Logo
image

স্মাৰ্ট মিটাৰক লৈ উত্তাল ৰাজ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ৷ স্মাৰ্ট মিটাৰক ‘স্মাৰ্ট ডকাইত’ আখ্যা দি শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে৷ আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, তাই আহোম ছাত্ৰ সন্থা, আমছুকে ধৰি বিভিন্ন দল- সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে তথ্যসহ লুণ্ঠনৰ প্ৰমাণ দাঙি ধৰিছে৷ কাৰ্যতঃ স্মাৰ্ট মিটাৰক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি৷ অসম কংগ্ৰেছৰ মতে– ‘স্মাৰ্ট মিটাৰৰ বাবেই এইবাৰ ডুবিব ৰাজ্যৰ বিজেপি চৰকাৰ৷ স্মাৰ্ট মিটাৰ চৰকাৰৰ বাবে ধন সংগ্ৰহৰ যন্ত্ৰ৷ টেটুলৈকো লোৱা ধাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ গ্ৰাহকৰ পৰা আদায় কৰিছে চৰকাৰে৷’ পিছে স্মাৰ্ট মিটাৰৰ বাবে ৰাজ্যত বিদ্যুৎতৰ বিল বৃদ্ধি পোৱা নাই বুলি পুনৰ দাবী কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আজি এনেদৰে কয়– স্মাৰ্ট মিটাৰৰ বাবে যিসকলৰ বিদ্যুতৰ বিল বেছি আহিছে বুলি কৈছে, তেওঁলোকৰ ঘৰত এটা মেনুৱেল মিটাৰো লগাই দিম৷ এমাহ দুয়োটা মিটাৰৰ ৰিডিং চাই ল’লেই হ’ল৷ লাগিলে সাংবাদিকসকলৰ ঘৰতো লগাই দিম৷ স্মাৰ্ট মিটাৰত যদি মেনুৱেল মিটাৰতকৈ বেছি ৰিডিং আহে তেন্তে সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰৰ প্ৰত্যাহাৰ কৰিম৷ মানুহে নিজৰ বিদ্যুতৰ বিলখন ২০২৩ লগত তুলনা কৰা নাই৷ ২০২৪ আগৰ মাহৰ লগত তুলনা কৰি আছে৷ 



 স্মাৰ্ট মিটাৰৰ বাবে মানুহৰ পূৰ্বৰ তুলনাত বিদ্যুতৰ বিল কমিছে৷ সমগ্ৰ ৰাজ্যতে বিদ্যুতৰ খৰচৰ পৰিমাণ হ্ৰাস পাইছে৷ অপ্ৰয়োজনত মানুহে এতিয়া লাইট নলগায়৷ স্মাৰ্ট মিটাৰৰ জৰিয়তে এপিডিচিএলে বেছি পইচা ল’লে, পইচাবোৰ ক’লৈ গ’ল৷ ৰাজকোষলৈকে আহিব লাগে৷ এপিডিচিএলৰ উপাৰ্জনটো বৃদ্ধি হোৱা নাই৷ বিধানসভাত প্ৰশ্ন কৰিলেই এপিডিচিএলৰ উপাৰ্জনৰ সকলো তথ্য পাই যাব৷ সাধাৰণতে জুন, জুলাই, আগষ্ট মাহত বিদ্যুতৰ খৰচ বাঢ়েই৷ অক্টোবৰৰ পৰা আকৌ নৰমেল হয়৷ পহিলা এপ্ৰিলৰ পৰা আমি প্ৰতি ইউনিটতে এক টকাকৈ বিদ্যুতৰ বিল কমাই দিম৷ সমগ্ৰ ভাৰতৰ কোনো ৰাজ্যতে এনেকৈ বিদ্যুতৰ বিল কমাব পৰা নাই৷’ ইফালে স্মাৰ্ট মিটাৰত অস্বাভাৱিক বিদ্যুৎ বিল বৃদ্ধি হোৱা দেখুৱাই দিব পাৰিলে আমি ব্যৱস্থা ল’ম বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই এইদৰে কয়– ‘গৰমৰ দিনত মানুহে ফ্ৰীজ, এচি, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক৷  যিসকলে স্মাৰ্ট ইছু্যটো আনিব মই তেওঁলোকক এটা কথাই অনুৰোধ কৰিম যে এই বছৰৰ আৰু আগৰ দুবছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ আহক, তেতিয়া জলজল পটপটকৈ বিষয়টো ওলাই যাব৷ স্মাৰ্ট মিটাৰৰ পৰা যদি বিল বাঢ়িছে তেতিয়া ওলাই পৰিব৷’ মন্ত্ৰীগৰাকীয়ে আগষ্ট মাহত বিল বৃদ্ধিৰ কথাটো কিয় ওলায় তাৰ কাৰণো ব্যাখ্যা কৰে৷ তেওঁ কয় যে গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে৷ টিভি ব্যৱহাৰ কৰে, ফেন ব্যৱহাৰ কৰে৷ গতিকে গৰম দিনত বিদ্যুৎৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক৷ কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে সেয়ে আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু তাৰ আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু এই বছৰৰ এপ্ৰিল, মে’ জুন, জুলাই এই তিনিটা বছৰৰ চ্ছ্ৰটা মাহৰ বিল লৈ আহি যদি বিল বৃদ্ধি হৈছে দেখুৱাই দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আমাক যদি দেখুৱাই দিব পাৰে যে বিল অস্বাভাৱিকভাৱে বাঢ়ি গৈছে, তেতিয়া নিশ্য়কৈ আমি ব্যৱস্থা ল’ম৷’ স্মাৰ্ট মিটাৰক লৈ শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কৰ মাজত নাই কথাৰ মিল৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে– ‘স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত প্ৰথমে বিদ্যুতৰ বিল বেছি আহিছিল৷ পিছত ফোন কৰি কওঁতে বিভাগৰ লোক আহি ঠিক কৰি দিয়ে৷’ ইফালে গুৱাহাটীত সাধাৰণ ঘৰুৱা গ্ৰাহকৰ ১.৩২ ইউনিট বিদ্যুতৰ বিল গ্ৰাহকৰ পৰা ২৩ টকা পৰ্যন্ত এপিডিচিএলে আদায় কৰাৰ অভিযোগ উঠিছে৷ তদুপৰি একে লাইট, ফেন ব্যৱহাৰ কৰাৰ পাছত কোনোবা এদিন ৰিডিঙত ২ ইউনিট খৰচ, কোনোবা এদিন ২ ইউনিট খৰচ, কোনোবা এদিন ৬ ইউনিট খৰচ হোৱাৰ তথ্য গ্ৰাহকৰ মাই বিজুলী এপ’ত উপলবদ্ধ হৈছে৷ সেয়েহে সাধাৰণ গ্ৰাহকৰ প্ৰশ্ন– ‘ঘৰুৱা ব্যৱহাৰৰ এক ইউনিট বিদ্যুতৰ দাম কিমান৷ কেনেদৰে এক ইউনিট বিদ্যুতৰ দাম ২৩ টকা হ’ব পাৰে৷ এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ ৰিডিং আসোঁৱাহপূৰ্ণ৷ এয়া লুণ্ঠন নহয় কি?

মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা কৃষক মুক্তিৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক: ৰাজ্যবাসীয়ে যুক্তিসংগতভাবে পূৰ্বব তুলনাত স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিৰ বিৰোধিতা কৰাৰ বিপৰীতে স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দাবীক উপলুঙা কৰি এ পি ডি চি এল আৰু শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিবলৈ গৈ স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে আৰু ই গ্ৰাহকৰ বাবে মিতব্যয়িতাৰ আহিলাহে বুলি কোৱাটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া গণ বিচ্ছিন্ন মুখ্য মন্ত্ৰী হৈ পৰিছে৷ এইদৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই৷ গুৱাহাটীৰ গান্ধীবস্থিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ সাধাৰণ সম্পাদক  বিদ্যুৎ শইকীয়াই কয় যে কেৱল পৰিয়ালৰ বৈধ-অবৈধ সম্পতিৰ দীঘলীয়া তালিকা হাতত লৈ সুযোগ পালেই চাফাই গায় সুৰক্ষা দিয়াত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যকালত আজি অসুৰক্ষিত ৰাজ্যবাসী৷ শেহতীয়াকৈ অসমৰ প্ৰায় ৬০ শতাংশ ভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালভাৱে শিশু খাদ্যৰ পৰা ঔষধলৈকে নিত্য ব্যৱহাৰয্য প্ৰতিপদ সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ জুইয়ে ৰাজ্যবাসীক দহি পেলোৱাৰ সময়তে অসমৰ বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ তেজ শুহি খাইছে এতিয়া বিদু্যৎ বিভাগে ঘৰে ঘৰে নতুনকৈ সংযোগ কৰা স্মাৰ্ট মিটাৰে৷ স্মাৰ্ট মিটাৰৰ অভাবনীয় বৰ্ধিত বিলে এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছে সাধাৰণ জনসাধাৰণৰ মাজত৷ এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ আজি সংগঠনটোৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক বিতুমণি হাজৰিকা, আকাশ দলে, কাৰ্যনিৰ্বাহক সদস্য অবিন্দম গগৈয়ে সম্বোধন কৰা সংবাদমেলত সাম্প্ৰতিক সময়ৰ ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় ‘স্মাৰ্ট মিটাৰ’ৰ বিসংগতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় যে শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে কম বেছি পৰিমাণে পুৰণি মাহেকীয়া বিল পৰিশোধ কৰা প’ষ্টপেইড মিটাৰৰ পৰিৱৰ্তে নতুন প্ৰিপেইড আগতীয়াকৈ বিল পৰিশোধ কৰা স্মাৰ্ট মিটাৰ গ্ৰাহকৰ ঘৰত সংযোগ কৰাৰ পাছৰে পৰা মাহেকীয়া বিলসমূহৰ ক্ষেত্ৰত ব্যাপক বিসংগতিয়ে দেখা দিছে৷ প্ৰায় প্ৰতিগৰাকী পূৰ্বৰ তুলনাত স্মাৰ্ট মিটাৰ সংস্থাপনৰ পাছত বিলসমূহৰ আকাশ পাতাল পাৰ্থক্যই দেখা দিছে৷ যাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য সংগঠনসমূহৰ নেতৃত্বত বিদু্যৎ বিভাগৰ নিয়মীয়া আৰু ক্ষোভিত ৰাইজ ৰাজপথলৈ ওলাই আহিছে৷ গ্ৰাহকসমূহৰ ক্ষেত্ৰত দেখা গৈছে যে যিসকল নিয়মীয়া সাধাৰণ পৰিয়ালে ৫ ৰ পৰা ১০টা এলইডি লাইট, ৩ ৰ পৰা ৬,৭ খন চিলিং ফেন, এটা বা দুটা মোবাইল চাৰ্জ কৰি বিদু্যৎ ব্যয় কৰা বিপিএল মিটাৰ সংযোগ কৰা গ্ৰাহকে প্ৰতিমাহে এশ পঞ্চাশ টকাৰ পৰা সৰ্বাধিক দুশ পঞ্চাশ টকা লৈকে মাহেকীয়া বিদু্যতৰ বিল পৰিশোধ কৰিছিল৷ এতিয়া সেইসমূহ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত একেখিনি বৈদু্যতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত ছশৰ পৰা দুই হাজাৰ পৰ্যন্ত দহ পোন্ধৰ গুণ বিদু্যতৰ মাচুল পৰিশোধ কৰিব লগা হৈছে৷ স্বাভাৱিকতে স্মাৰ্ট মিটাৰ সংযোগৰ পাছত মাচুলৰ ক্ষেত্ৰত এনে বৃহৎ পৰিমাণৰ পাৰ্থক্য কোনো কাৰণত মানি ল’ব পৰা বিষয় নহয়৷ সংবাদমেলখনত উপস্থিত সংগঠনটোৰ সাধাৰণ সম্পাদক  বিদ্যুৎ শইকীয়াই ৰাজ্যখনৰ কেইবাটাও প্ৰান্তৰ কেইবাজনো গ্ৰাহকৰ স্মাৰ্ট মিটাৰ সংযোজন কৰাৰ পূৰ্বৰ নিয়মীয়া বিদু্যতৰ মাহেকীয়া বিল আৰু স্মাৰ্ট মিটাৰ সংযোজনৰ পাছৰ একেগৰাকী গ্ৰাহকৰে বৰ্ধিত বিল উপস্থাপন কৰি তুলনা কৰি দেখুৱাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা ধৰণে স্মাৰ্ট মিটাৰ সংযোজন কৰাৰ পাছত বিদু্যতৰ বিল হ্ৰাস হোৱাৰ পৰিবৰ্তে গ্ৰাহক গৰাকীৰ ক্ষেত্ৰত ব্যাপক হাৰত বৃদ্ধি পাইছে বিদ্যুৎৰ  বিল৷ উল্লেখযোগ্য যে কৃষক মুক্তিৰ নেতৃত্বত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে বুলি তেওঁ কৈছিল৷  মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এঢাপ আগুৱাই এপিডিচিয়েল আৰু শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বিগত বৰ্ষৰ এইটো মাহৰ বিল আৰু এইটো বৰ্ষৰ চলিত মাহৰ বিল দেখুৱাই স্মাৰ্ট মিটাৰত অত্যধিক বিল বৃদ্ধি হোৱাৰ প্ৰমাণ দেখুৱাবলৈ প্ৰত্যাহ৩ান জনাইছিল৷ আজি গুৰুত্বপূৰ্ণ সংবাদমেলখনত মুখ্যমন্ত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছে বুলি দাবী কৰি সংগঠনটোৱে তথ্য সহকাৰে প্ৰমাণ কৰে যে স্মাৰ্ট মিটাৰৰ বিসংগতি অথবা এপিডিচিএলৰ দুৰ্নীতি, কমিচন ৰাজৰ বাবেই হওক নতুবা চৰকাৰী পৃষ্ঠপোষকতা স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ ওপৰত লুণ্ঠন চলোৱা হৈছে৷ সংবাদমেলখনত বিলৰ ক্ষেত্ৰত এনে আকাশলংঘী পাৰ্থক্যৰ বহু তথ্য মজুত আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীক এপিডিচিয়েল, শক্তি বিভাগক ৰক্ষনাবেক্ষণ দিয়াৰ পৰিৱৰ্তে ৰাইজৰ স্মাৰ্ট মিটাৰৰ এই মৌলিক সমস্যাটো সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই, অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বস্তৰৰ জনসাধাৰণক একত্ৰীত কৰি ব্যাপক গণ প্ৰতিবাদৰ সূচনা কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে৷ ইয়াৰ উপৰিও সংগঠনটোৱে তথ্য সহকাৰে এপিডিচিএল-এ গ্ৰাহকলৈ বৰ্ধিত হাৰত বহু ভুৱা বিল প্ৰেৰণ কৰি টকা আদায় লোৱাৰ প্ৰমাণ দাঙি ধৰে৷ সংগঠনটোৰে কয় যে যি সময়ত দিল্লীৰ দৰে ৰাজধানীত ২০০ ইউনিট পৰ্যন্ত বিদ্যুৎ ৰেহাই দিয়াৰ উপৰিও ২০০ পৰা ৪০০ ইউনিট  বিদ্যুৎৰ  ব্যৱহাৰ কৰা গ্ৰাহকক ৫০ শতাংশ পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰাৰ বিপৰীতে নিজকে জনতাৰ চৰকাৰ বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে পূৰ্বৰ ৫ টকা ৭০ পইচা প্ৰতি ইউনিট বিজুলীৰ দাম বৃদ্ধি কৰিছে ৬ টকালৈ আৰু বিদ্যুৎ সেবা সংযোগ মাচুল ঘৰুবা সংযোজনৰ ক্ষেত্ৰত দুগুণ ১২,৫০০ ৰ পৰা ২৫,০০০ বৃদ্ধি কৰিছে৷


চৰাইবাহীত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : মৰিগাঁও জিলাৰ চৰাইবাহীত স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে বৃহত্তৰ অঞ্চলটোৰ শ শ পুৰুষ-মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে৷ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থা, চৰাইবাহী মহিলা সমাজ আৰু চৰাইবাহী ব্যৱসায়ীসকলৰ আহ৩ানত ৰূপায়িত উক্ত বিক্ষোভ কাৰ্যসূচীত প্ৰায় তিনিশ পুৰুষ,-মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে