Logo
image

‘ব্যক্তিগতকৰণ’ৰ পথত ৰাজ্যিক কৰ্কট চিকিৎসালয়

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ আগষ্ট: দুৰাৰোগ্য কৰ্কট ৰোগৰ চিকিৎসা ৰাজ্যিক কৰ্কট হাস্পতালসমূহত এতিয়াৰে পৰা আৰু সুলভ নহ’ব৷ কিয়নো পহিলা ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান ব্যক্তিগত চিকিৎসালয়ৰ দৰে ব্যয়বহুল হৈ পৰিব৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত অৱস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ ১৭খন কৰ্কট হাস্পতালৰে অংশীদাৰিত্বৰ ৫০ শতাংশ অসম চৰকাৰৰ হাতৰ পৰা টাটা ট্ৰাষ্টৰ হাতলৈ গুচি গৈছে৷ যদিও এই কৰ্কট হাস্পতালকেইখন লাভজনক প্ৰতিষ্ঠান হিচাপে গঢ় দিয়া হোৱা নাই, তথাপিও হাস্পতালকেইখনৰ পৰিচালনাৰ বাবে হোৱা সমস্ত খৰচ ৰোগীৰ পৰা সংগ্ৰহ কৰাটো নিশ্চিত হৈ পৰিল৷ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ প্ৰকল্পৰ অধীনত ২০১৮-১৯ বৰ্ষতে জি এম চি এইচত ২০০খন বিচনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখন নিৰ্মাণ আৰম্ভ কৰা হৈছিল যদিও শেহতীয়াকৈ এই হাস্পতালখন পৰিচালনাৰ বাবে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বন চমুকৈ এচিচিএফ নামৰ এটা প্ৰতিষ্ঠান গঠন কৰা হৈছে৷


যিটো প্ৰতিষ্ঠান কোম্পানী আইনৰ ২০১৩ ধাৰা ৮১ অধীনত পঞ্জীয়ন কৰা হৈছে৷ কোম্পানীটোৰ অধ্যক্ষৰ দায়িত্বত অসমৰ মুখ্যমন্ত্ৰী থাকিব যদিও এতিয়াৰে পৰা কেন্সাৰ কেয়াৰ প্ৰকল্পটোত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অংশীদাৰিত্ব সমান হ’ব৷ অৰ্থাৎ কৰ্কট প্ৰতিষ্ঠানত হোৱা ব্যয় বা আয় অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত সম-পৰিমাণৰ হ’ব৷ কেৱল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানেই নহয়, ডিব্ৰুগড়, বৰপেটা, লখিমপুৰ, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, শিলচাৰ আৰু দৰঙৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা টাটা ট্ৰাষ্টৰ হাস্পতাল কেইখনৰ উপৰি নিৰ্মীয়মান আন জ্জ্বখন কৰ্কট হাস্পতালৰো পৰিচালনা আৰু ব্যৱস্থাপনাৰ দায়িত্ব পালন কৰিব অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বনে৷ অৱশ্যে হাস্পতালকেইখনত বৰ্তমান কৰ্মৰত হৈ থকা চৰকাৰী কৰ্মচাৰীসকলে অসম চৰকাৰৰ পৰাই পূৰ্বৰ দৰে দা-দৰমহা লাভ কৰিব যদিও ঠিকাভিত্তিক কৰ্মচাৰীসকলক নৱগঠিত কোম্পানীয়ে খৰচ বহন কৰিব৷ তদুপৰি পৰিচালনাৰ  সমস্ত ব্যয়ৰ লগতে চিকিৎসা সা-সামগ্ৰীও নতুনকৈ গঠন কৰা কোম্পানীয়ে পৰিশোধ কৰিব৷ স্বাভাৱিকতেই এই বুজাবুজিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে কৰ্কট হাস্পতালকেইখন অসম চৰকাৰৰ অধীনৰ পৰা ৫০ শতাংশ অংশীদাৰিত্ব টাটাৰ নিয়ন্ত্ৰণলৈ গুচি যোৱাত হাস্পতালকেইখন পৰিচালনাৰ বাবে হোৱা সমস্ত খৰচ ৰোগীৰ পৰাই সংগ্ৰহ কৰা হ’ব৷ যদিও হাস্পতালৰ জৰিয়তে অসম চৰকাৰ বা টাটা গ্ৰুপে লাভ অৰ্জন নকৰাৰ চুক্তি কৰিছে তথাপিও ৰোগীসকলে এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালৰ দৰেই প্ৰতিটো খোজতে ধন ব্যয় কৰিব যে লাগিব সেয়া নিশ্চিত হৈ পৰিছে৷ অৱশ্যে কৰ্কট ৰোগীৰ চিকিৎসাৰ নামত কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বনে এতিয়া ৰোগীৰ পৰা কিমান পৰিমাণৰ মাচুল সংগ্ৰহ কৰিব সেয়া পহিলা ছেপ্টেম্বৰত স্পষ্ট হৈ পৰিব৷