Logo
image

দেশজুৰি ইডি কাৰ্যালয় ঘেৰাও কৰিলে কংগ্ৰেছে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ আগষ্ট : হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰহস্যজনক স্থিতি আৰু প্ৰতিবেদনত হিন্দেনবাৰ্গে উত্থাপন কৰা অভিযোগৰ বিষয়ে দেশবাসীক শুদ্ধ তথ্য দিয়াৰ বাবে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে যুটীয়া সংসদীয় কমিটি গঠন কৰাৰ বাবে দাবী জনাই আহিছে৷ একে সময়তে প্ৰৱৰ্তন নিৰ্দেশালয় বা এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিক কেন্দ্ৰীয় চৰকাৰে নিজৰ বহতীয়া সংগঠন হিচাপে বিৰোধী নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই দুস্কাৰ্য্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে বৃহস্পতিবাৰে দেশজুৰি ৰাজ্য সমূহৰ ৰাজধানী চহৰ সমূহত থকা ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গুৱাহাটীৰ জি এছ ৰোডত আয়কৰ ভৱনৰ লগতে থকা ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্য্যসূচীত প্ৰায় পাঁচ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ লয়৷ দিনৰ ১০.৩০ মান বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা ভূপেন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে জি এছ ৰোডৰে সমদল কৰি তাৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত থকা ই ডিৰ কাৰ্যালয়লৈ যায়৷ এই প্ৰতিবাদী সমদলত কংগ্ৰেছ দলৰ লোকসভাৰ দুই সাংসদ প্ৰদু্যৎ বৰদলৈ আৰু ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি দলৰ কেবাজনো বিধায়ক, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি দলৰ কেবাজনো নেতাই ভাগ লয়৷



আনহাতে সমদলত ভাগ লোৱা সকলোৱে বিজেপি মূৰ্দাবাদ, ই ডিক চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা নচলিব, যুটীয়া সংসদীয় কমিটি গঠন কৰক, কংগ্ৰেছ জিন্দাবাদ, বিজেপি হায় হায় ধবনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷ আনকি এই সমদলৰ বাবে সদাব্যস্ত জি এছ ৰোডত ভীষণ যানজটৰ সৃষ্টি হয়৷ এই যানজটৰ বাবে জি এছ ৰোডত বহু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰাৰ লগতে এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ পৰে৷ আৰক্ষী - চি আৰ পি এফৰ বিশাল বাহিনীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিলেও প্ৰথম অৱস্থাত সেই বাধা আঁতৰাই প্ৰতিবাদকাৰী সকল কিছুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হয়৷ সমদলৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ইডিক ব্যৱহাৰ কৰি আহিছে আৰু সমগ্ৰ দেশতে বিৰোধী পক্ষৰ ওপৰত ইডিৰ হেঁচা চলি আছে৷ ইডিক এনে সংবিধান বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকি নিৰপেক্ষভাৱে সংবিধান প্ৰদত্ত অধিকাৰ অনুযায়ী কাম কৰি যাবলৈকো প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছে সকীয়াই দিছে৷ দেশত সংবিধান ৰক্ষাৰ যুঁজ অব্যাহত আছে আৰু তাৰেই অংশ হিচাপে দেশজুৰি ইডি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ সকলো বাধা অতিক্ৰমি ভূপেন বৰাৰ নেতৃত্বত ইডি কাৰ্যালয়ৰ সমুখত উপস্থিত হয় আৰু ইডিৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ তাত কংগ্ৰেছ কৰ্মী সকলে অগণতান্ত্ৰিক কাৰ্যকলাপ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি ধবনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷ উল্লেখ্য যে বৃহস্পতিবাৰে দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰদেশ কংগ্ৰেছ কমিটি সমূহৰ উদ্যোগত ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰা হয়৷ জম্মু কাশ্মীৰত অনুষ্ঠিত কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ভাগ লয়৷ আনকি কেবাখনো ৰাজ্যত কংগ্ৰেছ কৰ্মীৰে সৈতে আৰক্ষীৰ খণ্ড যুদ্ধ হোৱা বুলিও জানিব পৰা গৈছে৷

