Logo
image

বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব পশু চিকিৎসা মহাবিদ্যালয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : খিলঞ্জীয়াৰ ভূমি ক্ৰয়-বিক্ৰয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় বিধেয়কক ধৰি বৃহস্পতিবাৰে বিধানসভাত ১০খন বিধেয়ক উত্থাপন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ  সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই উত্থাপন কৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সংৰক্ষণ বিধেয়ক আৰু অসমৰ চৰকাৰী ভাষা সংশোধনী বিধেয়ক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰে খিলঞ্জীয়াৰ ভূমি ক্ৰয়-বিক্ৰয় বিষয়ক দুখন বিধেয়কৰ উপৰি আছাম ৰিপিলিং বিল৷ মন্ত্ৰী অতুল বৰাই উত্থাপন কৰে আছাম ভেটেৰিনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটী বিল, ২০২৪৷


মন্ত্ৰী বৰাই এই বিধেয়ক উত্থাপন কৰাৰ পাছতেই স্পষ্ট হৈ পৰিল যে অচিৰেই বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব পশু চিকিৎসা মহাবিদ্যালয়৷ মীন মহাবিদ্যালয়কো সামৰি হ’ব পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই উত্থাপন কৰে দ্য আছাম স্কীল ইউনিভাৰ্চিটী (এমেণ্ডমেণ্ট) বিল, ২০২৪, দ্য মৰাণ অটোনোমাছ কাউন্সিল (এমেণ্ডমেণ্ট) বিল আৰু দ্য মটক অটোনোমাছ কাউন্সিল এমেণ্ডমেণ্ট) বিল ২০২৪, মন্ত্ৰী অশোক সিংঘলে উত্থাপন কৰে দ্য আছাম আৰবান ৱাটাৰ বডিজ (প্ৰিভেনছন এণ্ড কনজাৰেভেছন) বিল৷