Logo
image

‘হাৰ্ট এটেক’ৰ পৰা সাৰি থাকিবলৈ এইবোৰ অভ্যাস এৰক

আজিকালি অকাল মৃত্যুৰ এটা অন্যতম কাৰণ হৈছে হৃদৰোগ৷ ফলত হৃদপিণ্ড সুস্থ ৰখাটো জৰুৰী হৈ পৰিছে৷ হৃদপিণ্ড সুস্থ ৰাখিবলৈ হ’লে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব৷ সকলোৱে জানে যে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু নিয়মীয়া শৰীৰ চৰ্চাই হৃদপিণ্ড ভালে ৰখাত সহায় কৰে৷ কিন্তু বহুতৰে কিছুমান অভ্যাস আছে যিবোৰে হৃদপিণ্ডৰ ক্ষতি কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ অভ্যাসে হৃদপিণ্ডৰ ক্ষতি কৰে–

(১) বহুতে ঘণ্টাৰ পাছত ঘণ্টা টিভিৰ সন্মুখত বহি থাকে৷ এই অভ্যাস হৃদপিণ্ডৰ বাবে ক্ষতিকাৰক৷ অনবৰতে টিভি চাই থকাৰ অভ্যাসে হাৰ্ট এটেক আৰু ষ্ট্ৰ’কৰ আশংকা বঢ়ায়৷ কিয়নো দীঘলীয়া সময় একেৰাহে বহি থাকিলে বা লৰচৰ নকৰাকৈ থাকিলে তেজত চৰ্বি আৰু শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ ফলত হৃদৰোগৰ আশংকা বাঢ়ে৷



(২) মানসিক চাপ, শত্ৰুতাৰ অনুভূতি, অৱসাদ আদিয়েও হৃদপিণ্ডৰ ক্ষতি কৰে৷ সেয়ে যিমান পৰা যায় মানুহৰ সৈতে মিলি চলাৰ অভ্যাস কৰক৷

(৩) শুই থকা অৱস্থাত নাকৰ শব্দ হ’লে এয়া শ্লীপ এপ’নিয়াৰ দৰে গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে৷ ইয়াৰ ফলত শুই থাকোতে শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি হয়৷ এনেকুৱা হ’লে ৰক্তচাপ অত্যধিক মাত্ৰাত বৃদ্ধি পায়৷ ফলত হাৰ্ট এটেক বা  ষ্ট্ৰ’কৰ আশংকা বাঢ়ে৷ গতিকে আপোনাৰ যদি শুই থাকোতে নাকৰ শব্দ হোৱাৰ সমস্যা আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক৷

(৪) গৱেষণাত দেখা গৈছে যে দাঁতৰ মাৰিৰ সৈতে হৃদপিণ্ডৰ সম্পৰ্ক আছে৷ দাঁতৰ মাৰি পৰিষ্কাৰ নকৰিলে দাঁতৰ গুৰিত বেক্টেৰিয়াৰ সৃষ্টি হয়৷ যিটো হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক৷ গতিকে নিয়মীয়াকৈ দাঁতৰ মাৰি পৰিষ্কাৰ কৰি ৰাখক৷

(৫) অত্যধিক সুৰাপান কৰিলে উচ্ছ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ তদুপৰি তেজত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয়৷ ইয়াৰ ফলত হাৰ্ট এটেক বা হাৰ্ট ফেইল হোৱাৰ আশংকা থাকে৷ গতিকে হৃদযন্ত্ৰ দুৰ্বল যেন অনুভৱ কৰিলে আজিয়েই সুৰাপানৰ অভ্যাস ত্যাগ কৰক৷

(৬) অত্যধিক ওজন বাঢ়িলেও হাৰ্ট এটেক হোৱাৰ আশংকা থাকে৷ গতিকে ওজন কমোৱাৰ চেষ্টা কৰক আৰু অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক৷