Logo
image

ইউএছটিএমত পঢ়াসকলে অসমত চাকৰি নাপাব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ আগষ্ট : গুৱাহাটীৰ প্ৰৱেশদ্বাৰ যোৰাবাটৰ কৃত্ৰিম বানক লৈ মেঘালয়ৰ শৈক্ষিক প্ৰতিষ্ঠান ইউএছটিএম আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি সংঘাতে অসমৰ একাংশ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এতিয়া যেন অনিশ্চয়তা নমাই আনিছে৷ বান সমস্যাক লৈ ইউএছটিএমত পঢ়াসকলে অসমত ইউএছটিএমৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকৰে হোৱা বাকযুদ্ধক এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত সংঘাতৰ দিশে লৈ গ’ল৷ মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ বিৰুদ্ধে তেওঁৰ খং বেছি বুলি ৰাজহুৱাকৈ মন্তব্য কৰাতে ক্ষান্ত নাথাকি অসম চৰকাৰৰ চাকৰিত ইউএছটিএমৰ পৰা উত্তীৰ্ণ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব নোৱাৰি বুলিও সদম্ভ ঘোষণা কৰিছে৷ ইউএছটিএমৰ শিক্ষাৰ্থীয়ে অসম চৰকাৰৰ চাকৰিত আবেদন কৰিবলৈ হ’লে সুকীয়া যোগ্যতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ যোৰাবাটৰ কৃত্ৰিম বান সমস্যাৰ প্ৰসংগই গৈ শিক্ষাৰ্থীৰ শৈক্ষিক ছাৰ্টিফিকেটৰ গ্ৰহণযোগ্যতাক সাঙুৰি লোৱাত স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰি ইউএছটিএমৰ শিক্ষাৰ্থী সমাজ৷ কিয়নো ইউএছটিএমত অসমৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি অহাৰ লগতে শিক্ষানুষ্ঠানখনত কৰ্মৰত প্ৰায় ৮০ শতাংশ কৰ্মচাৰীয়েই অসমৰ বাসিন্দা৷ কিন্তু মুখ্যমন্ত্ৰীয়ে বুধবাৰে সংবাদ মাধ্যমৰ জৰিয়তে ইউএছটিএমত পঢ়া ল’ৰা-ছোৱালীয়ে অসম চৰকাৰৰ চাকৰিত আবেদন কৰিব নোৱাৰিব বুলি উল্লেখ কৰি ইয়াৰ বাবে সুকীয়া পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷



এই বিষয়টোক লৈ শিক্ষাৰ্থীসকল চিন্তিত হৈ পৰিছে৷ বুধবাৰে চৰকাৰৰ এই পৰিকল্পনাৰ কথা ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘আমি আৰু এটা আলোচনা কৰি আছোঁ, ইউএছটিএমৰ পৰা পাছ কৰা ল’ৰা-ছোৱালীয়ে অসমৰ চাকৰিৰ বিজ্ঞাপনত আবেদন কৰিব নোৱাৰে৷ কাৰণ ইউএছটিএম বেলেগ ৰাজ্যৰ শিক্ষানুষ্ঠান৷ ইয়াৰ বাবে আমাৰ ডিব্ৰুগড়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল’ৰা-ছোৱালীবিলাকে ভুক্তভোগী হৈ আহিছে৷ সেয়েহে আইন বিভাগকো বিষয়টো চাবলৈ দিছোঁ– ইউএচটিএমত পাছ কৰা ল’ৰা-ছোৱালীবোৰে অসমত যদি চাকৰি বিচাৰে বা অসমত যদি মেডিকেল ছীট বিচাৰে, তেনেহ’লে ইয়াত আৰু এটা সুকীয়া পৰীক্ষা দিব লাগিব৷ অকল ইউএছটিএম বুলিয়েই নহয়, পশ্চিম বংগ, মহাৰাষ্ট˜, কৰ্ণাটক সকলো বাহিৰা বিশ্ববিদ্যালয়ৰ বাবে এই নিয়ম প্ৰযোজ্য হ’ব৷ কিন্তু ইউএছটিএমৰ ওপৰত মোৰ খংটো অলপ বেছি৷ কাৰণ তেওঁলোকে অসমলৈ পানী পেলাই আছে৷ ইউএছটিএমে এখন মেডিকেল কলেজ বনাই আছে, য’ত এজনো পেচেণ্ট নাই৷ নেশ্বনেল মেডিকেল কাউঞ্চিলৰ নিৰীক্ষকৰ দল অহা দিনটোত পেচেণ্ট থকা দেখুৱাবলৈ জোৰকৈ পেচেণ্ট সোমোৱাই দিলে৷ এতিয়া কোনো পেচেণ্ট নাই৷ তেওঁলোকে মেডিকেল কলেজখন