Logo
image

এইবোৰেও কেন্সাৰৰ আশংকা বঢ়াব পাৰে

নিত্য ব্যৱহাৰ্য বহু খাদ্য-সামগ্ৰীয়ে স্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদ মাতিব পাৰে৷ কেইবিধমান খাদ্যই কেন্সাৰৰ  আশংকাও বৃদ্ধি কৰে৷ 
- মদ্যপানঃ মদ্যপানে শৰীৰত কেন্সাৰৰ আশংকা বৃদ্ধি কৰে৷ মলদ্বাৰ, স্তন, খাদ্য নলী আৰু শৰীৰৰ অন্য অংগত অত্যধিক মদ্যপানে কেন্সাৰৰ বিপদ কঢ়িয়াই আনে৷ 
- মমবাতিঃ মমবাতিত আছে কাৰ্ছিনোজেন আৰু অনান্য উপাদান৷ যাৰ ধোঁৱাই  কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে৷ 
- এয়াৰ ফ্ৰেছনাৰঃ ঘৰত বা গাড়ীত যিসকলে এয়াৰ ফ্ৰেছনাৰ ব্যৱহাৰ কৰে সেইসকল লোক সাৱধান হোৱা উচিত৷ এইধৰণৰ ফ্ৰেছনাৰত থকা ৰাসায়নিক পদাৰ্থই কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে৷ 



- গাড়ীৰ ধোঁৱাঃ গাড়ীৰ ধোঁৱাৰ পৰাও কেন্সাৰৰ আশংকা বাঢ়িব পাৰে৷ গাড়ীৰ ধোঁৱাত থকা কাৰ্বন মনোক্সাইডে শৰীৰত মাৰাত্মক ক্ষতি কৰিব পাৰে৷ 
- টুথপেষ্টঃ টুথপেষ্টত থাকে ফ্লওৰাইড ৷ ইয়াৰ পৰাও হাড়ৰ কেন্সাৰ হোৱাৰ আশংকা থাকে৷ সেই বাবে টুথপেষ্ট ব্যৱহাৰ কৰোতেই বিশেষভাৱে সাৱধান হ’ব লাগে৷
- প্ৰসাধন সামগ্ৰীঃ বজাৰত উপলব্ধ বিভিন্নধৰণৰ প্ৰসাধন সামগ্ৰীয়েও স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে৷ এইধৰণৰ প্ৰসাধনত বিভিন্নধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলোৱা থাকে৷ যি ছালৰ কেন্সাৰ ৰোগ হোৱাত সহায় কৰিব পাৰে৷ 
- গৰম চাহঃ অতিৰিক্ত গৰম চাহ খালে খাদ্যনলীৰ কেন্সাৰ হ’ব পাৰে৷ 
- জন্ম নিয়ন্ত্ৰণ ঔষধঃ জন্ম নিয়ন্ত্ৰণ জাতীয় ঔষধ সেৱনৰ ফলত ষ্টন, লিভাৰ কেন্সাৰৰ আশংকা বৃদ্ধি পাব পাৰে৷ 
- মাইক্ৰ’ৱেভ ফোনঃ মাইক্ৰে’ৱেভত প্ৰস্তুত কৰা পপকৰ্ন খালেও কেন্সাৰৰ আশংকা বৃদ্ধি পাব পাৰে৷ 
- গ্ৰেনাইট মাৰ্বলঃ সাধাৰণতে বহু সংখ্যক লোকে ঘৰত গ্ৰেনাইট মাৰ্বল ব্যৱহাৰ কৰে৷ গ্ৰেনাইট মাৰ্বল সহজে পৰিষ্কাৰ কৰিব পাৰি৷ কিন্তু এই গ্ৰেনাইটৰ 
পৰা ৰেডিঅ’ একটিভ বাহিৰ হয়৷ যি কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে৷