তেওঁ চৰকাৰে বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিহীনক পট্টা দিয়াৰ নামত মুখ্যমন্ত্ৰীয়ে নিজেই মাটিৰ সাম্ৰাজ্য গঢ়া বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে ভূমিহীন লোক উপকৃত নাই হোৱা বুলি কয়৷ প্ৰসংগ ক্ৰমে তেওঁ কয় বাহিৰত আমি আদানি-আম্বানিৰ কথা শুনোঁ৷ কিন্তু অসমত মুখ্যমন্ত্ৰীয়ে মাটি সাম্ৰাজ্য গঢ়িছে বুলি কটাক্ষ কৰে আৰু মুখ্যমন্ত্ৰীয়ে মোক মাটি দিম বুলি কৈছে, মই তেওঁক পৰামৰ্শ দিম উক্ত মাটি বাগানৰ লোকক, ভূমিহীনক উভতাই দিয়ক৷ প্ৰসংগ ক্ৰমে তেওঁ এটা বেৱছাইট খুলি তাত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ অঙহী-বঙহীৰ নামত থকা মাটি, সম্পত্তিৰ লিষ্ট কৰি তাত অসমবাসীয়ে জনাকৈ আপলোড কৰাৰ চিন্তাৰ কথা অৱগত কৰে৷ 

ইফালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ ভিতৰুৱা সকলো খবৰ জানোঁ বুলি কৈ থাকে যদিও আলফাই পঁচিশটা স্থানত সন্দেহজনক বস্তু ৰাখি গ’ল তাৰ খবৰ কিন্তু নাপালে বুলি কটাক্ষ কৰে৷ সাংসদজনে কয় অসমৰ ৰাইজে তেওঁক মুখ্যমন্ত্ৰী পাতিছে ৰাইজক সুৰক্ষা দিবলৈহে, কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় সম্পৰ্কে খবৰ ৰাখিবলৈ নহয়৷ আমাৰ কৰ্তব্য হ’ব প্ৰয়াত তৰুণ গগৈৰ দিনৰ কাম-কাজৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব৷ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত বিজেপি চৰকাৰৰ অত্যাচাৰ কমিছে৷ লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলত বিজেপিৰপৰা যোগদান কৰিছে যদিও কংগ্ৰেছৰ বেয়া দিনত দলটোক ধৰি ৰখাসকলক পাহৰি গ’লে নহ’ব বুলি তেওঁ উল্লেখ কৰে৷ দলীয় কৰ্মীক উদেশ্যি সাংসদজনে কয় আপোনালোকে ডেৰ বছৰ দলৰ বাবে কষ্ট কৰক পঞ্চায়ত, কাউঞ্চিলত আমাৰ ফল ভাল হ’ব আৰু মাজুলীত আমাৰ এজন বিধায়কো হ’ব বুলি মতপোষণ কৰে৷ সংসদৰ অধিৱেশনত মই বিৰোধীৰ দায়িত্ব পালন কৰিম যদিও বাকী সময়ছোৱাত মই অসমত দলৰ বাবে কাম কৰি যাম৷ বহুতে মোক সোধে আপুনি ক’ৰপৰা নিৰ্বাচন খেলিব? যদি দলে কয় মই জালুকবাৰী, যোৰহাট বা মাজুলীৰপৰা খেলিবলৈ সাজু বুলি কয়৷ তেওঁ কয় ২০২৬ত অসমত আমাৰ চৰকাৰ হ’ব৷ অসমৰ ৰাইজে ভয়মুক্ত, শংকামুক্ত এখন চৰকাৰ পাব৷ সভাত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ সম্পাদক মেঘনাথ ছেত্ৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিষ্ণুকমল পায়েং, মাজুলী জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰাই বক্তব্য প্ৰদান কৰি পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমূহ নিজৰ দখললৈ অনাত গুৰুত্ব প্ৰদান কৰিবলৈ সকলো দলৰ বিষয়ববীয়াক আহ্বান জনায় বক্তব্য প্ৰদান কৰে৷ 

সভাত প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ গুলজাৰ হুছেইন, প্ৰদেশ কংগ্ৰেছৰ মাজুলীৰ তত্ত্বাৱধায়ক ভাস্কৰ দুৱৰা, জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিজিত গাম, আই টি চেলৰ কৃষ্ণা দাস, মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলালক্ষ্মী পগাগ প্ৰমুখ্যে মণ্ডল, বুথ আৰু ৱাৰ্ডৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে৷ সভাতে সাংসদগৰাকীৰ উপস্থিতিত বিজেপি আৰু গণশক্তি দলৰপৰা পংকজ কুলি, অশ্বিনী দলে, তীৰ্থনাথ কুলি, ৰুণাল কুলি, ৰমোজ কুলি, ৰুহিত ফুকন, উমেশ মিলি আৰু দুলাল ভূঞাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে৷ আজি আয়োজন কৰা মণ্ডল, বুথ আৰু ৱাৰ্ড সভাপতি সন্মিলন আৰু প্ৰশিক্ষণত সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতিদ্বয় ক্ৰমে হিতেশ্বৰ বৰা, দধিৰাম বৰুৱা আৰু বিশ্বজিত হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে৷