চৰাইবাহীৰ বিদু্যৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰক, বিদ্যুৎৰ মাচুল হ্ৰাস কৰক, বিদ্যুতৰ সঘন লুকা-ভাকু বন্ধ কৰক, উপ-সংমণ্ডল বিষয়া ৰাইজৰ সন্মুখত ওলাই আহক আমাৰ দাবী মানি লওক আদি প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে ভাষণ প্ৰসংগত কয়– বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত ২৪ঘণ্টাই বিদু্যতৰ যোগান ধৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰি গা এৰা দিয়া ভূমিকাহে পালন কৰিছে৷ ইপিনে উৎকট গৰমত বিদ্যুৎৰ সঘন আহ-যাহত ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ জিলাখনৰ বহু অঞ্চলত দিনটোৰ দুই-তিনিঘণ্টাহে বিদ্যুৎ থাকে তাকো ভল্টেজ একেবাৰে কম৷ প্ৰখৰ গৰমত ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বিদু্যৎ বিভাগৰ অস্তিত্ব আছে নে নাই এতিয়া ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে৷ আনহাতে, এতিয়া নতুনকৈ আকৌ স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ ওপৰত আতিশয্য চলোৱা আৰম্ভ কৰিছে৷ এফালে বিদ্যুৎৰ নাটনি আনফালে আকাশলংঘী বিদ্যুৎৰ মাচুলে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে বুলি ছাত্ৰ নেতাজনে মন্তব্য কৰে৷ এই বিক্ষোভ কাৰ্যসূচীৰ অন্তত ৰাইজে চৰাইবাহীৰ বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডল বিষয়াক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷ এই স্মাৰক-পত্ৰত চৰাইবাহী ৰাইজে স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰে, ইয়াৰ পৰিৱৰ্তে পূৰ্বৰ মিটাৰ আৰু ৰিডিংমতেই বিল পৰিশোধ কৰিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে বিদু্যত যোগান নিয়মীয়া কৰিবলৈ, বিদ্যুৎৰ  মাচুল হ্ৰাস কৰিবলৈ আৰু দুই-তিনিজনীয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চলি থকা কাৰ্যালয়টোত শীঘ্ৰে কৰ্মচাৰী নিযুক্তি দিবলৈ দাবী জনায়৷

কলিয়াবৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথত মহিলা

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদক : কলিয়াবৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি ওলাই আহিল এদল মহিলা৷ স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰ দিবলৈ আহ্বান জনালে ক্ষুব্ধ প্ৰতিবাদী মহিলা দলটোৱে৷ এনে অভিযোগ লৈ আজি কলিয়াবৰৰ অসম শক্তি বিতৰণ নিগমৰ প্ৰবন্ধকৰ কাৰ্যালয়ত ইয়াৰ মিৰিভেটি অঞ্চলৰ এদল মহিলাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ক্ষুব্ধ প্ৰতিবাদকাৰী মহিলাসকলে সংবাদ মাধ্যমক কয় যে স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে আমি আমাৰ ঘৰৰ বাউণ্ডেৰীত সোমাবলৈ নিদিওঁ৷  চৰকাৰী অফিচ¸-কাৰখানাত লগাই লওক প্ৰথমে¸ তাৰ পাছত আমাৰ ঘৰত লগাব৷ তেওঁলোকে লগতে কয় যে, আমি দুখীয়া মানুহ¸ ক’ত পাম পইচা৷ আমাৰ পুৰণি মিটাৰেই ভাল¸ বিল আহে¸ সাজু হৈ পইচা দিব পাৰোঁ¸, স্মাৰ্ট মিটাৰত নোৱাৰিম৷ কোনো কাৰণত স্মাৰ্ট মিটাৰ লগাব নিদিওঁ৷ ‘স্মাৰ্ট মিটাৰে দৰিদ্ৰ ৰাইজক জ্বলা-কলা খুৱাইছে বুলিও দাবী কৰে তেওঁ লোকে৷ স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰ দিবলৈ আহ৩ান জনালে প্ৰতিবাদী মহিলাসকলে৷ কলিয়াবৰত অসম শক্তি বিতৰণ নিগমক স্মাৰ্ট মিটাৰ সংযোগ নকৰিবলৈও আবেদন জনালে প্ৰতিবাদী মহিলাসকলে৷ নহ’লে পৰিস্থিতি ভয়াৱহ হ’ব বুলিও হুমকি দিলে মহিলাসকলে৷