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ আগষ্ট : হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰহস্যজনক স্থিতি আৰু প্ৰতিবেদনত হিন্দেনবাৰ্গে উত্থাপন কৰা অভিযোগৰ বিষয়ে দেশবাসীক শুদ্ধ তথ্য দিয়াৰ বাবে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে যুটীয়া সংসদীয় কমিটি গঠন কৰাৰ বাবে দাবী জনাই আহিছে৷ একে সময়তে প্ৰৱৰ্তন নিৰ্দেশালয় বা এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিক কেন্দ্ৰীয় চৰকাৰে নিজৰ বহতীয়া সংগঠন হিচাপে বিৰোধী নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই দুস্কাৰ্য্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে বৃহস্পতিবাৰে দেশজুৰি ৰাজ্য সমূহৰ ৰাজধানী চহৰ সমূহত থকা ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গুৱাহাটীৰ জি এছ ৰোডত আয়কৰ ভৱনৰ লগতে থকা ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্য্যসূচীত প্ৰায় পাঁচ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ লয়৷ দিনৰ ১০.৩০ মান বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা ভূপেন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে জি এছ ৰোডৰে সমদল কৰি তাৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত থকা ই ডিৰ কাৰ্যালয়লৈ যায়৷ এই প্ৰতিবাদী সমদলত কংগ্ৰেছ দলৰ লোকসভাৰ দুই সাংসদ প্ৰদু্যৎ বৰদলৈ আৰু ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি দলৰ কেবাজনো বিধায়ক, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি দলৰ কেবাজনো নেতাই ভাগ লয়৷ আনহাতে সমদলত ভাগ লোৱা সকলোৱে বিজেপি মূৰ্দাবাদ, ইডিক চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা নচলিব, যুটীয়া সংসদীয় কমিটি গঠন কৰক, কংগ্ৰেছ জিন্দাবাদ, বিজেপি হায় হায় ধবনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷ আনকি এই সমদলৰ বাবে সদাব্যস্ত জি এছ ৰোডত ভীষণ যানজটৰ সৃষ্টি হয়৷ এই যানজটৰ বাবে জি এছ ৰোডত বহু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰাৰ লগতে এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ পৰে৷ আৰক্ষী - চি আৰ পি এফৰ বিশাল বাহিনীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিলেও প্ৰথম অৱস্থাত সেই বাধা আঁতৰাই প্ৰতিবাদকাৰী সকল কিছুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হয়৷  সমদলৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ইডিক ব্যৱহাৰ কৰি আহিছে আৰু সমগ্ৰ দেশতে বিৰোধী পক্ষৰ ওপৰত ইডিৰ হেঁচা চলি আছে৷ ইডিক এনে সংবিধান বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকি নিৰপেক্ষভাৱে সংবিধান প্ৰদত্ত অধিকাৰ অনুযায়ী কাম কৰি যাবলৈকো প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছে সকীয়াই দিছে৷  দেশত সংবিধান ৰক্ষাৰ যুঁজ অব্যাহত আছে আৰু তাৰেই অংশ হিচাপে দেশজুৰি ইডি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ প্ৰতিবাদকাৰী সকলে  আৰক্ষীৰ সকলো বাধা অতিক্ৰমি ভূপেন বৰাৰ নেতৃত্বত ইডি কাৰ্যালয়ৰ সমুখত উপস্থিত হয় আৰু ইডিৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ তাত কংগ্ৰেছ কৰ্মী সকলে অগণতান্ত্ৰিক কাৰ্যকলাপ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি ধবনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷ উল্লেখ্য যে বৃহস্পতিবাৰে দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰদেশ কংগ্ৰেছ কমিটি সমূহৰ উদ্যোগত ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰা হয়৷ জম্মু কাশ্মীৰত অনুষ্ঠিত কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ভাগ লয়৷ আনকি কেবাখনো ৰাজ্যত কংগ্ৰেছ কৰ্মীৰে সৈতে আৰক্ষীৰ খণ্ড যুদ্ধ হোৱা বুলিও জানিব পৰা গৈছে৷