Logo
image

যাদৱ পায়েঙৰ অৰণ্যত সোমাল চোৰ, গছ কাটি তহিলং

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ আগষ্ট : ব্ৰহ্মপুত্ৰৰ মৰুভূমিসদৃশ বালিচৰত গছৰুই অৰণ্য সৃষ্টি কৰা ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ অতি মৰমৰ মোলাই কাঠনি হাবিত এতিয়া হাত পৰিল চোৰ তথা চোৰাং কাঠ ব্যৱসায়ীৰ৷ ব্ৰহ্মপুত্ৰৰ অতি দুৰ্গম তথা কাৰ্তিক চাপৰিৰ মোলাই কাঠনিৰপৰা বনদস্যুৱে ১০জোপাকৈ প্ৰকাণ্ড প্ৰকাণ্ড শিমলু গছ কাটি নিয়া ঘটনাই সেউজ মানৱ যাদৱ পায়েঙক ব্যথিত কৰি তুলিছে৷ ২০১২ চনৰ ২২ এপ্ৰিলত ‘অৰণ্য মানৱ’ হিচাপে ভাৰত চৰকাৰৰপৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এইজন প্ৰকৃতিপ্ৰেমীয়ে ১৯৭৯চনৰপৰা ব্ৰহ্মপুত্ৰৰ বালিচৰত বিভিন্নধৰণৰ গছৰুই অভিলেখ সৃষ্টি কৰিছে৷ ‘অৰণ্য মানৱ’জনৰ এই হাবিখনত প্ৰায় ৫৫০হেক্টৰ ভূমিত সেউজীয়া গছ-গছনি আছে বুলি আজি যাদৱ পায়েঙে জানিবলৈ দিয়াৰ লগতে ১৮আগষ্টৰ নিশা ভটভটী নাৱেৰে অহা বনদস্যুৱে তেওঁৰ তথা মোলাই হাবিৰ ১০জোপাকৈ ৪০-৪২বছৰীয়া প্ৰকাণ্ড প্ৰকাণ্ড শিমলু গছ কাটি নিয়ে বুলি কয়৷ ব্ৰহ্মপুত্ৰৰে অহা এই বনদস্যুৱে তেওঁৰ হাবিত থকা গড় নিধন কৰিবলৈ আহি গড় মাৰিব নোৱাৰি এনেদৰে মূল্যবান গছকেইজোপাকে কাটি নিয়ে বুলি খেদ প্ৰকাশ কৰে৷



