Logo
image

উত্তপ্ত বিধানসভা, দুবাৰকৈ সদন ত্যাগ ক্ষুব্ধ বিৰোধীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : খিলঞ্জীয়াৰ ভূমি  ক্ৰয়-বিক্ৰয় বিধেয়ক উত্থাপন আৰু স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক মাধমাৰ  শোধাৱা প্ৰসংগক লৈ বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভাৰ মজিয়া৷ দুয়োটা প্ৰসংগত  বিৰোধীৰ উত্তাল প্ৰতিবাদত দীৰ্ঘ সময় ধৰি অচল হৈ পৰে বিধানসভাৰ কাম-কাজ৷ আনকি বিৰোধী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক ঘেৰাও কৰাৰ উপৰি৷ দুয়োটা প্ৰসংগত বিধানসভাৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দুবাৰ সদন ত্যাগ কৰে বিৰোধী কংগ্ৰেছ ইউডিএফ, চিপিআইএম দলৰ বিধায়কসকলে৷ অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে ‘দ্য আছাম লেণ্ড এণ্ড ৰিভিনিউ ৰেজুলেছন (এমেণ্ডমেণ্ট) বিল, ২০২৪’ নামৰ খিলঞ্জীয়াৰ ভূমি ক্ৰয়-বিক্ৰয় বিষয়ক বিধেয়কখন সদনত উত্থাপন কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে৷ বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে মন্ত্ৰী মোহনে অনুমতি বিচৰাৰ পাছতে প্ৰথমে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে৷ লগে লগে ইউ ডি এফ বিধায়ক আমিনুল ইছলাম, নুৰুল হুদা, ভৰত নৰহ, মনোৰঞ্জন তালুকদাৰ আদিয়ে বিধেয়কখন বিধানসভাত উত্থাপনৰ তীব্ৰ  বিৰোধিতা কৰে৷



বিধায়ক আমিনুল ইছলাম, শ্বেৰমান আলী, ভৰত নৰহ, মনোৰঞ্জন তালুকদাৰ আদিয়ে কয়– এইখন সংবিধান বিৰোধী বিধেয়ক৷ জানি শুনি বিধানসভাত এখন সংবিধান বিৰোধী বিধেয়ক উত্থাপন কৰিবলৈ দিব নোৱাৰি৷ কিন্তু বিধানসভাৰ অধ্যক্ষ আকোৰগোজ হৈ থাকে আৰু বিধেয়কখনক লৈ সমালোচনাৰ সময়ত সকলো দলে বক্তব্য ৰাখিবলৈ সুযোগ পাব বুলি কয়৷ কংগ্ৰেছ-ইউডিএফ বিধায়কসকলে বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰিয়ে প্ৰথমে বিধানসভাৰ অধ্যক্ষক ঘেৰাও কৰে৷ তাৰ পাছতো বিধানসভাৰ অধ্যক্ষই বিধেয়কখন সদনত উত্থাপন কৰিবলৈ ৰুলিং দিয়াত বিৰোধী দলসমূহে সদন ত্যাগ কৰে  ৷ইফালে স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক ৰাম টাঙোন শোধোৱা প্ৰসংগত আলোচনা কৰাৰ বাবে বিধানসভাৰ শূন্যকালীন ঘণ্টাত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷ বিধানসভাৰ পৰিচালনাৰ নিয়ম ৫৬ অনুসৰি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি দেবব্ৰত শইকীয়াই কয় – ৰাইজক সৰ্বস্বান্ত কৰা স্মাৰ্ট মিটাৰ সংযোগৰ আঁচনি চৰকাৰে তৎকালীনভাৱে বাতিল কৰিব লাগে ৷ এই বিষয়টো জৰুৰী, ৰাজহুৱা স্বাৰ্থজড়িত বিষয়৷ সদনৰ আজিৰ কাৰ্যসূচী স্থগিত ৰাখি বিষয়টো আলোচনা কৰিব লাগে৷ মন্ত্ৰীয়ে দায়িত্ব পালন কৰা নাই, সৰ্বসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব হৈছে– বিষয়টো জৰুৰী কিয়নো গোটেই অসম তোলপাৰ হৈ আছে৷ তেওঁ বিধানসভাৰ মজিয়াত বিভিন্ন বাতৰি কাকতৰ বাতৰি দাঙি ধৰি কয়–বিদ্যুৎ এটা কনকাৰেণ্ট লিষ্টৰ বিষয়৷ ৰাজ্যৰ স্বাৰ্থত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে, গতিকে কেন্দ্ৰীয় চৰকাৰৰ আইনৰ দোহাই দি স্মাৰ্ট মিটাৰ বাধ্যতামূলক কৰিব নোৱাৰে৷ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি খাদ্য, বাসস্থানৰ লগতো বিদু্যৎ খণ্ডক মৌলিক অধিকাৰৰ শাৰীত ৰাখিছে৷ ভাৰতবৰ্ষত স্মাৰ্ট মিটাৰ যেতিয়া আইন সংশোধন কৰি অনা হ’ল সেই সময়ত ভাৰতবৰ্ষতো ক’ভিডৰ পৰিস্থিতিত আছিল৷ আলোচনালৈ নগ’ল৷ গুজৰাটত মাত্ৰ ৫ শতাংশ, মহাৰাষ্ট্ৰত ২২ শতাংশ, তামিলনাডুত ০.৮ শতাংশ, অসমত ৭৯ লাখৰ ভিতৰত ২৫ লাখক স্মাৰ্ট মিটাৰ দিয়া হৈছে৷ স্মাৰ্ট মিটাৰ বিল যোৱা বছৰ জুলাই মাহত যদি ১৫০০ টকা হৈছিল এইবাৰ ২৫০০ টকা হৈছে৷ সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াত বিভিন্নজনে তথ্যসহ বিল দেখুৱাইছে৷ অসমৰ দৰে অন্যান্য ৰাজ্যতো বিক্ষোভ হৈছিল– মহাৰাষ্ট্ৰত ইতিমধ্যে স্মাৰ্ট মিটাৰ আঁতৰ কৰা হৈছে৷ গুজৰাটতো গুজৰাট চৰকাৰে বলপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব বুলি কৈছে৷ মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল বৃদ্ধি পোৱা নাই বুলি কৈছে৷ ইয়াৰ পাছতে বিভিন্নজনে প্ৰমাণ তুলি ধৰিছে৷ ৰিকানেক্ট বা ৰিছাৰ্ছ নকৰিলে বেছি পইচা দিব লাগে৷ কিবা কাৰণত ৰিছাৰ্ছ নকৰিলে ফাইন দিব লাগে৷ বিৰোধী দলপতিৰ বক্তব্যৰ পাছত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম৷ গৰমৰ দিনত মানুহে ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক৷ যিসকলে স্মাৰ্ট ইছু্যটো আনিব মই তেওঁলোকক এটা কথাই অনুৰোধ কৰিম যে এই বছৰৰ আৰু আগৰ দুবছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ আহক, তেতিয়া জলজল পটপটকৈ বিষয়টো ওলাই যাব৷ স্মাৰ্ট মিটাৰৰ পৰা যদি বিল বাঢ়িছে তেতিয়া ওলাই পৰিব৷ তেওঁ কয় যে গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে৷ টিভি ব্যৱহাৰ কৰে, ফেন ব্যৱহাৰ কৰে৷ গতিকে গৰম দিনত বিদু্যতৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক৷ কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই৷ আগৰৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু তাৰ আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু এই বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই- এই তিনিটা বছৰৰ চ্ছ্ৰটা মাহৰ বিল লৈ আহি যদি বিল বৃদ্ধি হৈছে দেখুৱাই দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আমাক যদি দেখুৱাই দিব পাৰে যে বিল অস্বাভাৱিকভাৱে বাঢ়ি গৈছে, তেতিয়া নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম৷ মন্ত্ৰী হাজৰিকাই উত্তৰ দিয়াৰ লগে লগে হুলস্থলীয়া পৰিস্থিতি সৃষ্টি কৰে বিৰোধী বিধায়কসকলে৷ স্মাৰ্ট মিটাৰ বন্ধ কৰক, স্মাৰ্ট মিটাৰৰ দ্বাৰা ডকাইতি নচলিব আদি শ্লোগান দিয়াৰ উপৰি স্মাৰ্ট মিটাৰ বন্ধ কৰক বুলি লিখা পোষ্টাৰ লৈ বিধানসভাৰ অধ্যক্ষৰ ওচৰলৈ যায় বিৰোধী বিধায়সকলে৷ দীৰ্ঘ সময় ধৰি বিৰোধী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক ঘেৰাও কৰি ৰাখে যদিও অধ্যক্ষই চলাই যায় বিধানসভাৰ কাম-কাজ৷ পাছত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে৷ ইফালে বিধায়ক অখিল গগৈয়ে সদনৰ বাহিৰত হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন চলোৱা কাৰ্যৰ প্ৰতিবাদ কৰে৷