স্থাপন কৰাৰ দিনাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন ধবংসৰ কামত লাগি গ’ল৷ অসমীয়া ল’ৰাই তাতে বি এ, এম এ পঢ়িব নালাগে নহয়, আমাৰ ইয়াত পৰ্যাপ্ত ছীট আছে৷ তাতে পইচা দি পঢ়িব, ইয়াত বিনা পইচাত পঢ়িব পাৰে৷ লাগিলে গুৱাহাটী বিশ্ববিদ্যালয়ত মই ছীট কেইটামান বঢ়াই দিম৷ মানে ইউএছটিএমে আমাক যিটো চেলেঞ্জ দিছে, সেইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে৷ অসমৰ ৰাইজে নিৰ্বাচন কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে৷ সেয়েহে যি কৰিব লাগে মই লাহে লাহে শ্ল’ পয়জন হিচাপে কৰি থাকিম৷ ইউএছটিএম স্কেম হয়৷’ ইফালে, যোৰাবাটৰ পানীক লৈ মেঘালয় আৰু অসম চৰকাৰৰ বিশেষ কমিটীয়ে যৌথভাৱে অধ্যয়ন চলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়– ‘মেঘালয়ৰ পানীখিনি কেনেকৈ আমি শিলসাঁকো আৰু দীপৰ বিললৈ বোৱাই নিব পাৰোঁ, তাৰ বাবে নেডাৰলেণ্ডৰ বিশেষজ্ঞ কমিটীক দায়িত্ব দিয়া হৈছে৷ লগত আইআইটি ৰুৰোকি আৰু আইআইটি গুৱাহাটীকো দায়িত্ব দিছোঁ৷ ৩ বছৰৰ ভিতৰত আমি পৰিকল্পনা সম্পূৰ্ণ কৰিম৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যোৰাবাটৰ পৰা অহা পানীৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ মেঘালয় আৰু অসমৰ এখন যৌথ কমিটী গঠনৰ প্ৰস্তাৱ দিছে, মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোলৈ নিজেই ফোন কৰি কৈছে– যদি যোৰাবাটৰ বাবে পানী হৈছে তেওঁলোকো চিন্তিত৷ সেয়েহে মেঘালয় আৰু অসম চৰকাৰৰ মাজত যোৰাবাটৰ পৰা পানী অহা বিষয়টো ৰাজনৈতিকভাৱে আমি কিছু আগবাঢ়িছোঁ৷ কনৰাড চাংমাই মোক কৈছে– ‘দাদা যোৰাবাটৰ পৰা পানী বাগৰাটো হ’বও পাৰে নহ’বও পাৰে, সেই কাৰণে আমি দুয়োখন ৰাজ্যৰ এক্সপাৰ্ট কমিটীয়ে পৰীক্ষা কৰোঁ৷’ আমি যোৱা এমাহত যি ইছ্যু কৰিলোঁ, তাৰ পৰা আজি আমাৰ লাভ হৈছে৷ সেইকাৰণে সমস্যাটো সমাধানৰ বাবে আজি মেঘালয় চৰকাৰ আগবাঢ়ি আহিছে৷ যদিও অসমৰ বহু ৰাজনৈতিক নেতাই ইউএছটিএমক বচাবলৈ লাগি গ’ল, মেঘালয় চৰকাৰে কিন্তু ইউএছটিএমক বচাব যোৱা নাই৷’ ইফালে, সামাজিক মাধ্যমত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ূষ হাজৰিকাই ইউএছটিএমে মেঘালয়ৰ পাহাৰ কটা বুলি দাবী কৰি এটা ভিডিঅ’ আপলোড কৰাৰ পাছতেই মন্ত্ৰী পীয়ূষ হাজৰিকাক উভতি ধৰিছে শৈক্ষিক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুবুল হকে৷ মন্ত্ৰীজনক ইউএটিএমে পাহাৰখননৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ৩ান জনাই মানুহক বিপথে পৰিচালিত নকৰিবলৈকো সকীয়াই দিয়ে৷ সামাজিক মাধ্যমত মন্ত্ৰী হাজৰিকাৰ পোষ্টটোৰ কমেণ্টত মহবুবুল হকে কয়– মন্ত্ৰী ডাঙৰীয়া, মই আপোনাক প্ৰত্যাহ৩ান জনাইছোঁ, আপুনি আহি উক্ত ভূমিখিনি ইউএছটিএমৰ বুলি প্ৰমাণ কৰি দেখুৱাওক৷’ ইউএছটিএমৰ স্বত্বাধিকাৰীজনে লগতে নিজৰ মোবাইল নম্বৰ উল্লেখ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কেতিয়া প্ৰতিষ্ঠানখনলৈ আহিব তাক জনালে স-সন্মানে আদৰণি জনাব বুলিও প্ৰকাশ কৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈকো সকীয়াই দিয়ে৷