ইফালে কাৰ্তিক চাপৰিৰ এই গছকটা অঞ্চলটোত আজি মাজুলীৰ বন বিভাগে পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়৷ মাজুলীৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী জয়ৰাম বৰুৱাই কয় যে কাৰ্তিক চাপৰি যদিও মাজুলী জিলাত পৰে আচলতে এই দুৰ্গম অঞ্চলটো যোৰহাট আৰু গোলাঘাটৰহে সীমামুৰীয়া৷ গড়মূৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাৰ্তিক চাপৰিত এটা বন শিবিৰ নথকাৰ বাবেই আৰু মাজুলীৰপৰা বহুদূৰত অঞ্চলটো হোৱাৰ বাবে মাজুলীৰ বন বিভাগে অৰণ্য মানৱ যাদৱ পায়েঙৰ জংঘলখন চোৱা-চিতা কৰাত অসুবিধাৰ সৃষ্টি হৈছে বুলিও তেওঁ কয়৷ এই অঞ্চলটো আচলতে ককিলামুখ বন খণ্ড আৰু নিমাতী বন খণ্ডৰহে সমীপত আৰু গৰু মহৰ খুঁটিৰ গইনা লৈ একাংশ দুবৃৰ্ত্তই এনে ঘটনা কৰা বুলিও বন সংমণ্ডল প্ৰাধিকাৰীজনে সন্দেহ ব্যক্ত কৰে৷ কাৰ্তিক চাপৰিলৈ যাবলৈ হ’লে মাজুলীৰ বন বিষয়া-কৰ্মচাৰীসকলে সেই চাপৰিত বাস কৰা লোকৰ ঘৰত থাকি কৰ্তব্য সম্পাদন কৰিবলগা হয় বুলি তেওঁ ব্যক্ত কৰে৷ কাজিৰঙাৰপৰা সোমাই অহা গড়, হাতী আদিয়ে প্ৰায়ে কাৰ্তিক চাপৰিৰ ঘন জংঘলত আশ্ৰয়গ্ৰহণ কৰে আৰু সেই জীৱ-জন্তুসমূহক সুৰক্ষা দিয়াৰ বাবে বন বিভাগৰ হাতত পৰ্যাপ্ত নাও-বন বিষয়া-কৰ্মচাৰীৰ অভাৱ বুলিও উচ্ছপদস্থ বন বিষয়াজনে অসহায়তা প্ৰকাশ কৰে৷ অৱশ্যে আজি উক্ত স্থানলৈ মাজুলীৰ গড়মূৰৰ আঞ্চলিক বন বিষয়া অভিজিৎ দলেৰ নেতৃত্বত এটা দল সেই স্থানলৈ যোৱা বুলি সদৰি কৰে বন বিষয়াজনে৷ উল্লেখনীয় কথা যে ব্ৰহ্মপুত্ৰৰ এই কাৰ্তিক চাপৰিত অৰণ্য মানৱ যাদৱ পায়েঙে সৃষ্টি কৰা ‘মোলাই কাঠনি হাবিত’ আছে বিভিন্নপ্ৰকাৰৰ অৰ্কিডকে ধৰি শিমলু, এজাৰ, চেগুন, গমাৰি, ঔটেঙা, ভেলকৰ আদি বিভিন্ন প্ৰজাতিৰ গছ-গছনি৷ মোলাই হাবিত এতিয়া বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু, বিশেষকৈ গড়, হাতী, হৰিণ, বিভিন প্ৰজাতিৰ চৰাই-চিৰিকটি আদিয়ে আশ্ৰয় লোৱা বুলি অৰণ্য মানৱজনে জানিবলৈ দিয়ে৷ এই আপুৰুগীয়া সম্পদসমূহৰ ওপৰত এতিয়া বনদস্যুৰ চকুপৰা বুলিও তেওঁ সদৰি কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷ ১৮আগষ্টৰ নিশা কাটি নিয়া প্ৰকাণ্ড শিমলু গছকেইজোপাৰ গোলাই প্ৰায় প্ত-৬ফুটপৰ্যন্ত হ’ব বুলি অৰণ্য মানৱজনে ব্যক্ত কৰে৷ প্ৰথমবাৰৰ বাবে কাৰ্তিক চাপৰিত বনদস্যুৱে এনে কাৰ্য সংঘটিত কৰিছে বুলিও তেওঁ কয়৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰিও বিশ্বখ্যাত মোলাই হাবিখন সংকোচিত হৈ আহিব ধৰিছে৷ ভাৰত চৰকাৰৰপৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এইজন যাদৱ পায়েঙে ১৯৭৯চনৰ এটা প্ৰৱল বানত ব্ৰহ্মপুত্ৰৰ কাৰ্তিক চাপৰিত শ শ হেক্টৰ বালিচৰত অৰুণাচল, চীন দেশৰপৰা অহা জাবৰৰ দ’ম কাৰ্তিক চাপৰিৰ শুকান বালিচৰত লাগি ধৰিছিল৷ কাৰ্তিক চাপৰিৰ সেই বালিচৰত প্ৰথমে এজোপা-দুজোপাকৈ বাঁহপুলি, গছপুলি, গছৰ ডাল আদি ৰোপণ কৰিছিল যাদৱ পায়েঙে৷ ক্ৰমাগতভাৱে প্ৰায় ডেৰ দশকৰ পাছত চাপৰিটোৰ শ শ হেক্টৰ বালিচৰ একপ্ৰকাৰে বৃহৎ জংঘললৈ ৰূপান্তৰিত হোৱাৰ পাছত ২০১২ চনত ভাৰত চৰকাৰে যাদৱ পায়েঙক ‘অৰণ্য মানৱ’ বঁটাৰে বিভূষিত কৰিছিল৷ এনে এখন সেউজীয়া জংঘলত এতিয়া বনদস্যুৱে চকু দিয়াতো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে৷