Logo
image

সুখী ৰাষ্ট্ৰৰ শীৰ্ষত ফিনলেণ্ড, ১৩৯ স্থানত ভাৰত

তালিকাৰ শেষত আফগানিস্তান, ১০১নং ক্ৰমত বাংলাদেশ, ১০৫সংখ্যক স্থানত পাকিস্তান

আমাৰ অসম, ২১ মাৰ্চঃ বিশ্বৰ সুখী ৰাষ্ট্ৰৰ তালিকাত শীৰ্ষত স্থান লাভ কৰিছে ফিনলেণ্ডে৷ ইয়াৰ বিপৰীতে ভাৰতৰ স্থান ১৩৯ নম্বৰত৷ উল্লেখ্য যে ২০১২ চনৰ পৰা ‘ৱল্ডৰ্ হেপীনেছ ৰিপ’ৰ্ট’ আৰম্ভ কৰা হয়৷ এই সমীক্ষাত ১৫৬ খন দেশৰ ৬টা বিষয়ক লৈ তুলনামূলক অধ্যয়ন চলোৱা হয়৷ এই বিষয়সমূহ হৈছে– জি ডি পি, সামাজিক সহযোগিতা, সিদ্ধান্ত লোৱাৰ স্বাধীনতা, উদাৰতা আৰু অপৰাধ৷ এইবাৰ ১৪৯ খন দেশক লৈ নৱমবাৰৰ বাবে ‘ৱল্ডৰ্ হেপীনেছ ৰিপ’ৰ্ট’ৰ সমীক্ষা চলোৱা হয়৷ এই সমীক্ষাত ফিনলেণ্ডে বিশ্বৰ আটাইতকৈ সুখী ৰাষ্ট্ৰৰ তালিকাৰ শীৰ্ষস্থান দখল কৰে৷ য’ত ভাৰতৰ স্থান শেষৰ পিনে অৰ্থাৎ ১৩৯ নম্বৰত৷ আচৰিত যে তালিকাখনত ভাৰততকৈ আগত উল্লেখ হৈছে পাকিস্তানৰ নাম৷ পাকিস্তানে ১০৫ নং ক্ৰমত স্থান পোৱাৰ বিপৰীতে বাংলাদেশে আকৌ ১০১ নং ক্ৰমত স্থান লাভ কৰিছে৷ অৰ্থাৎ ভাৰততকৈ বাংলাদেশ আৰু পাকিস্তান সুখী ৰাষ্ট্ৰ৷ তালিকাখনৰ একেবাৰে শেষত উল্লেখ হৈছে যুদ্ধ বিধবস্ত আফগানিস্তানৰ নাম৷