Logo
image

আইন-শৃংখলা ৰক্ষাত চূড়ান্ত ব্যৰ্থ অসম চৰকাৰ ! অখিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : ৰাজ্যত আইন-শৃংখলা পৰিস্থিতিৰ ব্যপক অৱনতি হোৱা বুলি বিধানসভাত সভাস্থগিত প্ৰস্তাৱ আনিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ শিৱসাগৰত পাঞ্জা খেলুৱৈ জিমি দাসক আক্ৰমণৰ ঘটনাৰ প্ৰসংগ টানি আনি ৰাজ্যত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱা বুলি অখিল গগৈয়ে দাবী কৰে৷ সদনত অখিল গগৈয়ে কয়– ‘১৮ বছৰতকৈ কম বয়সীয়া ছাত্ৰী, ৰাষ্ট্ৰীয়  পৰ্যায়ৰ গ’ল্ড মেডেল প্ৰাপক পাঞ্জা খেলুৱৈ জিমি দাসক ১৩ আগষ্টত আক্ৰমণ কৰাৰ পাছতো ১৪ আগষ্ট পৰ্যন্ত আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰিলে৷ ১৪ আগষ্টৰ দিনা ৩০টা সংগঠনৰ নেতৃত্বই প্ৰতিবাদ কৰাৰ পাছতহে আবেলিলৈ আক্ৰমণকাৰী অৰুণ লাহতী আৰু মনোজ পোদ্দাৰক গ্ৰেপ্তাৰ কৰে৷



পুলিচে গ্ৰেপ্তাৰ কৰাৰ বাহিৰে আন একো পদক্ষেপ গ্ৰহণ নকৰিলে৷ তাৰ পাছতেই ইয়াক লৈ বহু ডাঙৰ ডাঙৰ ঘটনা ঘটিল৷ অসমতে খিলঞ্জীয়া যুৱতীৰ নিৰাপত্তা নাইকীয়া হ’ল, পাছত গোটেই ঘটনাটো বহিৰাগত আৰু খিলঞ্জীয়া– এনেকুৱা পৰ্যায় পালেগৈ৷’ ৰাজ্যত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি তথা আইনবিহীন অৱস্থা হোৱাৰ অভিযোগ তুলি অখিল গগৈয়ে পুনৰ কয়– ‘দুমাহত ২২গৰাকী গাভৰু ধৰ্ষিতা বা নিৰ্যাতিতা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে৷ আলফাই একেদিনাই ২৫ স্থানত বোমা স্থাপন কৰি গ’ল৷ এইটোৱে প্ৰমাণ কৰে যে গৃহমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ সেয়েহে আজি বিধানসভাৰ আন সকলো কাৰ্যসূচী বাতিল কৰি কেৱল আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভতে আলোচনা কৰিব লাগে৷ কিন্তু অখিল গগৈৰ এই সভাস্থগিত প্ৰস্তাৱ অধ্যক্ষই খাৰিজ কৰে৷ অখিল গগৈৰ সভাস্থগিত প্ৰস্তাৱ সন্দৰ্ভত মস্কৰা কৰি সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– ‘শিৱসাগৰৰ ঘটনাটো দুয়োপক্ষৰ বুজাবুজিৰ ভিত্তিত নিষ্পত্তি হৈছে৷ সেই কথাটো পুনৰ খুচৰি কটা ঘাঁত চেঙা তেল দিব নালাগে৷ চেঙা, ধুবুৰীলৈ দৌৰি যোৱা অখিল গগৈয়ে নিজৰ সমষ্টিৰ আক্ৰমণৰ বলি হোৱা ছোৱালীজনীৰ খবৰ ল’বলৈ এবাৰো নগ’ল৷ এয়াই তেওঁৰ সমষ্টিবাসীৰ প্ৰতি দায়বদ্ধতা৷ শিৱসাগৰত দুদিনকৈ প্ৰতিবাদ হওঁতে অখিল গগৈ ক’ত আছিল৷ নিজৰ সমষ্টিতে ইমান ডাঙৰ ঘটনা হোৱাৰ পাছতো অখিল গগৈ এবাৰো নগ’ল৷ মোৰ সমষ্টিত হোৱা হ’লে মই দৌৰি গ’লোঁহেঁতেন৷’