ৰাইজে বিদায় নিদিয়ালৈকে মুখ্যমন্ত্ৰীয়ে জেহাদ জেহাদ কৰিয়েই থাকিব : গৌৰৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ :‘ৰাইজৰ মাজলৈ গৈ অসমক হিংসা আৰু বিভাজনৰ ৰাজনীতিৰপৰা মুক্ত কৰিব বিচাৰোঁ৷ আমি সকলোৱে মিলি অসমখন অহংকাৰ, দমনকাৰী আৰু দুখীয়া মানুহক শোষণ কৰা ৰাজনীতিৰপৰা বচাব লাগিব৷ কংগ্ৰেছৰ বৰ্তমান উত্থানৰপৰা ৰাইজৰ মনৰপৰা শংকাৰ ভাব আঁতৰিবলৈ লৈছে৷ ‘আজি তেজপুৰত এইদৰে মন্তব্য কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷ আজি সন্ধিয়া তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ দ্বাৰা আয়োজিত এক সম্বদ্ধৰ্না সভাত অংশলৈ গগৈয়ে কয় ‘লোকসভা নিৰ্বাচন আমাৰ বাবে ছেমি ফাইনেল আছিল, এতিয়া আমি বহি যাব নালাগে৷ ছেমি ফাইনেলত আমি জিকাৰ পাছত এতিয়া আমি ফাইনেলত জয়ী হোৱাৰ লক্ষ্য ল’ব লাগে৷ শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টি প্ত-ঙ্মত জিকাটোৱেই এতিয়া আমাৰ লক্ষ্য৷’ উল্লেখ্য, আজি তেজপুৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয় চৌহদত আয়োজিত এক সম্বদ্ধৰ্না সভাত জিলা সভাপতি দাদুল বৰকাকতিৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, জিলা সাধাৰণ সম্পাদক নয়ন গোস্বামী, বেণু নাথৰ উপৰি ঢেকীয়াজুলি, তেজপুৰ, বৰছলা, ৰঙাপৰা, নদুৱাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিভিন্ন ভ্ৰাতৃ-ভগ্নী সংগঠনৰ লগতে অজাপকে ধৰি আন একাধিক ৰাজনৈতিক দল আৰু সংগঠনে যোৰহাটৰ নৱ-নিৰ্বাচিত সাংসদজনক সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ সম্বদ্ধৰ্না গ্ৰহণ কৰি গগৈয়ে কয় ‘মই গাঁৱৰ ভিতৰত থাকি ভালপাওঁ৷ ঢেকীয়জুলি, নদুৱাৰ, তেজপুৰ আদিত অনুষ্ঠিত হ’বলগীয়া সভাত অংশল’বলৈ মই আগ্ৰহী৷’ আনহাতে, উত্তৰ-পূব ৰে’ল সংমণ্ডলত থলুৱাৰ নিযুক্তি পোষকতা কৰি সাংসদ গগৈয়ে এই সন্দৰ্ভত তেওঁ সাংসদ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থৰ হকে কাম কৰা বুলিও প্ৰকাশ কৰে৷ তেওঁ কয় যে, ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল আৰু উৰাজাহাজৰ সংযোগ ব্যৱস্থাৰ প্ৰয়োজন আছে৷ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’লৱেত থলুৱা আৰু স্থানীয় লোকেহে নিযুক্তি পাওঁক৷ কাটিহাৰ জলপাইগুড়িক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’লৱেৰপৰা বেলেগে থাকক বুলি উল্লেখ কৰি গগৈয়ে কয় যে ইয়াত বিহাৰ, কাটিহাৰ বা শিলিগুড়িৰ লোকক নিযুক্তি দিয়াৰ সলনি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিব লাগে৷ তেওঁ আৰু কয় যে, ৰে’লৱেৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ বিষয়াসকলৰ মানসিকতা সলনি হ’ব লাগিব আৰু মই এজন সাংসদ হিচাপে এই বিষয়টোক লক্ষ্য হিচাপে লৈছোঁ৷ ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতা লাগিব বুলি কৈ গগৈয়ে পুনৰ কয় ‘আমি কেৱল চৰকাৰক গালি পাৰি থাকিলেই নহ’ব৷ প্ৰধানমন্ত্ৰীয়ে মন কি বাট কয়৷ কিন্তু ৰাইজৰ কথা কোনে ক’ব বা কোনে শুনিব৷ সেয়ে মই ৰাইজৰ লগত আছোঁ, ৰাইজৰ কণ্ঠ হ’বলৈ বিচাৰিছোঁ৷’ আনহাতে, স্মাৰ্ট মিটাৰৰ বিষয়টোৰ প্ৰসংগত গগৈয়ে কয় ‘বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতে গণ্ডগোল কৰে৷ বিজেপি চৰকাৰে অতি ধনী মানুহৰ ওপৰত কৰ লগোৱা নাই, সাধাৰণ মানুহৰ ওপৰত কৰ লগাইছে৷ চৰকাৰৰ আৰ্থিক বিফলতাৰ প্ৰতিফল সাধাৰণ মানুহে ভুগিছে৷ চৰকাৰে ধাৰ মাৰিবলৈ এইদৰে মাচুল বৃদ্ধি কৰিছে৷’ গগৈয়ে আৰু কয় ‘২০২৪ত দেশ আৰু ৰাজ্যত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন হৈছে৷ ইয়াৰ আগলৈকে মানুহ বিজেপিলৈ গৈছিল৷ কিন্তু এতিয়া মানুহে কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে৷’ গগৈয়ে লগতে কয় ‘বিজেপিয়ে এক দেশ এক নিৰ্বাচন বুলি মুখেৰে কৈ পৃথকে নিৰ্বাচন অনুষ্ঠিত কৰিছে৷ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস বিজেপিৰ নাই৷ ইমান দীঘলীয়া সূচীৰে নিৰ্বাচন অনুষ্ঠিত কৰা এয়ে প্ৰথম৷ এতিয়া মহাৰাষ্ট্ৰকে ধৰি চাৰিখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনতো বিজেপি পৰাভূত হ’ব৷’ গগৈয়ে আৰু কয় যে, বিজেপি আৰু আদানি একে৷ চৰকাৰে এনে নীতি কৰিছে যে সকলোতে আদানিয়েই লাভান্বিত হয়৷ কংগ্ৰেছ গাঁৱে গাঁৱে মানুহৰ ওচৰলৈ গ’লেই ৰাইজ কংগ্ৰেছলৈ আহিব বুলি মন্তব্য কৰি গগৈয়ে পাছত সংবাদ মাধ্যমৰ আগত কয় যে, আৰক্ষীক এতিয়া কয়লা, গৰু আদি ছিণ্ডিকেটত ব্যস্ত কৰা হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে এটা স্মাৰ্ট মিটাৰ ৰাইজক দিলে যে ইয়াৰ নামত পূৰ্বৰ চাৰিশ টকাৰ বিল আঠশ, হাজাৰ টকালৈ বৃদ্ধি হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীক এনে স্মাৰ্ট চিটী দিলে যে ইয়াত ১৫মিনিট বৰষুণ দিলে মানুহ পাঁচঘণ্টা আৱদ্ধ হ’ব লাগে৷ ছিণ্ডিকেট নিয়ন্ত্ৰণত আৰক্ষীক ব্যৱহাৰ কৰাৰ বাবেই ১৫আগষ্টত আলফাই ৰাজ্যৰ ২৫টা স্থানত সন্দেহজনক সামগ্ৰী ৰাখিব পাৰিলে বুলি মন্তব্য কৰি সাংসদ গগৈয়ে কয় যে, এই ব্যৰ্থতাৰ দাযিত্ব গৃহ বিভাগৰ দায়িত্বত থকাসকলে তথা আৰক্ষীৰ বৰমূৰীয়াসকলে স্বীকাৰ কৰিব লাগে৷ তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহেতুক আৰু যুক্তিহীন কথা কৈ থাকিবলৈ ৰাইজে মুখ্যমন্ত্ৰী পতা নাই৷ তেওঁক গুৱাহাটীৰ বানৰ কথা ক’লে তৰুণ গগৈৰ প্ৰসংগত কথা কয়৷ সকলো কথাতে তেওঁ মাত্ৰ জিহাদ জিহাদ কৰিয়েই থাকে৷ যেতিয়ালৈকে তেওঁক বিদায় দিয়া নহয় তেওঁ কেৱল জিহাদ জিহদেই কৈ থাকিব৷ গগৈয়ে কয় ‘হিমন্ত বিশ্ব শৰ্মা বিজেপি দলত থাকিলে আমাৰ সুবিধা হয়৷ তেওঁ মুখ্যমন্ত্ৰী হৈয়েই থাকক বা এনেই থাকক৷ তেওঁ য’তে থাকক তেওঁৰ লগত বিসম্বাদৰ বেমাৰটো লগত লৈ যায়৷ কংগ্ৰেছত থকা সন্দেহজনক মানুহবোৰ তেওঁ লৈ গ’ল৷’ গগৈয়ে পুনৰ কয় যে, আনকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কংগ্ৰেছৰ কথাত পতিয়ন গৈছে৷ ইউ পি এছ চিত সকলোবৰ্গক সামৰি লোৱাৰ সুবিধা হোৱাৰ কথা কংগ্ৰেছে কৈছিল আৰু মোদীয়ে কংগ্ৰেছৰ এই কথাত যুক্তি আছে বুলি সেই নীতি ঘূৰাই আনিছে৷