Logo
image

এচিডিটিৰ পৰা হাত সাৰিবলৈ নিশাৰ আহাৰ সোনকালে খাওক

কৰ্ম ব্যস্ততা আৰু যি টি খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুড হওক কিম্বা হোটেলৰ খাদ্যলৈকে শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই পোৱা নাযায়৷ তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায় নহয়েই৷ ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাব লাগি থাকে৷  সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়৷ এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়– 

১) অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ 

২) অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷ 

৩) বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷ 

৪) অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷

৫) নিশাৰ খাদ্য সোনকালে খাওক৷ 

৬) খোৱাৰ লগে লগে শুই নপৰিব৷ 

৭) ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷  

৮) মানসিক চাপ সদায় দূৰৈত ৰাখিব৷ 


৯) ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ 

১০) খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷ 

১১) নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷ 

১২) যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷ 

১৩) খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷ 

১৪) ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷ 

১৫) ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি  ফল নিয়মীয়াকৈ খাব পাৰে৷ ইয়াৰোপৰি আমলখি যিমান ইচ্ছা [গুড়ি, কেঁচা কিম্বা ৰস] খোৱা উচিত৷ 

১৬) যষ্ঠীমধুৱে এচিডিটিৰ সমস্যা সহজে দূৰ কৰে৷ 

১৭) এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