Logo
image

২৭ আগষ্টত পুনৰ হাজাৰ কোটি টকা ঋণ ল’ব দিছপুৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ আগষ্ট : ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে দিছপুৰ৷ মাত্ৰ এপষেকৰ ব্যৱধানতে দ্বিতীয় বাৰলৈ ৰ,০০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে৷ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ২৭ আগষ্টত উক্ত এহেজাৰ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে৷ ১৫ বছৰৰ বাবে ষ্টক নিলাম অৰ্থাৎ প্ৰতিভূতি জমা বিক্ৰীৰ বাবে বুধবাৰে ৰিজাৰ্ভ বেংকে নিবিদা আহ্বান কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অসম চৰকাৰে বিগত ২৩ জুলাইত ১,০০০ কোটি টকা আৰু বিগত ৭ আগষ্টত অতিৰিক্ত ১,০০০ কোটি টকা ঋণ লৈছিল৷ নক’লেও হ’ব যে অসম চৰকাৰে বিত্তীয় সংকটৰ বাবেই বাৰে বাৰে ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিত্ত বিভাগৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ প্তটা মাহতে অসম চৰকাৰে এই পৰ্যন্ত প্ৰায় ৫ হাজাৰ কোটি টকা ঋণ লৈছে৷ কাজেই অসম চৰকাৰে ২৭ আগষ্টত নতুনকৈ ১,০০০ কোটি টকা ঋণ ল’লে অসম চৰকাৰ ধাৰৰ বোজাৰ পৰিমাণ ৰ লাখ ৫৬ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব৷



তথ্য অনুসৰি বিগত বিত্তীয় বৰ্ষত অসম চৰকাৰে ২০ হাজাৰ কোটি টকা ঋণ লৈছিল৷ একেদৰে চলিত বিত্তীয় বৰ্ষৰ ৪ এপ্ৰিলত ১,০০০ কোটি টকা, ৩০ এপ্ৰিলত ১,০০০ কোটি টকা, ২৮ মে’ত ১,০০০ কোটি টকা, ২৩ জুলাইত ১,০০০ কোটি টকা আৰু ৭ আগষ্টত ১,০০০ কোটি টকা ৰিজাৰ্ভ বেংকৰ জৰিয়তে ঋণ লোৱাৰ উপৰি বিগত ৮ জুনত কেবিনেট বৈঠকত নাবাৰ্ডৰ পৰা অতিৰিক্ত ৬৩৪.৫৩ কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ৰাজকোষ উদং হৈ পৰা ৰাজ্য চৰকাৰে একমাত্ৰ অৰুণোদয় হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবেই ঋণ লোৱা বুলিও চৰ্চা চলিছে৷ ভোট বেংকৰ স্বাৰ্থত অৰুণোদয় হিতাধিকাৰীৰ সন্তুষ্ট কৰি ৰখাৰ বাবে অসম চৰকাৰে মাহে ৩৮৫.২৭ কোটি টকাকৈ ব্যয় কৰি আহিছে৷ বৰ্তমান প্ৰায় ৮৪ লাখ হিতাধিকাৰীক অৰুণোদয়ৰ আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে যদিও অচিৰেই অতিৰিক্ত ২০ লাখ হিতাধিকাৰী সৃষ্টি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ তদুপৰি নিযুত মইনা হিতাধিকাৰী আঁচনিৰ লগতে ৩০ হাজাৰ যুৱক-যুৱতীক ৰ লাখ টকাকৈ সাহায্য প্ৰদানৰো আন এক হিতাধিকাৰী আঁচনি ঘোষণা কৰিছে চৰকাৰে৷ স্বাভাৱিকতেই এই সকলক হিতাধিকাৰীৰ সাহায্য দিয়াৰ বাবেই বাৰে বাৰে ঋণ ল’বলগীয়া হোৱা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে৷