Logo
image

উত্থাপন হ’ব খিলঞ্জীয়াৰ ভূমি ক্ৰয়-বিক্ৰয়সহ ১৩খন বিধেয়ক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷ ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ চলিব বিধানসভাৰ অধিৱেশন৷ মুঠ পাঁচ দিনীয়া কাৰ্যসূচীৰে হ’ব বিধানসভাৰ অধিৱেশন৷ এইবাৰৰ বিধানসভাৰ অধিৱেশনত খিলঞ্জীয়াৰ ভূমিৰ ক্ৰয়-বিক্ৰয়, সংৰক্ষণকে ধৰি ১৩খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব৷ বিধানসভাৰ অধিৱেশনৰ পূৰ্বে বুধবাৰে সন্ধিয়া দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক৷ এই বৈঠকতে বিধানসভাৰ চলিত অধিৱেশনতে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণকে ধৰি কেইবাখনো বিধেয়ক উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰি এক সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্ট ১৮৮৬ত পৃষ্ঠা ১২ সংযোগ কৰি বিধানসভাত এখন বিধেয়ক অনা হ’ব৷ ইয়াৰ দ্বাৰা বৰদোৱা, বৰপেটা, মাজুলীৰ লগতে ৰাজ্যৰ ২৫০ বছৰ পুৰণি ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক স্থানসমূহৰ আশপাশৰ পাঁচ কিলোমিটাৰ পৰ্যন্ত ভূমি সংৰক্ষিত কৰা হ’ব৷



মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ মাজুলীখনকে সংৰক্ষণৰ অধীনত সামৰি লোৱা হ’ব৷ প্ৰথম অৱস্থাত বৰপেটা, বৰদোৱা আৰু মাজুলীক আইনৰ অধীনত সামৰি লোৱা হ’ব৷ এই স্থানত তিনিটা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব৷ ন্যায়াধিক বিপ্লৱ শৰ্মাই দিয়া পৰামৰ্শ অনুসৰি তেওঁলোক ১৯৫১ চনৰ পৰা বাস কৰা লোক হ’ব লাগিব৷ বৰদোৱা, বৰপেটাত ১৯৫১ চনত কোনো মুছলমান লোকে বাস কৰা নাছিল৷ গতিকে তেওঁলোকে স্বাভাৱিকতে মাটিৰ ক্ৰয়-বিক্ৰয়ৰ অধিকাৰ নাপাব৷ আঢ়ৈশ বছৰ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহক আইকনিক ষ্ট্ৰাকছাৰ হিচাপে গণ্য কৰি এই নতুন আইন অনা হৈছে৷ একেদৰে আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্ট ১৮৮৬ ৰ ছেপ্টাৰ ১০ত এক নতুন সংযোজন কৰি ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত থকা ৮০ শতাংশ এছ টি, এছ চি লোক থকা লোকৰ মাটিৰ অধিকাৰৰ বাবে মাইক্ৰ ট্ৰাইবেল বেল্ট অনা হ’ব৷ ইয়াৰ দ্বাৰা সংশ্লিষ্ট অঞ্চলত তেওঁলোকক মাটিৰ অধিকাৰ দিয়া হ’ব৷ গোপীনাথ বৰদলৈৰ দিনত অসম লেণ্ড ৰেভিনিউ এক্টত ১০ সংযোজন কৰি অনুসূচিত জাতি আৰু জনজাতিৰ বাবে ট্ৰাইবেল বেল্ট ব্লকৰ সৃষ্টি কৰা হৈছিল৷ মাইক্ৰ ট্ৰাইবেল বেল্ট গঠনৰ বাবে ৰাইজৰ পৰা আবেদন কৰা হ’ব আৰু ডাঃ ৰণোজ পেগু, উৰ্খাও গৌড়া ব্ৰহ্ম আৰু পীয়ুষ হাজৰিকাৰ নেতৃত্বত এই সন্দৰ্ভত এখন কেবিনেট উপসমিতি গঠন কৰি দিয়া হৈছে৷ দুই অক্টোবৰৰ পৰা ৰাজ্যত মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ গুৱাহাটীত মাটিৰ চৰকাৰী পট্টা লাভ কৰা যিসকল লোকে উচ্ছ প্ৰিমিয়ামৰ বাবে মাটি ম্যাদী কৰিব পৰা নাছিল তেওঁলোকৰ বাবে কেবিনেটে প্ৰিমিয়াম কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই কম প্ৰিমিয়াম নিৰ্ধাৰণ কৰিবৰ বাবে মন্ত্ৰী যোগেন মহন আৰু অশোক সিংঘালৰ নেতৃত্বত কেবিনেটে আন এখন কমিটী গঠন কৰি দিয়ে৷’ কেবিনেটৰ আন সিদ্ধান্তৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়– ‘বাল্য বিবাহ প্ৰতিৰোধৰ বাবে মুছলিম বিবাহ পঞ্জীয়ন প্ৰক্ৰিয়াটোৰ কিছু সংশোধন অনা হৈছে৷ এতিয়াৰে পৰা কাজিৰ পৰিৱৰ্তে উপ-পঞ্জীয়কৰ দ্বাৰা মুছলমান বিবাহ পঞ্জীয়ন হ’ব৷ কেবিনেটে নৃত্য পটিয়সী সোণাল মানছিঙলৈ ২০২৩ বৰ্ষৰ শংকৰদেৱ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে প্ত,২৪২ গৰাকী জীৱিকা সখিক স্কুটি প্ৰদান, অৰুণোদয়ত নতুনকৈ ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীৰ অন্তৰ্ভুক্তিৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ ইফালে আজি ৰাজ্য উপসভাৰ উপনিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত বিজেপিৰ দুই প্ৰাৰ্থী ক্ৰমে ৰামেশ্বৰ তেলী আৰু মিছনৰঞ্জন দাসে অসম বিধানসভাৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিয়ে তেওঁলোকক সংগ দিয়ে৷

শিক্ষাৰ্থীলৈ ঋণ, হ’ব নতুন উৰণসেতু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : কৃত্ৰিম বানে জুৰুলা কৰা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত নিৰ্মাণ হ’ব উৰণসেতু৷ ইতিমধ্যে উক্ত স্থানত উৰণসেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ উৰণসেতুৰ বাবে পৰীক্ষামূলক পাইলিঙৰ কাম কৰি থকা হৈছে৷ লোকনিৰ্মাণ বিভাগে উৰণসেতু নিৰ্মাণৰ বাবে মাটিৰ পৰীক্ষা আৰম্ভ কৰিছে৷ উল্লেখ্য, এজাক সাধাৰণ বৰষুণতে বুৰ যায় ৰুক্মিণীগাঁও অঞ্চল৷ ফলত খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত অভাৱনীয় যান-জঁট হয়৷ দুৰ্ভোগ ভুগিবলগীয়া হয় অসংখ্য লোকে৷ ইফালে, ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষাৰ্থীৰ উচ্ছ শিক্ষাৰ সপোনৰ বাস্তৱিক সমৰ্থন দিয়াৰ লক্ষ্য লৈ মুকলি কৰিছে অভিনন্দন শিক্ষা ঋণ সাহায্য আঁচনি ২.ঙ্ম৷ প্ৰতিগৰাকী যোগ্য বিবেচিত শিক্ষাৰ্থীক সৰ্বাধিক ৫০ হাজাৰ টকাৰ ৰাজসাহায্য দিয়া হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে সদৰী কৰে এই কথা৷ এই আঁচনিৰ সেইসকল যোগ্য বিবেচিত হ’ব যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা, ৰাজ্যত বা বাহিৰত উচ্ছ শিক্ষা লাভ কৰি আছে৷ আঁচনিখনৰ অধীনত সুবিধা লাভ কৰাৰ বাবে অনুমোদিত নূ্যনতম শিক্ষা ঋণৰ পৰিমাণ হ’ব ২ লাখ টকা৷ এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে সুবিধা লাভা কৰিব পাৰিব৷ বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান-সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহ’ব৷ বেংকৰ দ্বাৰা অনা-কাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰা অৰ্থাৎ এন পি এ ঘোষিত যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহ’ব৷ এই আঁচনিৰ বাবে শিক্ষক দিৱসৰ দিনা অৰ্থাৎ প্ত ছেপ্টেম্বৰত অনলাইন প’ৰ্টেল মুকলি কৰা হ’ব৷